--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে দেশখনৰ বিৰোধীৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। সমগ্ৰ দেশৰ অৰ্থনৈতিক সংকট সন্দৰ্ভত বিৰোধীৰ উত্থাপন কৰা প্ৰশ্নত প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘মই আলু আৰু বিলাহীৰ মূল্য হ্ৰাস কৰিবলৈ ৰাজনীতি কৰিবলৈ অহা নাই। এই মন্তব্য কৰাৰ পাছত মুহূৰ্ততে ভাইৰেল হৈ পৰে প্ৰধানমন্ত্ৰীৰ এই মন্তব্য। পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান সময়ত খুবেই সংকট, নিযুক্তি নাই। ফলস্বৰূপে সমগ্ৰ দেশতে চৰকাৰ বিৰোধী ভাৱনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত, বিৰোধী শিবিৰে চৰকাৰৰ বিফলতাৰ অভিযোগ তুলি অনাস্থা প্ৰস্তাৱ আনিছে। ৰাজহুৱা কোষাগাৰৰ ধনৰ অপব্যৱহাৰ কৰা হৈছে বুলিও বিৰোধীয়ে অভিযোগ আনিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে এই অভিযোগৰ বিষয়ে মুখ খুলিছে। তেওঁ কয় যে, ‘মই দেশৰ প্ৰধানমন্ত্ৰী। মই আলু আৰু বিলাহীৰ মূল্য হ্ৰাস কৰিবলৈ ৰাজনীতিত যোগদান কৰা নাছিলো।’ ইমৰান খানক পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ হাফিজাবাদত এখন ৰাজনৈতিক ৰেলীত অংশগ্ৰহণ কৰা দেখা গৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘যিসকলে ধন ব্যৱহাৰ কৰি সংসদৰ সদস্য ক্ৰয় কৰিবলৈ চেষ্টা কৰি আছে আৰু মোৰ চৰকাৰক উৎখাত কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বিৰুদ্ধে দেশৰ জনসাধাৰণ একত্ৰিত হ’ব। ইয়াৰ বিপৰীতে তেওঁ কয় যে, মই থাকিলেহে পাকিস্তান উন্নত হ’ব। তেওঁ লগতে কয় যে, চৰকাৰে ঘোষণা কৰা অনুদান সোনকালেই কাৰ্যকৰী কৰা হ’ব। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক