--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে আমেৰিকাৰ লগতে ভাৰতকো। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ভাৰতীয় বংশোদ্ভূত পৰিয়ালৰ চাৰিজন সদস্য  কেইবাদিনো ধৰি সন্ধানহীন হৈ আছিল । তেওঁলোকৰ মৃতদেহ শেহতীয়াকৈ কেলিফৰ্ণিয়াৰ এখন বাগিচাত উদ্ধাৰ হৈছে। 

মৃতসকলৰ ভিতৰত এটি আঠমহীয়া কন্যা সন্তানো আছে।সোমবাৰে কেলিফৰ্ণিয়াৰ মাৰ্কেড কাউণ্টিৰ পৰা  আঠ মহীয়া আৰুহী ধেৰী আৰু তেওঁৰ পিতৃ-মাতৃ  ২৭ বছৰীয়া জছলীন কৌৰ আৰু ৩৬ বছৰীয়া জছদীপ সিঙক দুৰ্বৃত্তই অপহৰণ কৰি নিছিল। 

মাৰ্কেড কাউণ্টি আৰক্ষীয়ে জনোৱা অনুসৰি কেঁচুৱাটোৰ খুৰাক ৩৯ বছৰীয়া অমনদীপ সিঙকো অপহৰণ কৰা হৈছিল। মাৰ্কিন আৰক্ষীৰ   এগৰাকী বিষয়াই কয় যে চাৰিজনৰ মৃতদেহ বুধবাৰে নিশা ইণ্ডিয়ানা ৰোড এণ্ড হাচিনচন ৰোডৰ ওচৰৰ এখন বাগিচাত পোৱা গৈছে।  আৰক্ষীয়ে জনোৱা অনুসৰি, বাগিচাখনৰ ওচৰৰ এজন লোকে আৰক্ষীক এই বিষয়ে খবৰ দিয়ে।

 বুধবাৰে সন্ধিয়া আৰক্ষীয়ে এটা ভিডিঅ' মুকলি কৰে য'ত পৰিয়ালটোক অপহৰণ কৰাৰ মুহূৰ্তটো ধৰা পৰিছে। ভিডিঅ'টোত দেখা গৈছে যে জছদীপ আৰু অমনদীপক একেলগে হাত বান্ধি তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ  পৰা উলিয়াই নিয়া হৈছে। কেইছেকেণ্ডমানৰ পিছত আঠমহীয়া  কেঁচুৱাটো আৰু আন এগৰাকী  লোকক অপহৰণকাৰীৰ সৈতে ভৱনৰ পৰা ওলাই যোৱা  দেখা গৈছে।  পৰিয়ালৰ চাৰিওজন সদস্যক ঘটনাস্থলীৰ পৰা এখন ট্ৰাকত লৈ যোৱা হৈছিল। 

পৰিয়ালটো অপহৰণ কৰাৰ এদিন পিছত  আৰক্ষীয়ে এজন সন্দেহযুক্ত অপহৰণকাৰী ৪৮  বছৰীয়া যীশু মানুৱেল চালগাডোক জিম্মাত লৈছিল।  কাউণ্টি আৰক্ষীয়ে প্ৰকাশ কৰা মতে চালগাডোই তেওঁৰ অপৰাধ স্বীকাৰ কৰিছে। জছদীপৰ পিতৃ-মাতৃ ড০ ৰন্ধিৰ সিং আৰু কিৰপাল কৌৰ  ভাৰতৰ হোচিয়াৰপুৰৰ তাণ্ডা খণ্ডৰ হৰ্ষী পিণ্ড গাঁৱৰ বাসিন্দা। দুৰ্বৃত্তই কি উদ্দেশ্যলৈ পৰিয়ালটোক হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ বিষয় হৈ আছে। এই হত্যাৰ আঁৰত বৰ্ণ বৈষম্যৰ প্ৰৱণতা জৰিত থাকিব পাৰে বুলিও বহুতে সন্দেহ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ