--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গুৰুৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাবোধৰ উদাহৰণ দিবলৈ সমাজত সদায়ে মহাভাৰত মহাকাব্যৰ চৰিত্ৰ একালব্যৰ উদাহৰণ দিয়া হয়। গুৰুদক্ষিণা দিবলৈ একালব্যই কাটি দিছিল নিজৰ সোঁহাতৰ বুঢ়া আঙুলি। গুৰুঋণ পৰিশোধৰ বাবে নিজে পংগুত্বকো আঁকোৱালি ল’বলৈ কুণ্ঠাবোধ নকৰা এনে এগৰাকী শিষ্যৰ বিকল্প আৰু কোনো সৃষ্টি নিশ্চয় হ’ব নোৱাৰে। কিন্তু গুৰুভক্তিৰ নিত্য নতুন উদাহৰণ সৃষ্টি হৈ আছে আমাৰ সমাজত। এইবাৰ দেশৰ বেংক খণ্ডৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই গুৰুভক্তি আৰু সামাজিক দায়বদ্ধতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। দেশৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক আইডিএফচি বেংকৰ চিইঅ’ই অসাধাৰণ ত্যাগ আৰু মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁ বেংকটোত থকা অংশীদাৰিত্বৰ পৰা ৫লাখ ৩০হাজাৰ ডলাৰ দান দিছে তেওঁৰ ঘৰ আৰু কাৰ্যালয় বিভিন্ন ধৰণৰ সহায়কাৰী কামত নিয়োজিত লোকসকলৰ বাবে। তেওঁৰ ড্ৰাইভাৰ, শাৰীৰিক প্ৰশিক্ষক, ঘৰ আৰু অফিচৰ সহায়কাৰী আদিৰ বাবে তেওঁ এই বৃহৎ পৰিমাণৰ অৰ্থ দান কৰিছে। আইডিএফচি বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া ভি বিদ্যানাথননে বেংকটোত থকা তেওঁৰ শ্বেয়াৰৰ ৩.৭শতাংশ অৰ্থাৎ ৯লাখ শ্বেয়াৰ দাম কৰিছে তেওঁৰ তলতীয়া এইসকল লোকৰ বাবে। জানিব পৰা মতে বিদ্যানাথনৰ এই বৰঙণিৰে তেওঁলোকে বাসগৃহ ক্ৰয় কৰিব। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ৫৪ বছৰীয়া বিদ্যানাথনে ২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা এতিয়ালৈ তেওঁৰ শ্বেয়াৰৰ ৩৮শতাংশ দান কৰিছে। সেই সময়ত তেওঁ কেপিটেল ফাৰ্ট নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ মুৰব্বী আছিল। পাছত কেপিটেল ফাৰ্ট আইডিএফচি বেংকৰ ৰূপত গঠন কৰা হয়। আইডিএফচি বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত হয় স্বামীনাথন। তেওঁ ২০২৪চনলৈকে এই পদত বাহাল থাকিব। উল্লেখ্য যে, তেওঁৰ এই বৃহৎ পৰিমাণৰ দানৰ অন্যতম অংশ হৈছে ২০২০চনত তেওঁ নিজৰ স্কুলীয়া দিনৰ এগৰাকী শিক্ষাগুৰুলৈ আগবঢ়োৱা বৰঙণিও। এতিয়া এটা বেংকৰ মুৰব্বীজন শৈশৱত আছিল অতি দৰিদ্ৰ। তেওঁ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও বিদ্যালয়লৈ অহা-যোৱা কৰিবলৈ তেওঁৰ হাতত ধন নাছিল। তেতিয়া তেওঁৰ এইগৰাকী অংকৰ শিক্ষকে তেওঁ ৫০০টকা ধাৰলৈ দিছিল। তেওঁ সফলতাৰ উচ্চ শিখৰ চুৱাৰ পাছতো তেওঁৰ শিক্ষাগুৰুগৰাকীৰ সহায়ৰ কথা কেতিয়াও নাপাহৰিলে আৰু গুৰুদক্ষিণা আগবঢ়াই গুৰুঋণ পৰিশোধ কৰিলে। কেৱল এয়াই নহয় এটা সমাজসেৱী সংস্থাৰ বিভিন্ন সামাজিক কাম-কাজত আৰ্থিক সহযোগিতা আগবঢ়াবলৈও তেওঁ ২০হাজাৰ শ্বেয়াৰ বিক্ৰী কৰিছিল। উল্লেখ্য যে, ২০১৮চনৰ ১৮ ডিচেম্বৰৰ পৰা এতিয়ালৈ আইডিএফচি বেংকৰ শ্বেয়াৰ ৫শতাংশ বৃদ্ধি পাইছে আৰু দেশৰ এটা উল্লেখযোগ্য ব্যক্তিগত খণ্ডৰ বেংকত ই পৰিণত হৈছে। ক’ভিড মহামাৰীৰ অনগ্ৰসৰতাৰ মাজতো বেংকটোৱে নিজৰ উত্থান ঘটাবলৈ সক্ষম হয় আৰু এই সফলতাৰ বাবে ভি বিদ্যানাথনক ২০২৪চনলৈ পুনৰবাৰ বেংকটোৰ মুখ্যকাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
চাহৰ জনমূৰি ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে 'মিছন ১ কে' অভিযান
Axiom-4 মুকলি কৰাৰ পিছতে সুভাংশু শুক্লাৰ বাবে প্ৰধানমন্ত্ৰীৰ মোদীৰ বিশেষ বাৰ্তা
স্নায়ুজনিত ৰোগত আক্ৰান্ত বলীউডৰ ভাইজান
এই ৩ টা ফল দৈনিক খালে ছাল জিলিকি উঠে
বহনক্ষম উন্নয়ন, শীৰ্ষৰ ১০০ দেশৰ তালিকাত ভাৰত
কুঁৱাত পৰা গৰু পোৱালিক বচাবলৈ গৈ ৫ জনৰ মৃত্যু
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
গভীৰ সংকটত পাকিস্তানৰ কৃষক
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...