--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ধৰ্ষণ আৰু হত্যাৰ গোচৰ দোষী সাব্যস্ত এজন অপৰাধীৰ বাবে ইমান দৰদ কিয় চৰকাৰৰ? স্বয়ম্ভু ভগৱান ৰূপ লৈ অপৰাধৰ ৰম্যভূমি গঢ়ি তোলা এজন লোক ইমান মূল্যৱান নেকি দেশৰ বাবে? স্বয়ম্ভু ভগৱান গুৰমিত ৰাম ৰহিমক জেড প্লাছ কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰাৰ জৰিয়তে কি প্ৰতিপন্ন কৰিব বিচাৰিছে আমাৰ দেশৰ চৰকাৰে? এনে গুৰুতৰ অপৰাধত দোষী সাব্যস্ত লোক এজনক কিহৰ বাবে চৰকাৰে এনে বিশেষ আতিথ্য প্ৰদান কৰি মুকলিকৈ ঘূৰি ফুৰাৰ অনুমতি দিছে? গুৰমিত ৰাম ৰহিম, মেছেঞ্জাৰ অব গড বা এমএছজি আদি নামেৰে পৰিচিত এই স্বয়ম্ভু ধৰ্মগুৰুজন কেইবছৰমান পূ্ৰ্বে দেশত ব্যাপক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল। ডেৰা চচ্ছা চৌডা নামৰ ধৰ্মীয় সংগঠনটোৰ মুৰব্বী হোৱা সূত্ৰে তেওঁৰ প্ৰভাৱ আৰু প্ৰতিপত্তি আছিল ব্যাপক। ৰাজনীতিকৰ পৰা তাৰকা অভিনেতা, ক্ৰিকেটাৰলৈ সকলো আছিল এইজন স্বয়ম্ভু গডমেনৰ অনুগামী। দিনে কোটি কোটি টকাৰ দান বৰঙণিৰে উভৈনদী ডেৰাৰ মুৰব্বী হৈ এক অভূতপূৰ্ব বিলাসী জীৱন কটাইছিল ৰাম ৰহিমে। নাৰী, গাড়ীৰ পৰা আৰম্ভ কৰি বিশাল অট্টালিকা, চিনেমা নিৰ্মাণ আদি সকলো চখ পূৰণ কৰি গৈছিল গুৰমিত ৰাম ৰহিমে। তেওঁৰ সকলো কামত তেওঁৰ সহযোগী আছিল তেওঁৰ তথাকথিত কন্যা হানীপ্ৰিত। পিছে এইগৰাকী স্বয়ম্ভূ ভগৱানৰ স্বৰূপ প্ৰকাশ হৈছিল দুটাকৈ হত্যা আৰু ধৰ্ষণৰ গোচৰত তেওঁ দোষী সাব্যস্ত হোৱাৰ পাছত। চিবিআইৰ বিশেষ আদাতত দোষী সাব্যস্ত হৈছিল ৰাম ৰহিম। তাৰ পাছতে হাৰিয়ানত সৃষ্টি হৈছিল অভূতপূৰ্ব পৰিস্থিতি। গুৰমিত ৰাম ৰহিমক গ্ৰেপ্তাৰত বাধা আৰোপ কৰিবলৈ তেওঁৰ হাজাৰ হাজাৰ অনুগামীয়ে ২০১৭ চনৰ আগষ্ট মাহত এক অভূতপূৰ্ব সংঘাতৰ সূত্ৰপাত ঘটাইছিল। কিন্তু শেষৰক্ষা নহ’ল এইজন স্বয়ম্ভু গড মেনৰ। দোষী সাব্যস্ত হৈ কাৰাগাৰৰ আলহী হ’বলগীয়া হ’ল ৰাম ৰহিম আৰু তেওঁৰ ‘কন্যা’ হানীপ্ৰীত? কিন্তু প্ৰকৃততে তেওঁ শাস্তি ভুগিলে জানো? নামত কাৰাগাৰত থাকিলেও তেওঁৰ প্ৰতি যে হাৰিয়ানৰ বিজেপি চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰো বিশেষ দৰদ আছে সেইকথা পুনৰ প্ৰতীয়মান হ’ল। দুটাকৈ বলাৎকাৰৰ গোচৰত ২০বছৰ কাৰাবাসৰ শাস্তি বিহা হৈছিল ৰাম ৰহিমক। আনহাতে সাংবাদিকসহ দুজন লোকক হত্যাৰ গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে চিবিআইৰ বিশেষ আদালতে। তাৰ পাছতো তেওঁক ২১ দিনৰ বাবে পেৰ’লত মুক্তি দিয়া হ’ল। কেৱল এয়াই নহয় তেওঁৰ জীৱনলৈ ভাবুকি অহাৰ অজুহাতত দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ নিৰাপত্তা জেড প্লাছ প্ৰদান কৰা হ’ল। হাৰিয়ানা চৰকাৰে তেওঁৰ জীৱনলৈ খালিস্তানী সন্ত্ৰাসবাদীৰ ভাবুকি আহিব পাৰে বুলি মন্তব্য কৰি তেওঁক জেড প্লাছ ছিকিউৰিটী আগবঢ়ালে হাৰিয়ানা চৰকাৰে। এনে এজন দুৰ্ধৰ্ষ অপৰাধীৰ প্ৰতি চৰকাৰৰ এই দৰদ সহজভাৱে ল’ব পৰা বিষয় নিশ্চয় নহয়। ৰাম ৰহিমৰ দৰে অপৰাধীক এনে সাদৰ আতিথ্য দিয়াটো কিহৰ লক্ষণ সেয়া স্বাভাৱিকতে প্ৰশ্নৰ বিষয় হৈ পৰিছে। ৰাম ৰহিমৰ দৰে অপৰাধীক কাৰাগাৰত ৰখাৰ পৰিৱৰ্তে জেড ছিকিউৰিটী দি মুকলিমুৰীয়া কৰি দিয়াৰ এই ব্যৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্বয়ম্ভু ভগৱানৰ ৰূপ লৈ নানা অপকৰ্ম আৰু নাৰী নিৰ্যাতনত জড়িত এইজন লোকক এনেদৰে চৰকাৰী আতিথ্য দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন বিৰোধী ৰাজনৈতিক দলে। কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে মন্তব্য কৰিছে যে ধৰ্ষণকাৰীৰ যেতিয়া জেড কেটেগৰীৰ সুৰক্ষা দিয়া হৈছে দেশত নাৰী সুৰক্ষিত হ’ব নোৱাৰে। সঁচাকৈয়ে ধৰ্ষণ হত্যাৰ দৰে গুৰুতৰ অপৰাধত দোষী সাব্যস্ত এজন লোকক এনেদৰে ৰাইজৰ কৰৰ টকাৰে আতিথ্য দিয়াটো এখন চৰকাৰৰ বাবে লজ্জাজনক বিষয় হিচাপে চিহ্নিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য