--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ২৯ মে'ত আততায়ীৰ গুলীত নিহত হোৱা জনপ্ৰিয় পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত অভিযুক্ত দুগৰাকী গেংষ্টাৰ আজি আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে। পাকিস্তান সীমান্তৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ দূৰত্বত অমৃতসৰৰ কাষত এই সংঘৰ্ষ সংঘটিত হৈছিল। অমৃতসৰৰ কাষৰীয়া অঞ্চল ভাকনা গাঁৱত মুছেৱালা হত্যাত জড়িত পলাতক অভিযুক্ত কেইগৰাকী লুকাই থকাৰ সম্ভেদ পোৱাৰ পাছতে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰিছিল। 

আৰক্ষীৰ দলটোৱে প্ৰথমে অভিযুক্ত কেইজনক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়ে যদিও দুয়োগৰাকী অভিযুক্তই আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। এই আক্ৰমণৰ পিছতে আৰক্ষীয়েও দুই গেংষ্টাৰৰ ওপৰত প্ৰতিআক্ৰমণ কৰে। আৰক্ষীৰ গুলীত জগৰূপ সিং ৰূপা নামৰ গেংষ্টাৰ গৰাকী প্ৰথমে নিহত হয়। কিন্তু আনগৰাকী অভিযুক্ত মনপ্ৰীত সিং ওৰফে মান্নু কুছাই অকলেই আৰক্ষীৰ ওপৰত গুলীচালনা অব্যাহত ৰাখে। 

প্ৰায় চাৰি ঘণ্টা জোৰা সংঘৰ্ষৰ পিছত আবেলি প্ৰায় ৪ বজাত আৰক্ষীৰ গুলীত মান্নু কুছাইৰ মৃত্যু হয়। আনহাতে এই ভয়াৱহ সংঘৰ্ষত তিনিগৰাকী আৰক্ষী জোৱানো আহত হৈছে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে জানিবলৈ দিছে। লগতে সংঘৰ্ষৰ লাইভ কভাৰেজ কৰি থকা এটা নিউজ চেনেলৰ ফটো সাংবাদিক এগৰাকীৰ সোঁ ভৰিত গুলী লাগিছে বুলি জানিব পৰা গৈছে।

সংঘৰ্ষৰ শেষৰফালে পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱো ঘটনাস্থলীত উপস্থিত হৈছিল। আনহাতে পঞ্জাৱ আৰক্ষীৰ এণ্টি-গেংষ্টাৰ টাস্ক ফ'ৰ্চৰ মুৰব্বী এডিজিপি প্ৰমোদ বানে সাংবাদিকৰ আগত দিয়া ভাষ্য অনুসৰি ঘটনাস্থলীৰ পৰা এটা একে-৪৭ ৰাইফল, এটা পিষ্টল আৰু বৃহৎ সংখ্যক গুলী উদ্ধাৰ কৰা হৈছে।

ইতিমধ্যে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত অভিযুক্ত আঠগৰাকী শ্বুটাৰৰ প্ৰায় আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেৱল দীপক মুণ্ডি নামৰ অভিযুক্তজনকহে এইপৰ্যন্ত আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। 

যোৱা ২৯ মে’ত সংঘটিত এই হত্যাকাণ্ডৰ দায়িত্ব ইতিমধ্যে দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈ গোটে স্বীকাৰ কৰিছে। কানাডাস্থিত সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ইতিমধ্যে গোল্ডি ব্ৰাৰে এটা ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ  কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে