--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গুৰুৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাবোধৰ উদাহৰণ দিবলৈ সমাজত সদায়ে মহাভাৰত মহাকাব্যৰ চৰিত্ৰ একালব্যৰ উদাহৰণ দিয়া হয়। গুৰুদক্ষিণা দিবলৈ একালব্যই কাটি দিছিল নিজৰ সোঁহাতৰ বুঢ়া আঙুলি। গুৰুঋণ পৰিশোধৰ বাবে নিজে পংগুত্বকো আঁকোৱালি ল’বলৈ কুণ্ঠাবোধ নকৰা এনে এগৰাকী শিষ্যৰ বিকল্প আৰু কোনো সৃষ্টি নিশ্চয় হ’ব নোৱাৰে। কিন্তু গুৰুভক্তিৰ নিত্য নতুন উদাহৰণ সৃষ্টি হৈ আছে আমাৰ সমাজত। এইবাৰ দেশৰ বেংক খণ্ডৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই গুৰুভক্তি আৰু সামাজিক দায়বদ্ধতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। দেশৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক আইডিএফচি বেংকৰ চিইঅ’ই অসাধাৰণ ত্যাগ আৰু মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁ বেংকটোত থকা অংশীদাৰিত্বৰ পৰা ৫লাখ ৩০হাজাৰ ডলাৰ দান দিছে তেওঁৰ ঘৰ আৰু কাৰ্যালয় বিভিন্ন ধৰণৰ সহায়কাৰী কামত নিয়োজিত লোকসকলৰ বাবে। তেওঁৰ ড্ৰাইভাৰ, শাৰীৰিক প্ৰশিক্ষক, ঘৰ আৰু অফিচৰ সহায়কাৰী আদিৰ বাবে তেওঁ এই বৃহৎ পৰিমাণৰ অৰ্থ দান কৰিছে। আইডিএফচি বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া ভি বিদ্যানাথননে বেংকটোত থকা তেওঁৰ শ্বেয়াৰৰ ৩.৭শতাংশ অৰ্থাৎ ৯লাখ শ্বেয়াৰ দাম কৰিছে তেওঁৰ তলতীয়া এইসকল লোকৰ বাবে। জানিব পৰা মতে বিদ্যানাথনৰ এই বৰঙণিৰে তেওঁলোকে বাসগৃহ ক্ৰয় কৰিব। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ৫৪ বছৰীয়া বিদ্যানাথনে ২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা এতিয়ালৈ তেওঁৰ শ্বেয়াৰৰ ৩৮শতাংশ দান কৰিছে। সেই সময়ত তেওঁ কেপিটেল ফাৰ্ট নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ মুৰব্বী আছিল। পাছত কেপিটেল ফাৰ্ট আইডিএফচি বেংকৰ ৰূপত গঠন কৰা হয়। আইডিএফচি বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত হয় স্বামীনাথন। তেওঁ ২০২৪চনলৈকে এই পদত বাহাল থাকিব। উল্লেখ্য যে, তেওঁৰ এই বৃহৎ পৰিমাণৰ দানৰ অন্যতম অংশ হৈছে ২০২০চনত তেওঁ নিজৰ স্কুলীয়া দিনৰ এগৰাকী শিক্ষাগুৰুলৈ আগবঢ়োৱা বৰঙণিও। এতিয়া এটা বেংকৰ মুৰব্বীজন শৈশৱত আছিল অতি দৰিদ্ৰ। তেওঁ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও বিদ্যালয়লৈ অহা-যোৱা কৰিবলৈ তেওঁৰ হাতত ধন নাছিল। তেতিয়া তেওঁৰ এইগৰাকী অংকৰ শিক্ষকে তেওঁ ৫০০টকা ধাৰলৈ দিছিল। তেওঁ সফলতাৰ উচ্চ শিখৰ চুৱাৰ পাছতো তেওঁৰ শিক্ষাগুৰুগৰাকীৰ সহায়ৰ কথা কেতিয়াও নাপাহৰিলে আৰু গুৰুদক্ষিণা আগবঢ়াই গুৰুঋণ পৰিশোধ কৰিলে। কেৱল এয়াই নহয় এটা সমাজসেৱী সংস্থাৰ বিভিন্ন সামাজিক কাম-কাজত আৰ্থিক সহযোগিতা আগবঢ়াবলৈও তেওঁ ২০হাজাৰ শ্বেয়াৰ বিক্ৰী কৰিছিল। উল্লেখ্য যে, ২০১৮চনৰ ১৮ ডিচেম্বৰৰ পৰা এতিয়ালৈ আইডিএফচি বেংকৰ শ্বেয়াৰ ৫শতাংশ বৃদ্ধি পাইছে আৰু দেশৰ এটা উল্লেখযোগ্য ব্যক্তিগত খণ্ডৰ বেংকত ই পৰিণত হৈছে। ক’ভিড মহামাৰীৰ অনগ্ৰসৰতাৰ মাজতো বেংকটোৱে নিজৰ উত্থান ঘটাবলৈ সক্ষম হয় আৰু এই সফলতাৰ বাবে ভি বিদ্যানাথনক ২০২৪চনলৈ পুনৰবাৰ বেংকটোৰ মুখ্যকাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ