--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলুক শাক-পাচলিৰ ৰজা বুলি কোৱা হয় কাৰণ মানুহে প্ৰায় প্ৰতি ভাজি-তৰকাৰীতে আলু মিহলাই ৰান্ধি খাই ভাল পায়। আলু ভাজি বহু মানুহৰে প্ৰিয় খাদ্য। বহুতে আলু ইমানেই ভাল পায় যে প্ৰতিসাঁজ আহাৰতে আলু খাবলৈ মন কৰে। আলু পিটিকা আমাৰ অসমীয়া মানুহৰ অতি আদৰৰ। সাধাৰণতে আমি আলুৰ বাকলি পেলাই দিওঁ, কিন্তু আলুৰ বাকলিত থকা পুষ্টিকৰ উপাদানৰ বিষয়ে যদি আপুনি জানে, তেন্তে আপুনি আৰু কেতিয়াও আলুৰ বাকলি পেলাই নিদিয়ে। আলুৰ বাকলি মানৱ শৰীৰৰ বাবে কিয় উপকাৰী সেই বিষয়ে জানো আহক।

আলুৰ বাকলিৰ পৰা পোৱা পুষ্টিকৰ উপাদান

আলুৰ বাকলিক পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলি গণ্য কৰা হয়। ইয়াত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে আৰু ইয়াত আইৰণো প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ বাহিৰেও আলুৰ বাকলিত ভিটামিন বি ৩ৰ কোনো অভাৱ দেখা নাযায়।

আলুৰ বাকলিৰ উপকাৰিতা

১)হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভালঃ আলুৰ বাকলিয়ে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰে কাৰণ ইয়াত থকা পটাছিয়াম, মেগনেছিয়াম আৰু কেলচিয়ামৰ সহায়ত ৰক্তচাপ নিয়ন্ত্ৰিত হয়। ভাৰতত এতিয়া হৃদৰোগীৰ সংখ্যা অতি বেছি, সেয়ে আলুৰ বাকলি বহুতৰ বাবে উপযোগী হ’ব পাৰে।

২)কৰ্কট ৰোগৰ পৰা ৰক্ষা পৰিবঃ আলুৰ বাকলিত প্ৰচুৰ পৰিমাণে ফাইটোকেমিকেল থাকে, যিবোৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট। ইয়াৰ লগতে এই বাকলিবোৰত ক্ল’ৰ’জেনিক এচিড পোৱা যায়, যাৰ ফলত কৰ্কট ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

৩)হাড়বোৰ শক্তিশালী কৰি তোলেঃ আলুৰ বাকলিত কেলচিয়ামৰ দৰে বহুতো গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ থাকে, গতিকে ই স্বাভাৱিকতে হাড় শক্তিশালী কৰাৰ কাম কৰে। ই হাড়ৰ ঘনত্ব বৃদ্ধি কৰে।

সেয়েহে আলু কাটোতে কেতিয়াবা বাকলিৰ সৈতে কাটি ভাজি খাবলৈ চেষ্টা কৰিব লাগে আৰু বইল কৰোতেও বাকলিৰ সৈতে আলু বইল কৰিব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ