--°C
Loading...
Listen to Article
2 min read
80%

চীনৰ পৰাই বিয়পিব পাৰে ক’ভিডৰ চতুৰ্থ ঢৌ

ডিজিটেল ডেস্ক : মাৰাত্মক কৰ’নাৰ তিনিটাকৈ ঢৌৱে জোকাৰি গৈছে সমগ্ৰ বিশ্বকে। শেহতীয়াকৈ ইয়াৰ সংক্ৰমণ কিছু প্ৰশমিত হৈছে যদিও চীনত পুনৰ কৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছতে বিশ্বজুৰি উদ্বেগ, আশংকাৰ সৃষ্টি হৈছে। চীনলৈ যেন ২০২০ চনৰ স্মৃতি এতিয়া ঘূৰি আহিছে আৰু এইবাৰ ষ্টিল্থ অ’মিক্ৰন প্ৰকাৰে সৃষ্টি কৰিছে আতংকৰ। এখনৰ পাছত আন এখন চহৰত লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে বেইজিং প্ৰশাসনে। চীনত পুনৰ কৰ’না সংক্ৰমণ আৰম্ভ হোৱা সম্পৰ্কত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। সেই অনুসৰি দেশখনত কৰ’নাৰ এটা নতুন প্ৰকাৰ 'বনজুইৰ দৰে' বিয়পিবলৈ আৰম্ভ কৰিছে। ষ্টিল্থ অ’মিক্ৰন নামৰ এই নতুন প্ৰকাৰটো এই মুহূৰ্তত চীনৰ বাবে হৈ পৰিছে আতংকৰ কাৰণ। উল্লখ্য যে, চীনৰ পৰাই মাৰাত্মক কৰ’না ভাইৰাছ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল বুলি বিশ্বাস কৰা হয়। এইবাৰ সেই ভয়ানক ইতিহাসৰ পুনৰাবৃত্তি হোৱাৰ আশংকা এতিয়া তীব্ৰ হৈ পৰিছে। ষ্টিল্থ অ’মিক্ৰন প্ৰকাৰটো কিমান ভয়ানক? বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি, কৰ’নাৰ এই প্ৰকাৰটোৰ বাবেই চীনত ক’ভিডৰ এটা নতুন কোভিড ঢৌ আহিছে। অ’মিক্ৰনৰ এই উপ-প্ৰকাৰটোক ষ্টিল্থ অ’মিক্ৰন বা বি.এ.2 বুলিও কোৱা হয়। ইংলেণ্ডৰ হেল্থ এণ্ড ছিকিউৰিটী এজেন্সিৰ মতে, কৰ’না অ’মিক্ৰন প্ৰকাৰৰ উপ-প্ৰকাৰ বি.এ.2-ক কিছুসংখ্যক বিশেষজ্ঞই ষ্টিল্থ ভেৰিয়েণ্ট বুলি অভিহিত কৰিছে। বিশেষজ্ঞসকলে কৰ’নাৰ এই প্ৰকাৰটো কৰ’নাৰ অন্যান্য প্ৰকাৰতকৈ বহুত দ্ৰুতগতিত বিয়পা বুলি প্ৰকাশ কৰিছে। স্মৰ্তব্য যে, কৰ’না ভাইৰাছৰ অ’মিক্ৰন প্ৰকাৰে সমগ্ৰ বিশ্বতে কৰ’নাৰ তৃতীয় ঢৌৰ সৃষ্টি কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই কি কয়? এতিয়ালৈকে, বিশ্ব স্বাস্থ্য সংস্থাই ষ্টিল্থ অ’মিক্ৰন প্ৰকাৰক 'উদ্বেগৰ কাৰণ' হিচাপে ঘোষণা কৰা নাই। অৱশ্যে, বহুতো দেশত, বি.এ.2 প্ৰকাৰটোৱে অ’মিক্ৰন প্ৰকাৰৰ স্থান লৈছে, বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এই প্ৰকাৰটোৱে ডেনমাৰ্কতো আধিপত্য বিস্তাৰ কৰিছে। ৫০ হাজাৰৰো অধিক লোক কৰ’নাৰ বি.এ.2 প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে। কৰ’নাৰ এই নতুন প্ৰকাৰটোৱে চীনত সৃষ্টি কৰিছে ক’ভিডৰ নতুন সংক্ৰমণ। ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ প্ৰতিবেদন অনুসৰি, চীনত নতুনকৈ ১,৩৩৭জন লোক কৰ’নাৰ এই নতুন প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াৰ ভিতৰত, সৰ্বাধিক সংখ্যক লোক জিলিন প্ৰদেশত সংক্ৰমিত হৈছে। বেইজিংৰ কেইবাটাও অট্টালিকা এতিয়া সংক্ৰমণৰ আশংকাৰ বাবে বন্ধ কৰি দিয়া হৈছে। কৰ’নাৰ এই নতুন সংক্ৰমণ দেশখনৰ বাবে প্ৰত্যাহ্বানত পৰিণত হৈছে। জি জিনপিং প্ৰশাসনে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কঠোৰ লডকডাউন বলৱৎ কৰিছে আৰু দেশখনৰ ৩০ নিযুত লোক লকডাউনৰ কৱলত পৰিছে বুলি জানিব পৰা গৈছে। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক