--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত তুলসী গছৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ আছে। হিন্দুধৰ্মৰ প্ৰতিঘৰ লোকৰ ঘৰতে তুলসী গছ ৰোপণ কৰা হয়, কাৰণ তুলসীয়ে ঘৰলৈ সুখ-সমৃদ্ধি আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ কৰে। তুলসী দুই প্ৰকাৰৰ– ৰাম তুলসী আৰু শ্যামা তুলসী। ঘৰত কোনবিধ তুলসী গছ শুভ আৰু ইয়াৰ বিশেষত্ব কি জানো আহক।

 ১. ৰাম আৰু শ্যাম তুলসীৰ মাজত পাৰ্থক্য কি?

ৰাম আৰু শ্যামা তুলসী দুয়োবিধ গছেই অতি শুভ। এই দুই ধৰণৰ গছৰে নিজস্ব বিশেষত্ব আছে। দেখাত বেলেগ বেলেগ আৰু অতি সহজে চিনিব পাৰি এই দুয়োবিধ গছ।

 শ্যামা তুলসীঃ-শ্যামা তুলসীৰ পাতবোৰ গাঢ় সেউজীয়া বা বেঙুনীয়া ৰঙৰ হয়। হিন্দুশাস্ত্ৰৰ মতে শ্যামা তুলসীক ভগৱান শ্ৰীকৃষ্ণই বহুত ভাল পাইছিল। সেইবাবেই এই তুলসীক শ্যামা তুলসী বা কানহাৰো বুলিও জনা যায়। ৰাম তুলসীতকৈ ইয়াৰ মধুৰতা কম।

 ৰাম তুলসীঃ-ৰাম তুলসীৰ পাতৰ ৰং সেউজীয়া। ৰাম তুলসী ভগৱান ৰামৰ অতি প্ৰিয় আছিল বুলি বিশ্বাস কৰা হয়, সেয়েহে ইয়াক ৰাম তুলসী বুলি কোৱা হয়। ৰাম তুলসীৰ পাতবোৰ অতি মিঠা আৰু ঘৰতে ৰোপণ কৰিলে অতি শুভ ফলৰ লগতে সুখ-সমৃদ্ধি বৃদ্ধি পায়। পূজাত কেৱল ৰাম তুলসীহে ব্যৱহাৰ কৰা হয়।

 এই তুলসী ঘৰতে ৰোপণ কৰকঃ-ৰাম আৰু শ্যামা তুলসী দুয়োবিধেই ঘৰত ৰোপণ কৰাটো অতি শুভ। কিন্তু পূজাত ৰাম তুলসী ব্যৱহাৰ কৰাৰ বাবে প্ৰায়বোৰ ঘৰতে কেৱল ৰাম তুলসী ৰোপণ কৰা হয়। ইয়াৰ ফলত প্ৰগতিৰ পথো মুকলি হয়। আনহাতে, তুলসী ৰোপণৰ বাবে আটাইতকৈ শুভ দিনবোৰ হ’ল বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰ। এইকেইদিনত তুলসী ৰোপণ কৰিলে ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়। আনহাতে একাদশী, গ্ৰহণ দিন, দেওবাৰ, সোমবাৰ আৰু বুধবাৰে তুলসী পাত চিঙাটো অশুভ বুলি গণ্য কৰা হয়। একাদশী, দেওবাৰ আৰু সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ দিনতো তুলসী গছ কেতিয়াও স্পৰ্শ কৰিব নালাগে। নতুবা পানী দিব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক