--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব নৱৰাত্ৰী। নৱৰাত্ৰীৰ প্ৰথম দিনাই কিছুমান বিশেষ বস্তু ঘৰলৈ আনিলে মাতৃ দুৰ্গা আনন্দিত হয় আৰু ঘৰখন বা ব্যক্তিজনৰ গোটেই বছৰটোত একো অভাৱ নহয় বুলি কোৱা হয়।

১) ৰূপসজ্জা‌- নৱৰাত্ৰিত মা লক্ষ্মী, সৰস্বতী আৰু দেৱী দুৰ্গাক পূজা কৰা হয়। প্ৰথম দিনা দেৱীক পূজাত ১৬বিধ ৰূপসজ্জাৰ সামগ্ৰী আগবঢ়োৱা হয়। এই দিনটোত সকলো সামগ্ৰী কিনিলে সৌভাগ্য বৃদ্ধি পায়। মা দুৰ্গাৰ আশীৰ্বাদত নাৰীসকলে লাভ কৰে অখণ্ড সৌভাগৱতীৰ বৰদান। নৱৰাত্ৰিৰ প্ৰথম দিনা ঘটস্থাপনৰ বাবে শুভ সময় - পুৱা ১১:৫৪ - ১২:৪২ বজালৈ

২) অপৰাজিতা গছৰ মূল- মা দুৰ্গাৰ এই ন দিন অতি পৱিত্ৰ, প্ৰথম দিনা শুভ সময়ত  অপৰাজিতা গছজোপাৰ শিপা ঘৰলৈ আনি ৰূপৰ বাকচত ৰাখি ঘৰৰ গুৰুত্বপূৰ্ণ ঠাইত ৰাখক। ইয়াৰ ফলত কেতিয়াও টকাৰ নাটনি নহ’ব।

৩) ময়ুৰৰ পাখি- শাৰদীয় নৱৰাত্ৰিত ময়ুৰৰ পাখি ঘৰলৈ অনাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ঘৰৰ বাস্তু উন্নত হয়। ইয়াক সঠিকভাৱে পূজা কৰিবলৈ অধ্যয়ন কক্ষত ৰাখিলে ল’ৰা-ছোৱালীৰ মনটো বিঘ্নিত নহয় আৰু পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায়।

৪) তুলসী - সনাতন ধৰ্মত তুলসীক অতি শ্ৰদ্ধাৰ বুলি গণ্য কৰা হয়। সোমবাৰৰ পৰা আৰম্ভ হ'ব নৱৰাত্ৰী, এনে অৱস্থাত এই শুভ দিনটোত তুলসী গছ এজোপা ঘৰলৈ আনিব, কিন্তু মঙলবাৰে ৰোপণ কৰি যথাযথভাৱে পূজা কৰা। শাস্ত্ৰ অনুসৰি সোমবাৰে তুলসী ৰোপণ কৰিব নালাগে। সেয়েহে মংগলবাৰেই ৰোপণ কৰক ।

৫) বগা বস্তু- নৱৰাত্ৰিৰ প্ৰথম দিনটো সোমবাৰ, এই দিনটোত মা শৈলপুত্ৰীক পূজা কৰা হয়। এনে অৱস্থাত সোমবাৰৰ দিনটোত বগা বৰণীয়া সামগ্ৰী যেনে বগা কাপোৰ, বগা মিঠাই, গাখীৰ আদি কিনি লোৱাটো শুভ বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ