--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলফা নেতা অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাৰ বিয়া। ২৫ নৱেম্বৰত মেলবৰ্ণত অনুষ্ঠিত হ’ব চেতিয়াৰ কন্যাৰ বিবাহ অনুষ্ঠান। বাংলাদেশৰ সংবাদমাধ্যমে আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে।

 অনুপ চেতিয়াই তেওঁৰ জীয়েক বন্যা বৰুৱাক (২৭) বিয়া কৰাব অগৰাকী  বাংলাদেশীযুৱকে। দৰাৰ নাম অনিৰ্বাণ চৌধুৰী (৩০),  ঘৰ বাংলাদেশৰ  কুমিল্লাত। তেওঁ বৰ্তমান অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বাস কৰে। দুয়োৰে বিয়া ২৫ নৱেম্বৰত মেলবৰ্ণৰ ইস্কন মন্দিৰত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। অনুপ চেতিয়াই বিয়াৰ কথাটো  নিশ্চিত কৰা বুলি বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। 

’আপুনি এজন বাংলাদেশী লৰাৰ সৈতে নিজৰ  ছোৱালীক  কিয় বিয়া দিব বিচাৰিছে ’ বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত   অনুপ চেতিয়াই কয় যে ঢাকাৰ ধানমণ্ডিৰ মাষ্টাৰ মাইণ্ড ইণ্টাৰনেচনেল স্কুলত পঢ়ি থাকোতে তেওঁলোক দুয়ো দুয়োকে লগ পাইছিল। তাতেই  তেওঁলোকৰ মাজত প্ৰেমৰ  সম্পৰ্ক গঢ়ি উঠিছিল। সেইবাবেই তেওঁলোকৰ ইচ্ছাক সন্মান জনাই দুয়োৰে বিয়াত  সন্মতি দিয়া বুলি চেতিয়াই প্ৰকাশ কৰে।

চেতিয়াই কয়  "মই দীৰ্ঘ ২৮ বছৰ ধৰি বাংলাদেশত বাস কৰি আছিলো। মই বাংলাদেশৰ জনসাধাৰণৰ আতিথ্য আৰু মৰম লাভ কৰিছো।  এই বিবাহত সন্মত হোৱাৰ এয়াও এটা কাৰণ"। বাংলাদেশলৈ উভতি  অহাৰ তেওঁৰ কোনো পৰিকল্পনা আছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আলফা নেতাজনে কয়, "যেতিয়া মই বাংলাদেশত আছিলো, মই মোৰ পৰিচয় গোপনে ৰাখিছিলো। বাকী সময়ত মই কাৰাগাৰত আছিলো।  বাংলাদেশত মোৰ  বহুতো বন্ধু আছে, তেওঁলোকক লগ পোৱাৰ যথেষ্ট ইচ্ছা আছে"। 

উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমে স্বাধীনতাৰ বাবে তিনি দশক ধৰি সশস্ত্ৰ কাৰ্যকলাপ চলাই অহা ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ প্ৰকৃত নাম গোলাপ বৰুৱা। ১৯৯৭ চনৰ ২১ ডিচেম্বৰত আৰক্ষীয়ে ঢাকাৰ মহম্মদপুৰ অঞ্চলৰ এটা ঘৰৰ পৰা অনুপ চেতিয়াক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে অবৈধভাৱে বাংলাদেশত থকা আৰু অবৈধভাৱে বিদেশী মুদ্ৰা আৰু এটা ছেটেলাইট  ফোন ৰখাৰ অভিযোগত তিনিটা গোচৰ ৰুজু কৰা হৈছিল। 

আদালতে তেওঁক তিনিটা গোচৰত ক্ৰমান্বয়ে তিনি, চাৰি আৰু সাত বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছিল। ২০০৪ চনত তেওঁৰ শাস্তিৰ ম্যাদ উকলি যায়। তেওঁক ২০১৫ চনৰ ১২ নৱেম্বৰত কাশিমপুৰ কাৰাগাৰৰ পৰা ভাৰতক গতাই দিয়া হৈছিল। তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ সৈতে আলফাৰ আলোচনাপন্থী দলৰএগৰাকী নেতা হিচাপে শান্তি আলোচনাৰ নেতৃত্ব দি আছে। অনুপ চেতিয়াই কোৱা মতে ভাৰত চৰকাৰৰ সৈতে আলফাৰ  শান্তি চুক্তি সোনকালেই সম্পূৰ্ণ হ'ব। শান্তি চুক্তিকলৈ  আশাবাদী বুলিও চেতিয়াই মন্তব্য কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক