--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ৰাজস্থানত এটা শোকাৱহ  দুৰ্ঘটনা সংঘটিত হৈছে। এই  কমেও ছজন আৰক্ষী নিহত হৈছে।দুৰ্ঘটনাটোত  আন দুজন আৰক্ষীৰ লোক  আহত হৈছে। তেওঁলোকৰ মাজৰে এজনৰ পিছত মৃত্যু ঘটে ।  ঘটনাটো দেওবাৰে আবেলি ৰাজস্থানৰ চুৰু জিলাত সংঘটিত হৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাই আছে । তেওঁৰ সমদলৰ বাবে প্ৰশাসনে  বহু  অঞ্চল ঘেৰাও কৰি ৰাখিছে। 

আজি আৰক্ষীৰ এটা দলে  নাগাউৰৰ পৰা ঝুনঝুনালৈ গৈ আছিল। স্থানীয় আৰু প্ৰশাসনিক সূত্ৰ অনুসৰি গাড়ীখনত ৭ জন আৰক্ষীৰ লোক আছিল। গাড়ীখনৰ গতি  বহু বেছি আছিল। মাজ পছতে  এখন  ট্ৰাকে আৰক্ষীৰ গাড়ীখনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰে। সেই সময়তে আৰক্ষীৰ বাহনৰ চালক জনে জোৰেৰে ব্ৰেক মৰাত আৰক্ষীৰ বাহন খনে চ্ৰাক খনৰ পিছপিনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু লুটি খাই পৰে। ঘটনা স্থলীতে পাঁচজন আৰক্ষীৰ  মৃত্যু ঘটে। মৃতসকলৰ মাজৰ এজন এএছআই আছিল। তাত ৩ জন আৰক্ষীৰ জোৱান  আৰু ১ জন কনিষ্টবল আছিল। 


 ঘটনাস্থলীত মৃত্যু হোৱা আৰক্ষীসকলক খিনৱচাৰ আৰক্ষী থানাৰ এএছআই ৰামচন্দ্ৰ, কনিষ্টবল কুম্বাৰাম, সুৰেশ মীনা, থানাৰাম আৰু মহিলা আৰক্ষী থানাৰ কনিষ্টবল মহেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে। খিনৱচাৰ আৰক্ষী থানাৰ হেড কনিষ্টবল সুখাৰাম আৰু আন এজন কনিষ্টবল  আঘাতপ্ৰাপ্ত হৈছিল । তেওলোকক  লগে লগে যোধপুৰলৈ প্ৰেৰণ কৰা হৈছিল। অৱশ্যে, কনিষ্টবল সুখাৰামৰ যোধপুলৈ নিয়াৰ পথতে মৃত্যু ঘটে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পিতৃৰ মৃত্যু, প্ৰেমিকৰ সৈতে মাতৃৰ পলায়ন! নাবালক পুত্ৰই থানাত এজাহাৰ দি ক'লে- সিহঁতে মোক মাৰি পেলাব
ট্রাম্পৰ শুল্কযুদ্ধই কঁপাইছে দেশ, ৰাছিয়াকো সমালোচনা
এই ৩ টা বস্তু হৃদযন্ত্ৰৰ বাবে বৰ উপকাৰী! বহু সমস্যাও আঁতৰত থাকে
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত