--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে আমেৰিকাৰ লগতে ভাৰতকো। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ভাৰতীয় বংশোদ্ভূত পৰিয়ালৰ চাৰিজন সদস্য  কেইবাদিনো ধৰি সন্ধানহীন হৈ আছিল । তেওঁলোকৰ মৃতদেহ শেহতীয়াকৈ কেলিফৰ্ণিয়াৰ এখন বাগিচাত উদ্ধাৰ হৈছে। 

মৃতসকলৰ ভিতৰত এটি আঠমহীয়া কন্যা সন্তানো আছে।সোমবাৰে কেলিফৰ্ণিয়াৰ মাৰ্কেড কাউণ্টিৰ পৰা  আঠ মহীয়া আৰুহী ধেৰী আৰু তেওঁৰ পিতৃ-মাতৃ  ২৭ বছৰীয়া জছলীন কৌৰ আৰু ৩৬ বছৰীয়া জছদীপ সিঙক দুৰ্বৃত্তই অপহৰণ কৰি নিছিল। 

মাৰ্কেড কাউণ্টি আৰক্ষীয়ে জনোৱা অনুসৰি কেঁচুৱাটোৰ খুৰাক ৩৯ বছৰীয়া অমনদীপ সিঙকো অপহৰণ কৰা হৈছিল। মাৰ্কিন আৰক্ষীৰ   এগৰাকী বিষয়াই কয় যে চাৰিজনৰ মৃতদেহ বুধবাৰে নিশা ইণ্ডিয়ানা ৰোড এণ্ড হাচিনচন ৰোডৰ ওচৰৰ এখন বাগিচাত পোৱা গৈছে।  আৰক্ষীয়ে জনোৱা অনুসৰি, বাগিচাখনৰ ওচৰৰ এজন লোকে আৰক্ষীক এই বিষয়ে খবৰ দিয়ে।

 বুধবাৰে সন্ধিয়া আৰক্ষীয়ে এটা ভিডিঅ' মুকলি কৰে য'ত পৰিয়ালটোক অপহৰণ কৰাৰ মুহূৰ্তটো ধৰা পৰিছে। ভিডিঅ'টোত দেখা গৈছে যে জছদীপ আৰু অমনদীপক একেলগে হাত বান্ধি তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ  পৰা উলিয়াই নিয়া হৈছে। কেইছেকেণ্ডমানৰ পিছত আঠমহীয়া  কেঁচুৱাটো আৰু আন এগৰাকী  লোকক অপহৰণকাৰীৰ সৈতে ভৱনৰ পৰা ওলাই যোৱা  দেখা গৈছে।  পৰিয়ালৰ চাৰিওজন সদস্যক ঘটনাস্থলীৰ পৰা এখন ট্ৰাকত লৈ যোৱা হৈছিল। 

পৰিয়ালটো অপহৰণ কৰাৰ এদিন পিছত  আৰক্ষীয়ে এজন সন্দেহযুক্ত অপহৰণকাৰী ৪৮  বছৰীয়া যীশু মানুৱেল চালগাডোক জিম্মাত লৈছিল।  কাউণ্টি আৰক্ষীয়ে প্ৰকাশ কৰা মতে চালগাডোই তেওঁৰ অপৰাধ স্বীকাৰ কৰিছে। জছদীপৰ পিতৃ-মাতৃ ড০ ৰন্ধিৰ সিং আৰু কিৰপাল কৌৰ  ভাৰতৰ হোচিয়াৰপুৰৰ তাণ্ডা খণ্ডৰ হৰ্ষী পিণ্ড গাঁৱৰ বাসিন্দা। দুৰ্বৃত্তই কি উদ্দেশ্যলৈ পৰিয়ালটোক হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ বিষয় হৈ আছে। এই হত্যাৰ আঁৰত বৰ্ণ বৈষম্যৰ প্ৰৱণতা জৰিত থাকিব পাৰে বুলিও বহুতে সন্দেহ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান