--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীয়ে হঠাতে গ্ৰেপ্তাৰ কৰিলে অস্কাৰ বিজয়ী অভিনেত্ৰীক। গ্ৰেপ্তাৰ কৰা অভিনেত্ৰীগৰাকীৰ নাম তৰানেহ আলিধুষ্টি। ৩৮ বছৰীয়া অভিনেত্ৰীগৰাকীক 'দ্য চেলছমেন' ছবিখনত দেখা গৈছিল। ছবিখনে ২০১৬ চনত অস্কাৰ লাভ কৰিছিল। তেওঁ  এতিয়ালৈকে বহু জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰিছে।

ইৰাণ চৰকাৰে অস্কাৰ বিজয়ী অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছে। তেওঁ ইৰাণত হিজাব বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।হিজাবৰ বিৰুদ্ধে তেওঁ সামাজিক মাধ্যমত এটা পোষ্টৰদিছিল। সেই পোষ্টটৰ চেলুলৈয়েই  অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। 

আলিধুষ্টিয়ে ৮ ডিচেম্বৰত দিয়া  পোষ্টত লিখিছিল, "আপোনাৰ নীৰৱতা অত্যাচাৰী আৰু অত্যাচাৰকাৰীসকলক সমৰ্থন কৰাৰ সমান।" মন কৰিবলগীয়া যে যিদিনা আলিদুষ্টিয়ে এই  পোষ্টটো কৰিছিল, ইৰাণত চৰকাৰ বিৰোধী আন্দোলনত জড়িত প্ৰথমগৰাকী প্ৰতিবাদকাৰীক  মৃত্যুদণ্ড বিহা হৈছিল। "যিবোৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনে এই অত্যাচাৰ দেখিও নীৰৱে আছে  তেওঁলোকৰ নীৰৱতা  মানৱতাৰ বাবে লজ্জাজনক '' বুলি অভিনেত্ৰীগৰাকীয়ে কৈছিল। 

 ইৰাণৰ আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক হেণ্ডকাফ    পিন্ধাই চোঁচৰাই নিয়ে।আলিধুষ্টি ইৰাণৰ মনোৰঞ্জন জগতৰ এক সুপৰিচিত মুখ। তেওঁ খুব কম বয়সৰ পৰাই অভিনয় কৰি আহিছে। তেওঁৰ শেহতীয়া চলচ্চিত্ৰ 'লেইলাছ ব্ৰাদাৰ' কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।

১৯ বছৰীয়া কিশোৰী মাহশা আমিনীৰ ১৬ ছেপ্টেম্বৰত হিজাব পৰিধান নকৰাৰ বাবে ইৰাণত আৰক্ষীৰ জিম্মাত মৃত্যু হয়। সমগ্ৰ দেশতে এই মৃত্যুৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে। চৰকাৰৰ কঠোৰ আৰু ৰক্ষণশীল নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। 

ইৰাণীত যুৱতীসকলে ৰাজহুৱাকৈ চুলি কাটি আৰু হিজাব জ্বলাই প্ৰতিবাদ কৰিছে। তেতিয়াৰ পৰাই চৰকাৰে শক্তিশালী হাতেৰে বিদ্ৰোহ দমন কৰি আহিছে। মাহছাৰ মৃত্যুৰ পিছৰে পৰা অভিনেত্ৰী আলিধুষ্টিয়েও চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ আহিছে। ফলস্বৰূপে, চৰকাৰেও তেওঁকো এৰি নিদিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’