--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একো হোৱা নাই, সম্পূৰ্ণ সুস্থভাৱেই আছে অভিনেতা সঞ্জয় দত্ত। তেওঁ নিজেই এই কথা ক’লে। বুধবাৰে কানাড়া ছবি ‘কে ডি’ৰ চেটত বোমা বিস্ফোৰণত তেওঁ গুৰুতৰভাৱে আহত হোৱাৰ খবৰে শিৰোনাম দখল কৰে। অনুৰাগীসকল আতংকিত হৈ পৰিল।

কিন্তু সেই খবৰটো ভুৱা, সঞ্জয়ে পাছত এইদৰে কয়। তেওঁৰ ভাষাত "এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন!"

বাংগালুৰুৰ আশে-পাশে থকা অঞ্চলত ছবিৰ শ্বুটিং চলি আছিল। বাতৰি পোৱা গৈছিল যে সেই সময়তে হঠাতে হোৱা বিস্ফোৰণত অভিনেতাজন আহত হয়। লগতে তেওঁৰ হাত, কঁকাল আৰু মুখত আঘাত পোৱা বুলি জানিব পৰা গৈছিল। ইয়াৰ পিছতে ছবিখনৰ শ্বুটিং বন্ধ হৈ পৰে বুলিও কোৱা হৈছিল।

অৱশেষত এই খবৰ বিয়পি পৰাৰ লগে লগে সঞ্জয়ে নিজেই ছ’চিয়েল মিডিয়াত এটা বাৰ্তা প্ৰেৰণ কৰে। তেওঁ লিখিছে, ‘মই আঘাত পোৱাৰ খবৰ দেখিছো। সকলোকে আশ্বস্ত কৰি দিওঁ, এই খবৰ ভিত্তিহীন। একো হোৱা নাই। ঈশ্বৰৰ কৃপাত মই সম্পূৰ্ণ সুস্থ হৈ আছো।”

সঞ্জয়ে লগতে কয় যে ‘কে ডি’ৰ শ্বুটিঙৰ সময়ত তেওঁক অতিৰিক্ত যত্নত ৰখা হৈছিল। তেওঁৰ মতে, “মোৰ প্ৰতিটো দৃশ্যৰ শ্বুটিং কৰাৰ সময়ত দলৰ সকলোৱে অতিৰিক্ত সাৱধানতা লৈ আছে। গতিকে চিন্তা নাই।’’

সঞ্জয় দত্তই ‘কে ডি’ ছবিখনৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ত ভৰি দিবলৈ ওলাইছে। কানাড়া ভাষাৰ বাহিৰেও এই ছবিখন তামিল, তেলেগু, মালয়ালম আৰু হিন্দী ভাষাত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস