--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ২৯ মে'ত আততায়ীৰ গুলীত নিহত হোৱা জনপ্ৰিয় পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত অভিযুক্ত দুগৰাকী গেংষ্টাৰ আজি আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে। পাকিস্তান সীমান্তৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ দূৰত্বত অমৃতসৰৰ কাষত এই সংঘৰ্ষ সংঘটিত হৈছিল। অমৃতসৰৰ কাষৰীয়া অঞ্চল ভাকনা গাঁৱত মুছেৱালা হত্যাত জড়িত পলাতক অভিযুক্ত কেইগৰাকী লুকাই থকাৰ সম্ভেদ পোৱাৰ পাছতে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰিছিল। 

আৰক্ষীৰ দলটোৱে প্ৰথমে অভিযুক্ত কেইজনক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়ে যদিও দুয়োগৰাকী অভিযুক্তই আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। এই আক্ৰমণৰ পিছতে আৰক্ষীয়েও দুই গেংষ্টাৰৰ ওপৰত প্ৰতিআক্ৰমণ কৰে। আৰক্ষীৰ গুলীত জগৰূপ সিং ৰূপা নামৰ গেংষ্টাৰ গৰাকী প্ৰথমে নিহত হয়। কিন্তু আনগৰাকী অভিযুক্ত মনপ্ৰীত সিং ওৰফে মান্নু কুছাই অকলেই আৰক্ষীৰ ওপৰত গুলীচালনা অব্যাহত ৰাখে। 

প্ৰায় চাৰি ঘণ্টা জোৰা সংঘৰ্ষৰ পিছত আবেলি প্ৰায় ৪ বজাত আৰক্ষীৰ গুলীত মান্নু কুছাইৰ মৃত্যু হয়। আনহাতে এই ভয়াৱহ সংঘৰ্ষত তিনিগৰাকী আৰক্ষী জোৱানো আহত হৈছে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে জানিবলৈ দিছে। লগতে সংঘৰ্ষৰ লাইভ কভাৰেজ কৰি থকা এটা নিউজ চেনেলৰ ফটো সাংবাদিক এগৰাকীৰ সোঁ ভৰিত গুলী লাগিছে বুলি জানিব পৰা গৈছে।

সংঘৰ্ষৰ শেষৰফালে পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱো ঘটনাস্থলীত উপস্থিত হৈছিল। আনহাতে পঞ্জাৱ আৰক্ষীৰ এণ্টি-গেংষ্টাৰ টাস্ক ফ'ৰ্চৰ মুৰব্বী এডিজিপি প্ৰমোদ বানে সাংবাদিকৰ আগত দিয়া ভাষ্য অনুসৰি ঘটনাস্থলীৰ পৰা এটা একে-৪৭ ৰাইফল, এটা পিষ্টল আৰু বৃহৎ সংখ্যক গুলী উদ্ধাৰ কৰা হৈছে।

ইতিমধ্যে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত অভিযুক্ত আঠগৰাকী শ্বুটাৰৰ প্ৰায় আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেৱল দীপক মুণ্ডি নামৰ অভিযুক্তজনকহে এইপৰ্যন্ত আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। 

যোৱা ২৯ মে’ত সংঘটিত এই হত্যাকাণ্ডৰ দায়িত্ব ইতিমধ্যে দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈ গোটে স্বীকাৰ কৰিছে। কানাডাস্থিত সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ইতিমধ্যে গোল্ডি ব্ৰাৰে এটা ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ  কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ