--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলফা নেতা অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাৰ বিয়া। ২৫ নৱেম্বৰত মেলবৰ্ণত অনুষ্ঠিত হ’ব চেতিয়াৰ কন্যাৰ বিবাহ অনুষ্ঠান। বাংলাদেশৰ সংবাদমাধ্যমে আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে।

 অনুপ চেতিয়াই তেওঁৰ জীয়েক বন্যা বৰুৱাক (২৭) বিয়া কৰাব অগৰাকী  বাংলাদেশীযুৱকে। দৰাৰ নাম অনিৰ্বাণ চৌধুৰী (৩০),  ঘৰ বাংলাদেশৰ  কুমিল্লাত। তেওঁ বৰ্তমান অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বাস কৰে। দুয়োৰে বিয়া ২৫ নৱেম্বৰত মেলবৰ্ণৰ ইস্কন মন্দিৰত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। অনুপ চেতিয়াই বিয়াৰ কথাটো  নিশ্চিত কৰা বুলি বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। 

’আপুনি এজন বাংলাদেশী লৰাৰ সৈতে নিজৰ  ছোৱালীক  কিয় বিয়া দিব বিচাৰিছে ’ বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত   অনুপ চেতিয়াই কয় যে ঢাকাৰ ধানমণ্ডিৰ মাষ্টাৰ মাইণ্ড ইণ্টাৰনেচনেল স্কুলত পঢ়ি থাকোতে তেওঁলোক দুয়ো দুয়োকে লগ পাইছিল। তাতেই  তেওঁলোকৰ মাজত প্ৰেমৰ  সম্পৰ্ক গঢ়ি উঠিছিল। সেইবাবেই তেওঁলোকৰ ইচ্ছাক সন্মান জনাই দুয়োৰে বিয়াত  সন্মতি দিয়া বুলি চেতিয়াই প্ৰকাশ কৰে।

চেতিয়াই কয়  "মই দীৰ্ঘ ২৮ বছৰ ধৰি বাংলাদেশত বাস কৰি আছিলো। মই বাংলাদেশৰ জনসাধাৰণৰ আতিথ্য আৰু মৰম লাভ কৰিছো।  এই বিবাহত সন্মত হোৱাৰ এয়াও এটা কাৰণ"। বাংলাদেশলৈ উভতি  অহাৰ তেওঁৰ কোনো পৰিকল্পনা আছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আলফা নেতাজনে কয়, "যেতিয়া মই বাংলাদেশত আছিলো, মই মোৰ পৰিচয় গোপনে ৰাখিছিলো। বাকী সময়ত মই কাৰাগাৰত আছিলো।  বাংলাদেশত মোৰ  বহুতো বন্ধু আছে, তেওঁলোকক লগ পোৱাৰ যথেষ্ট ইচ্ছা আছে"। 

উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমে স্বাধীনতাৰ বাবে তিনি দশক ধৰি সশস্ত্ৰ কাৰ্যকলাপ চলাই অহা ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ প্ৰকৃত নাম গোলাপ বৰুৱা। ১৯৯৭ চনৰ ২১ ডিচেম্বৰত আৰক্ষীয়ে ঢাকাৰ মহম্মদপুৰ অঞ্চলৰ এটা ঘৰৰ পৰা অনুপ চেতিয়াক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে অবৈধভাৱে বাংলাদেশত থকা আৰু অবৈধভাৱে বিদেশী মুদ্ৰা আৰু এটা ছেটেলাইট  ফোন ৰখাৰ অভিযোগত তিনিটা গোচৰ ৰুজু কৰা হৈছিল। 

আদালতে তেওঁক তিনিটা গোচৰত ক্ৰমান্বয়ে তিনি, চাৰি আৰু সাত বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছিল। ২০০৪ চনত তেওঁৰ শাস্তিৰ ম্যাদ উকলি যায়। তেওঁক ২০১৫ চনৰ ১২ নৱেম্বৰত কাশিমপুৰ কাৰাগাৰৰ পৰা ভাৰতক গতাই দিয়া হৈছিল। তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ সৈতে আলফাৰ আলোচনাপন্থী দলৰএগৰাকী নেতা হিচাপে শান্তি আলোচনাৰ নেতৃত্ব দি আছে। অনুপ চেতিয়াই কোৱা মতে ভাৰত চৰকাৰৰ সৈতে আলফাৰ  শান্তি চুক্তি সোনকালেই সম্পূৰ্ণ হ'ব। শান্তি চুক্তিকলৈ  আশাবাদী বুলিও চেতিয়াই মন্তব্য কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান