--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ৰাজস্থানত এটা শোকাৱহ  দুৰ্ঘটনা সংঘটিত হৈছে। এই  কমেও ছজন আৰক্ষী নিহত হৈছে।দুৰ্ঘটনাটোত  আন দুজন আৰক্ষীৰ লোক  আহত হৈছে। তেওঁলোকৰ মাজৰে এজনৰ পিছত মৃত্যু ঘটে ।  ঘটনাটো দেওবাৰে আবেলি ৰাজস্থানৰ চুৰু জিলাত সংঘটিত হৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাই আছে । তেওঁৰ সমদলৰ বাবে প্ৰশাসনে  বহু  অঞ্চল ঘেৰাও কৰি ৰাখিছে। 

আজি আৰক্ষীৰ এটা দলে  নাগাউৰৰ পৰা ঝুনঝুনালৈ গৈ আছিল। স্থানীয় আৰু প্ৰশাসনিক সূত্ৰ অনুসৰি গাড়ীখনত ৭ জন আৰক্ষীৰ লোক আছিল। গাড়ীখনৰ গতি  বহু বেছি আছিল। মাজ পছতে  এখন  ট্ৰাকে আৰক্ষীৰ গাড়ীখনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰে। সেই সময়তে আৰক্ষীৰ বাহনৰ চালক জনে জোৰেৰে ব্ৰেক মৰাত আৰক্ষীৰ বাহন খনে চ্ৰাক খনৰ পিছপিনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু লুটি খাই পৰে। ঘটনা স্থলীতে পাঁচজন আৰক্ষীৰ  মৃত্যু ঘটে। মৃতসকলৰ মাজৰ এজন এএছআই আছিল। তাত ৩ জন আৰক্ষীৰ জোৱান  আৰু ১ জন কনিষ্টবল আছিল। 


 ঘটনাস্থলীত মৃত্যু হোৱা আৰক্ষীসকলক খিনৱচাৰ আৰক্ষী থানাৰ এএছআই ৰামচন্দ্ৰ, কনিষ্টবল কুম্বাৰাম, সুৰেশ মীনা, থানাৰাম আৰু মহিলা আৰক্ষী থানাৰ কনিষ্টবল মহেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে। খিনৱচাৰ আৰক্ষী থানাৰ হেড কনিষ্টবল সুখাৰাম আৰু আন এজন কনিষ্টবল  আঘাতপ্ৰাপ্ত হৈছিল । তেওলোকক  লগে লগে যোধপুৰলৈ প্ৰেৰণ কৰা হৈছিল। অৱশ্যে, কনিষ্টবল সুখাৰামৰ যোধপুলৈ নিয়াৰ পথতে মৃত্যু ঘটে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক