--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একো হোৱা নাই, সম্পূৰ্ণ সুস্থভাৱেই আছে অভিনেতা সঞ্জয় দত্ত। তেওঁ নিজেই এই কথা ক’লে। বুধবাৰে কানাড়া ছবি ‘কে ডি’ৰ চেটত বোমা বিস্ফোৰণত তেওঁ গুৰুতৰভাৱে আহত হোৱাৰ খবৰে শিৰোনাম দখল কৰে। অনুৰাগীসকল আতংকিত হৈ পৰিল।

কিন্তু সেই খবৰটো ভুৱা, সঞ্জয়ে পাছত এইদৰে কয়। তেওঁৰ ভাষাত "এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন!"

বাংগালুৰুৰ আশে-পাশে থকা অঞ্চলত ছবিৰ শ্বুটিং চলি আছিল। বাতৰি পোৱা গৈছিল যে সেই সময়তে হঠাতে হোৱা বিস্ফোৰণত অভিনেতাজন আহত হয়। লগতে তেওঁৰ হাত, কঁকাল আৰু মুখত আঘাত পোৱা বুলি জানিব পৰা গৈছিল। ইয়াৰ পিছতে ছবিখনৰ শ্বুটিং বন্ধ হৈ পৰে বুলিও কোৱা হৈছিল।

অৱশেষত এই খবৰ বিয়পি পৰাৰ লগে লগে সঞ্জয়ে নিজেই ছ’চিয়েল মিডিয়াত এটা বাৰ্তা প্ৰেৰণ কৰে। তেওঁ লিখিছে, ‘মই আঘাত পোৱাৰ খবৰ দেখিছো। সকলোকে আশ্বস্ত কৰি দিওঁ, এই খবৰ ভিত্তিহীন। একো হোৱা নাই। ঈশ্বৰৰ কৃপাত মই সম্পূৰ্ণ সুস্থ হৈ আছো।”

সঞ্জয়ে লগতে কয় যে ‘কে ডি’ৰ শ্বুটিঙৰ সময়ত তেওঁক অতিৰিক্ত যত্নত ৰখা হৈছিল। তেওঁৰ মতে, “মোৰ প্ৰতিটো দৃশ্যৰ শ্বুটিং কৰাৰ সময়ত দলৰ সকলোৱে অতিৰিক্ত সাৱধানতা লৈ আছে। গতিকে চিন্তা নাই।’’

সঞ্জয় দত্তই ‘কে ডি’ ছবিখনৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ত ভৰি দিবলৈ ওলাইছে। কানাড়া ভাষাৰ বাহিৰেও এই ছবিখন তামিল, তেলেগু, মালয়ালম আৰু হিন্দী ভাষাত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?