--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাশ্মীৰক কোৱা হয় দেশৰ ভূস্বৰ্গ। কাশ্মীৰ উপত্যকাৰ ৰূপ-সৌন্দৰ্যই বহু অতীজৰে পৰা দেশবাসীক আকৰ্ষণ কৰি আহিছে। কেৱল দেশবাসীকে নহয়। 

সমগ্ৰ বিশ্বৰ পৰ্যটককে আকৰ্ষণ কৰি আহিছে কাশ্মীৰে। মায়াময় ৰূপ-সৌন্দৰ্যই এতিয়া আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে কাশ্মীৰ ভূখণ্ডক। শীতৰ আগমনৰ লগে লগে প্ৰাণচঞ্চল হৈ উঠিছে কাশ্মীৰ উপত্যকা। 

যিমানেই শীতৰ মাত্ৰা বাঢ়ি আহিছে সিমানেই দৰ্শনীয় হৈ পৰিছে উপত্যকাৰ সৌন্দৰ্য। শুভ্ৰ বৰফৰ চামনিয়ে হাত বাউলি মাতিছে পৰ্যটকক। জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰত কালিৰ দিনটোত তাপমাত্ৰা নামিছিল বিয়োগ ১ ডিগ্ৰী চেলছিয়াছলৈ। 

নিশাৰ ভাগত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত তাপমাত্ৰা শূন্য ডিগ্ৰীৰ তললৈ নামিছে। পৰ্যটকৰ আকৰ্ষণস্থলী পহলগামত তাপমাত্ৰা নামিছে বিয়োগ ৩ দশমিক ৪ ডিগ্ৰী চেলছিয়াছলৈ। আন এখন পৰ্যটনস্থলী গুলমাৰ্গত তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে বিয়োগ ১ ডিগ্ৰী চেলছিয়াছ। 

গেটৱে টাউন ৰূপে পৰিচিত কাজিগাণ্ডত তাপমাত্ৰা প্ৰায় বিয়োগ ১ ডিগ্ৰী চুইছেগৈ। উত্তৰ কাশ্মীৰৰ কুপৱাৰা নগৰত সৰ্বনিম্ন তাপমাত্ৰা শূন্য ডিগ্ৰীৰ তললৈ নামিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা ২৮ নৱেম্বৰলৈ পৰিৱেশ কিছু শুকান হৈ থাকিব। অৱশ্যে আকাশ ডাৱৰে আৱৰি ৰাখিব। 

কিন্তু ২৯ আৰু ৩০ নৱেম্বৰত অধিক পৰিমাণে হিমপাত হোৱাৰ সম্ভাৱনা আছে। তেতিয়া সমগ্ৰ কাশ্মীৰ উপত্যকা অধিক ৰোমাণ্টিক হৈ পৰিব বুলি আশা কৰা হৈছে। এই শীতৰ সময়খিনিতে পৰ্যটকৰ বাবে অতিকৈ আবেদনময়ী হৈ পৰে কাশ্মীৰ উপত্যকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ