--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ তাৰকাসকলে পাৰফিউম ভাল পায়। পাৰফিউমৰ সুগন্ধ অবিহনে তেওঁলোকৰ সৌন্দৰ্যচৰ্চা আধৰুৱা। বহুকেইজন তাৰকাৰ নিৰ্দিষ্ট ব্ৰেণ্ডৰ পাৰফিউমৰ প্ৰতি আকৰ্ষণ আছে। চাওঁ আহক এই বিষয়ে।

বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ সংগ্ৰহত বিভিন্ন দেশী-বিদেশী ব্ৰেণ্ডৰ সুগন্ধি আছে। কিন্তু শ্বাহৰুখে কেতিয়াও এইবোৰ ব্যৱহাৰ নকৰে, কেৱল সংগ্ৰহহে কৰি ৰাখিছে। শ্বাহৰুখে কেৱল দুটা সুগন্ধি একেলগে ব্যৱহাৰ কৰে। সেই দুটা হৈছে- ডানহিল আৰু ডিপ্টিক। শ্বাহৰুখে ব্যৱহাৰ কৰা সুগন্ধিৰ দাম ১০ হাজাৰ টকাৰ পৰা আৰম্ভ হয়।

দীপিকা পাডুকনে পাৰফিউম ব্যৱহাৰ কৰিবলৈ  কেতিয়াও নাপাহৰে। দীপিকাই মূলতঃ ফ্ৰান্সৰ দুটা কোম্পানী এষ্টি ল’ডাৰ আৰু ৰালফ লৰেনৰ সুগন্ধি ভাল পায়। কিন্তু নায়িকাগৰাকীৰ প্ৰিয় হৈছে এষ্টি ল’ডাৰৰ ‘মডাৰ্ণ মিউজ’। যাৰ দাম প্ৰায় ৯ হাজাৰ টকা।

কেটৰিনা কাঈফৰ সুগন্ধিৰ প্ৰতি আছে এক সুকীয়া প্ৰেম। কোনোবাই সুগন্ধি উপহাৰ দিলে তেওঁ আটাইতকৈ বেছি সুখী হয়। কেটৰিনাই গুচি পাৰফিউম ভাল পায়। ১০০ মিলিগ্ৰাম গুচি সুগন্ধিৰ মূল্য ১২ হাজাৰ টকা।

আলিয়া ভাটৰ সুগন্ধিৰ সংগ্ৰহ আচৰিতজনক। আপুনি হয়তো জানি আচৰিত হ’ব যে আলিয়াই পুৰুষৰ সুগন্ধি বেছি পছন্দ কৰে। কিন্তু আলিয়াই ব্যৱহাৰ কৰে ‘ব্লু ডি চেনেল’ নামৰ ফৰাচী সুগন্ধি। যাৰ দাম প্ৰায় ১০,৫০০ টকা।

প্ৰিয়ংকা চোপ্ৰা বহুতৰে বাবে ‘ষ্টাইল আইকন’। কাপোৰৰ পৰা আৰম্ভ কৰি জোতালৈকে সকলো প্ৰিয়ংকাই নিজে কিনি লয়। শ্বুটিংৰ বাবে তেওঁ পৃথিৱীৰ যিসমূহ ঠাইলৈ যায়, উভতি অহাৰ পথত তেওঁ সুগন্ধি কিনি আনে।প্ৰিয়ংকাৰ প্ৰিয় সুগন্ধি ‘ট্ৰাচাৰ্ডি ড’না’। যাৰ দাম ৫ হাজাৰ টকাৰ ওচৰ চপা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?