--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম আফ্ৰিকাই গাম্বিয়াত ৬৬টা শিশুৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ৷ আৰু এই মৃত্যুৰ কাৰক হিচাপে ভাৰতত নিৰ্মিত কাহ চিৰাপৰ গুণগত মানক সন্দেহ কৰা হৈছে৷

বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত প্ৰস্তুত কৰা চৰ্দি-কাহ চিৰাপৰ বিষয়ে সতৰ্কবাণী জাৰি কৰি কৈছে যে
গাম্বিয়াৰ শিশুৰ মৃত্যু ইয়ো এটা কাৰণ হ’ব পাৰে৷ এই ভয়ৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত প্ৰস্তুত কৰা চৰ্দি আৰু কাহ চিৰাপৰ বিষয়ে সতৰ্ক কৰি দিছে।

এক খবৰ অনুসৰি, নতুন দিল্লীত মেডেন ফাৰ্মাচিউটিকেলছৰ দ্বাৰা তৈয়াৰ কৰা চিৰাপটো আন কোনো দেশে ব্যৱহাৰ কৰিব নালাগে।

শেহতীয়াকৈ, গাম্বিয়াত বৃক্ক বিকল হোৱাৰ ফলত ৬৬টা শিশুৰ মৃত্যু হৈছে। প্ৰাথমিক অনুসন্ধানৰ পাছত এয়া ধাৰণা কৰা হৈছে যে মেডেন ফাৰ্মাচিউটিকেলৰ দ্বাৰা তৈয়াৰ কৰা চাৰিটা চিৰাপ হৈছে পাঁচ বছৰৰ তলৰ শিশুৰ বৃক্ক বিকল হোৱাৰ কাৰণ৷ ইতিমধ্যে হুয়ে এই চাৰিটা চিৰাপৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্মাতা আৰু নিয়ামক সংস্থাৰ সৈতে এক যুটীয়া অনুসন্ধানো আৰম্ভ কৰিছে।

চাৰিটা চিৰাপ পৰীক্ষা কৰি ডায়েথাইলিন গ্ৰিকল আৰু ইথিলিন গ্লাইকলৰ অস্বাভাৱিক স্তৰ থকা দেখা গৈছিল বুলি হুৰ তৰফৰ পৰা কোৱা হৈছে। বুধবাৰে এক সংবাদ সন্মিলনত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানমঘেব্ৰেয়েচাছে কয়, এতিয়ালৈকে গাম্বিয়াত এই চাৰিটা চিৰাপৰ অস্তিত্ব পোৱা গৈছে। অৱশ্যে, আন দেশবোৰেও চিৰাপ ব্যৱহাৰ কৰিব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান