--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলুক শাক-পাচলিৰ ৰজা বুলি কোৱা হয় কাৰণ মানুহে প্ৰায় প্ৰতি ভাজি-তৰকাৰীতে আলু মিহলাই ৰান্ধি খাই ভাল পায়। আলু ভাজি বহু মানুহৰে প্ৰিয় খাদ্য। বহুতে আলু ইমানেই ভাল পায় যে প্ৰতিসাঁজ আহাৰতে আলু খাবলৈ মন কৰে। আলু পিটিকা আমাৰ অসমীয়া মানুহৰ অতি আদৰৰ। সাধাৰণতে আমি আলুৰ বাকলি পেলাই দিওঁ, কিন্তু আলুৰ বাকলিত থকা পুষ্টিকৰ উপাদানৰ বিষয়ে যদি আপুনি জানে, তেন্তে আপুনি আৰু কেতিয়াও আলুৰ বাকলি পেলাই নিদিয়ে। আলুৰ বাকলি মানৱ শৰীৰৰ বাবে কিয় উপকাৰী সেই বিষয়ে জানো আহক।

আলুৰ বাকলিৰ পৰা পোৱা পুষ্টিকৰ উপাদান

আলুৰ বাকলিক পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলি গণ্য কৰা হয়। ইয়াত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে আৰু ইয়াত আইৰণো প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ বাহিৰেও আলুৰ বাকলিত ভিটামিন বি ৩ৰ কোনো অভাৱ দেখা নাযায়।

আলুৰ বাকলিৰ উপকাৰিতা

১)হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভালঃ আলুৰ বাকলিয়ে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰে কাৰণ ইয়াত থকা পটাছিয়াম, মেগনেছিয়াম আৰু কেলচিয়ামৰ সহায়ত ৰক্তচাপ নিয়ন্ত্ৰিত হয়। ভাৰতত এতিয়া হৃদৰোগীৰ সংখ্যা অতি বেছি, সেয়ে আলুৰ বাকলি বহুতৰ বাবে উপযোগী হ’ব পাৰে।

২)কৰ্কট ৰোগৰ পৰা ৰক্ষা পৰিবঃ আলুৰ বাকলিত প্ৰচুৰ পৰিমাণে ফাইটোকেমিকেল থাকে, যিবোৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট। ইয়াৰ লগতে এই বাকলিবোৰত ক্ল’ৰ’জেনিক এচিড পোৱা যায়, যাৰ ফলত কৰ্কট ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

৩)হাড়বোৰ শক্তিশালী কৰি তোলেঃ আলুৰ বাকলিত কেলচিয়ামৰ দৰে বহুতো গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ থাকে, গতিকে ই স্বাভাৱিকতে হাড় শক্তিশালী কৰাৰ কাম কৰে। ই হাড়ৰ ঘনত্ব বৃদ্ধি কৰে।

সেয়েহে আলু কাটোতে কেতিয়াবা বাকলিৰ সৈতে কাটি ভাজি খাবলৈ চেষ্টা কৰিব লাগে আৰু বইল কৰোতেও বাকলিৰ সৈতে আলু বইল কৰিব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিতা খাওক, আঁতৰত থাকিব মুখৰ বলিৰেখা
হাল বাবলৈ যোৱা মেইটেই কৃষকক বাধা কুকি দলৰ
খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে আজি ভংগ কৰিব পাৰে ২০ বছৰৰ অভিলেখ
ইজৰাইলক গৰিহণাৰ এছ চি অ'ৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিল ভাৰত
নিশাৰ ভাগত বহিঃৰাজ্যৰ গাহৰি আমদানিত নিষেধাজ্ঞা
গোলাঘাট নাৰ্চিং হোমত ৰোগীৰ জীৱনক লৈ হেতালি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?