--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাশ্মীৰক কোৱা হয় দেশৰ ভূস্বৰ্গ। কাশ্মীৰ উপত্যকাৰ ৰূপ-সৌন্দৰ্যই বহু অতীজৰে পৰা দেশবাসীক আকৰ্ষণ কৰি আহিছে। কেৱল দেশবাসীকে নহয়। 

সমগ্ৰ বিশ্বৰ পৰ্যটককে আকৰ্ষণ কৰি আহিছে কাশ্মীৰে। মায়াময় ৰূপ-সৌন্দৰ্যই এতিয়া আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে কাশ্মীৰ ভূখণ্ডক। শীতৰ আগমনৰ লগে লগে প্ৰাণচঞ্চল হৈ উঠিছে কাশ্মীৰ উপত্যকা। 

যিমানেই শীতৰ মাত্ৰা বাঢ়ি আহিছে সিমানেই দৰ্শনীয় হৈ পৰিছে উপত্যকাৰ সৌন্দৰ্য। শুভ্ৰ বৰফৰ চামনিয়ে হাত বাউলি মাতিছে পৰ্যটকক। জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰত কালিৰ দিনটোত তাপমাত্ৰা নামিছিল বিয়োগ ১ ডিগ্ৰী চেলছিয়াছলৈ। 

নিশাৰ ভাগত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত তাপমাত্ৰা শূন্য ডিগ্ৰীৰ তললৈ নামিছে। পৰ্যটকৰ আকৰ্ষণস্থলী পহলগামত তাপমাত্ৰা নামিছে বিয়োগ ৩ দশমিক ৪ ডিগ্ৰী চেলছিয়াছলৈ। আন এখন পৰ্যটনস্থলী গুলমাৰ্গত তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে বিয়োগ ১ ডিগ্ৰী চেলছিয়াছ। 

গেটৱে টাউন ৰূপে পৰিচিত কাজিগাণ্ডত তাপমাত্ৰা প্ৰায় বিয়োগ ১ ডিগ্ৰী চুইছেগৈ। উত্তৰ কাশ্মীৰৰ কুপৱাৰা নগৰত সৰ্বনিম্ন তাপমাত্ৰা শূন্য ডিগ্ৰীৰ তললৈ নামিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা ২৮ নৱেম্বৰলৈ পৰিৱেশ কিছু শুকান হৈ থাকিব। অৱশ্যে আকাশ ডাৱৰে আৱৰি ৰাখিব। 

কিন্তু ২৯ আৰু ৩০ নৱেম্বৰত অধিক পৰিমাণে হিমপাত হোৱাৰ সম্ভাৱনা আছে। তেতিয়া সমগ্ৰ কাশ্মীৰ উপত্যকা অধিক ৰোমাণ্টিক হৈ পৰিব বুলি আশা কৰা হৈছে। এই শীতৰ সময়খিনিতে পৰ্যটকৰ বাবে অতিকৈ আবেদনময়ী হৈ পৰে কাশ্মীৰ উপত্যকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক