--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত দুই কৃতবিদ্য মল্লযুঁজাৰু সাক্ষী মালিক আৰু বজৰঙ্গ পুনিয়া৷ বিজেপিৰ সাংসদ ব্রীজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিঙক ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি হিচাপে নির্বাচিত হোৱাক লৈ বিতর্ক অব্যাহত আছে৷ ইফালে, সিঙৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মল্লযুঁজাৰু বজৰঙ্গ পুনিয়া আৰু সাক্ষী মালিকক সাক্ষাৎ কৰে প্ৰিয়ংকা গান্ধীয়ে। সভাৰ অন্তত প্ৰিয়ংকা গান্ধীয়ে কয় যে 'মই এগৰাকী নাৰী হিচাপে আহিছোঁ।'

টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী মল্লযুঁজাৰু বজৰঙ্গ পুনিয়াই শুকুৰবাৰে (২২ ডিচেম্বৰ) সঞ্জয় সিং ডব্লিউ এফ আইৰ সভাপতি হোৱাৰ প্ৰতিবাদত পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত লয়। এই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মুকলি পত্ৰ লিখিছে।

ইফালে সাক্ষী মালিকেও বৃহস্পতিবাৰে (২১ ডিচেম্বৰ) বিষয়টো সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰি মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।প্ৰধানমন্ত্ৰী মোদীলৈ লিখা এখন পত্ৰত বজৰঙ্গ পুনিয়াই লিখিছে, “প্ৰধানমন্ত্ৰী, আশা কৰিছো আপুনি সুস্থ হৈ উঠিব। দেশৰ সেৱাত ব্যস্ত থাকিব। আপোনাৰ ব্যস্ততাৰ মাজতে দেশৰ মল্লযুঁজৰ প্ৰতি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। আপুনি নিশ্চয় জানে যে চলিত বৰ্ষৰ জানুৱাৰী মাহত মহিলা মল্লযুঁজাৰুসকলে ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ ময়ো তেওঁলোকৰ আন্দোলনত যোগ দিলোঁ।”

তদুপৰি পুনিয়াই লিখিছে, ‘জানুৱাৰী মাহত অভিযোগ কৰা মহিলা মল্লযুঁজাৰুৰ সংখ্যা আছিল ১৯ গৰাকী, যিটো এপ্ৰিলৰ ভিতৰত ৭ জনলৈ হ্ৰাস পাইছে। অৰ্থাৎ এই তিনিমাহত নিজৰ শক্তিৰ আধাৰত ব্ৰীজ ভূষণে ন্যায়ৰ বাবে কৰা যুঁজত ১২ গৰাকী মহিলা মল্লযুঁজাৰুক পৰাস্ত কৰিছে”৷

যেতিয়া পুনিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি সঞ্জয় সিঙৰ নিৰ্বাচনৰ প্ৰতিবাদত পত্ৰ দাখিল কৰিবলৈ সংসদত উপস্থিত হ’বলৈ চেষ্টা কৰিছিল, তেতিয়া দিল্লী আৰক্ষীৰ বিষয়াসকলে তেওঁক কৰ্তব্যৰত অৱস্থাত ৰখাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক