--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীয়ে হঠাতে গ্ৰেপ্তাৰ কৰিলে অস্কাৰ বিজয়ী অভিনেত্ৰীক। গ্ৰেপ্তাৰ কৰা অভিনেত্ৰীগৰাকীৰ নাম তৰানেহ আলিধুষ্টি। ৩৮ বছৰীয়া অভিনেত্ৰীগৰাকীক 'দ্য চেলছমেন' ছবিখনত দেখা গৈছিল। ছবিখনে ২০১৬ চনত অস্কাৰ লাভ কৰিছিল। তেওঁ  এতিয়ালৈকে বহু জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰিছে।

ইৰাণ চৰকাৰে অস্কাৰ বিজয়ী অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছে। তেওঁ ইৰাণত হিজাব বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।হিজাবৰ বিৰুদ্ধে তেওঁ সামাজিক মাধ্যমত এটা পোষ্টৰদিছিল। সেই পোষ্টটৰ চেলুলৈয়েই  অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। 

আলিধুষ্টিয়ে ৮ ডিচেম্বৰত দিয়া  পোষ্টত লিখিছিল, "আপোনাৰ নীৰৱতা অত্যাচাৰী আৰু অত্যাচাৰকাৰীসকলক সমৰ্থন কৰাৰ সমান।" মন কৰিবলগীয়া যে যিদিনা আলিদুষ্টিয়ে এই  পোষ্টটো কৰিছিল, ইৰাণত চৰকাৰ বিৰোধী আন্দোলনত জড়িত প্ৰথমগৰাকী প্ৰতিবাদকাৰীক  মৃত্যুদণ্ড বিহা হৈছিল। "যিবোৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনে এই অত্যাচাৰ দেখিও নীৰৱে আছে  তেওঁলোকৰ নীৰৱতা  মানৱতাৰ বাবে লজ্জাজনক '' বুলি অভিনেত্ৰীগৰাকীয়ে কৈছিল। 

 ইৰাণৰ আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক হেণ্ডকাফ    পিন্ধাই চোঁচৰাই নিয়ে।আলিধুষ্টি ইৰাণৰ মনোৰঞ্জন জগতৰ এক সুপৰিচিত মুখ। তেওঁ খুব কম বয়সৰ পৰাই অভিনয় কৰি আহিছে। তেওঁৰ শেহতীয়া চলচ্চিত্ৰ 'লেইলাছ ব্ৰাদাৰ' কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।

১৯ বছৰীয়া কিশোৰী মাহশা আমিনীৰ ১৬ ছেপ্টেম্বৰত হিজাব পৰিধান নকৰাৰ বাবে ইৰাণত আৰক্ষীৰ জিম্মাত মৃত্যু হয়। সমগ্ৰ দেশতে এই মৃত্যুৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে। চৰকাৰৰ কঠোৰ আৰু ৰক্ষণশীল নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। 

ইৰাণীত যুৱতীসকলে ৰাজহুৱাকৈ চুলি কাটি আৰু হিজাব জ্বলাই প্ৰতিবাদ কৰিছে। তেতিয়াৰ পৰাই চৰকাৰে শক্তিশালী হাতেৰে বিদ্ৰোহ দমন কৰি আহিছে। মাহছাৰ মৃত্যুৰ পিছৰে পৰা অভিনেত্ৰী আলিধুষ্টিয়েও চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ আহিছে। ফলস্বৰূপে, চৰকাৰেও তেওঁকো এৰি নিদিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক