--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম আফ্ৰিকাই গাম্বিয়াত ৬৬টা শিশুৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ৷ আৰু এই মৃত্যুৰ কাৰক হিচাপে ভাৰতত নিৰ্মিত কাহ চিৰাপৰ গুণগত মানক সন্দেহ কৰা হৈছে৷

বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত প্ৰস্তুত কৰা চৰ্দি-কাহ চিৰাপৰ বিষয়ে সতৰ্কবাণী জাৰি কৰি কৈছে যে
গাম্বিয়াৰ শিশুৰ মৃত্যু ইয়ো এটা কাৰণ হ’ব পাৰে৷ এই ভয়ৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত প্ৰস্তুত কৰা চৰ্দি আৰু কাহ চিৰাপৰ বিষয়ে সতৰ্ক কৰি দিছে।

এক খবৰ অনুসৰি, নতুন দিল্লীত মেডেন ফাৰ্মাচিউটিকেলছৰ দ্বাৰা তৈয়াৰ কৰা চিৰাপটো আন কোনো দেশে ব্যৱহাৰ কৰিব নালাগে।

শেহতীয়াকৈ, গাম্বিয়াত বৃক্ক বিকল হোৱাৰ ফলত ৬৬টা শিশুৰ মৃত্যু হৈছে। প্ৰাথমিক অনুসন্ধানৰ পাছত এয়া ধাৰণা কৰা হৈছে যে মেডেন ফাৰ্মাচিউটিকেলৰ দ্বাৰা তৈয়াৰ কৰা চাৰিটা চিৰাপ হৈছে পাঁচ বছৰৰ তলৰ শিশুৰ বৃক্ক বিকল হোৱাৰ কাৰণ৷ ইতিমধ্যে হুয়ে এই চাৰিটা চিৰাপৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্মাতা আৰু নিয়ামক সংস্থাৰ সৈতে এক যুটীয়া অনুসন্ধানো আৰম্ভ কৰিছে।

চাৰিটা চিৰাপ পৰীক্ষা কৰি ডায়েথাইলিন গ্ৰিকল আৰু ইথিলিন গ্লাইকলৰ অস্বাভাৱিক স্তৰ থকা দেখা গৈছিল বুলি হুৰ তৰফৰ পৰা কোৱা হৈছে। বুধবাৰে এক সংবাদ সন্মিলনত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানমঘেব্ৰেয়েচাছে কয়, এতিয়ালৈকে গাম্বিয়াত এই চাৰিটা চিৰাপৰ অস্তিত্ব পোৱা গৈছে। অৱশ্যে, আন দেশবোৰেও চিৰাপ ব্যৱহাৰ কৰিব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ