--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশ এখনৰ জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰাথমিক চৰ্ত হৈছে মানৱ অধিকাৰৰ সুৰক্ষা। কিন্তু দেশ তথা দেশৰ জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষী বাহিনীৰ দ্বাৰাই জনসাধাৰণৰ এই প্ৰাথমিক নিৰাপত্তাৰ চৰ্ত ভংগ হোৱা তথা  নিৰাপত্তাৰক্ষীৰ দ্বাৰাই সাধাৰণ জনতা নিৰাপত্তাৰ আশংকাত ভোগা কোনো নতুন ঘটনা নহয়। নিৰাপত্তাৰ ৰক্ষাৰ নামত বহুসময়ত নিৰাপত্তাৰক্ষীৰ দ্বাৰা লাঞ্ছনাৰ সন্মুখীন হ’বলগীয়া হয় সাধাৰণ জনতা। এনে ঘটনা বহুসময়ত অৱশ্যে পোহৰলৈ নহাকৈয়ে থাকি যায়। 

সোমবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা বিৱৰণ অনুসৰি ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে ২০১৭ চনৰ পৰা মানৱ অধিকাৰ উলংঘনৰ মুঠ ১১৬ টা অভিযোগ পোৱা গৈছে। প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভট্টই সোমবাৰে প্ৰদান কৰা বিৱৰণৰ তথ্য অনুসৰি এই ১১৬ টা অভিযোগৰে সেনাৰ বিৰুদ্ধে ১০৮ টা অভিযোগ পোৱা গৈছে। আনহাতে ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে এই সময়ছোৱাত ৮ টা অভিযোগ উত্থাপিত হৈছে।

মন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি ২০১৭ চনৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতীয় নৌসেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ কোনো অভিযোগ উত্থাপন হোৱা নাই।ৰাজ্যসভাত অজয় ভট্টই দাঙি ধৰা তথ্যত দেখুওৱা হৈছে যে ২০১৭ চনত ভাৰতীয় সেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ সংখ্যা আছিল ২৯ টা, আনহাতে ২০১৮ চনত অভিযোগৰ সংখ্যা ৪২ টালৈ বৃদ্ধি পায়।

সেইদৰে ২০১৯, ২০২০, ২০২১ চনত  ভাৰতীয় সেনাৰ বিৰুদ্ধে ক্ৰমে ২৬ টা, ৭ টা আৰু ৪ টা মানৱ অধিকাৰ উলংঘনৰ অভিযোগ উত্থাপন হৈছিল।

আনহাতে ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে ২০১৭ চনত এটা আৰু ২০১৯ চনত আন এটা অভিযোগ উত্থাপন হৈছিল। ২০২১ আৰু ২০২২ চনত বায়ু সেনাৰ বিৰুদ্ধে তিনিটাকৈ অভিযোগ সন্মুখলৈ আহে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

মন্ত্ৰী ভট্টই লগতে কয় যে ভাৰতীয় সেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ সমূহ স্থানীয় আৰক্ষী, বিশেষ তদন্ত দল, মানৱ অধিকাৰ আয়োগ, চিবিআই তথা সেনা গোটসমূহৰ উচ্চতম কৰ্তৃপক্ষৰ তদন্তৰ আওতাত পৰে।

মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ প্ৰতিবেদন দাখিল হ’লে  প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ইণ্টিগ্ৰেটেড মুখ্য কাৰ্যালয় আৰু কমাণ্ডৰ মুখ্য কাৰ্যালয়ক তদন্ত কৰাৰ ক্ষমতা দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে দোহাৰে।

আনহাতে ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে উত্থাপিত মানৱ অধিকাৰ উলংঘনৰ অভিযোগ সমূহ প্ৰভোষ্ট মাৰ্শ্বেল (এয়াৰ)ৰ দ্বাৰা তদন্ত কৰা হয়।

সাধাৰণতে সেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ এনে অভিযোগ বহু সময়ত পোহৰলৈ নহাকৈয়ে থাকি যায়। যোৱা পাঁচটা বছৰত সেনাৰ বিৰুদ্ধে যি ১১৬ টা অভিযোগ উত্থাপিত হৈছে বুলি দেখুওৱা হৈছে, প্ৰকৃততে ইয়াৰ সংখ্যা বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ