--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জব্দ কৰা সুৰাৰ বটল চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী থানাৰেই এজন আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ বিৰুদ্ধে। অভিযোগ অনুসৰি জব্দ কৰা সুৰাখিনি থানাত মজুত কৰি ৰখা ঠাইৰ পৰা কেইবাটাও বটল উলিয়াই আনিছে। এই ঘটনাত থানাৰ সহকাৰী উপ-পৰিদৰ্শক আৰু আন চাৰিজন কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে।

গুজৰাটৰ মহিসাগৰ জিলাত সংঘটিত হৈছে এই ঘটনা। কেৱল সুৰাৰ বটলেই নহয়, জব্দ কৰা কেইবাখনো পাখা (টেবুল ফেন) চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে। একেটা সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে সুৰা আৰু ফেন।

জব্দ কৰা সামগ্ৰীসমূহৰ পৰা মুঠ ১২৫টা সুৰাৰ বটল আৰু ১৫টা ফেন চুৰি হয়। থানাৰ চিচিটিভি ফুটেজৰ মাজেৰে গৈ অন্যান্য বিষয়ৰ তদন্ত কৰি কনিষ্টবল আৰু এএছআইক গ্ৰেপ্তাৰ কৰে।

উপ-অধীক্ষক পি এছ ভালবিয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, বাকুৰ থানাৰ পৰা জব্দ কৰা কেইবাটাও সুৰাৰ বটল আৰু ফেন চুৰি হৈছে। সেইসমূহ থানাৰ মহিলা লক-আপত মজুত কৰি ৰাখিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ