--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিপিআই (এম)ৰ জ্যেষ্ঠ নেতা সীতাৰাম য়েচুৰীৰ পাছত মমতা বেনাৰ্জীয়েও বৰ্জন কৰিবলৈ ওলাইছে ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিতব্য ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথাকিবলৈ সিদ্ধান্ত লৈছে বুলি তৃণমূল কংগ্ৰেছৰ এটা উচ্চস্তৰীয় সূত্ৰই সদৰী কৰিছে৷

সূত্ৰ অনুসৰি মমতা বেনাৰ্জীৰ উপৰি তেওঁৰ দল তৃণমূল কংগ্ৰেছেও অনুষ্ঠানটোলৈ কোনো প্ৰতিনিধি প্ৰেৰণ কৰাৰ সম্ভাৱনা নাই। অৱশ্যে, দলটোৱে এইপৰ্যন্ত আনুষ্ঠানিকভাৱে এই বিষয়ক কোনো সিদ্ধান্ত ঘোষণা কৰা নাই৷ 

তৃণমূল কংগ্ৰেছে বিশ্বাস কৰে যে বিজেপিয়ে ৰাম মন্দিৰ অভিষেক অনুষ্ঠানক ২০২৪ৰ লোকসভা প্ৰচাৰৰ বাবে ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে৷

ইয়াৰ পূৰ্বে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰি কয় যে ধৰ্ম ৰাজনৈতিক লাভৰ বাবে সঁজুলিলৈ ৰূপান্তৰ নকৰাটো ব্যক্তিগত পছন্দ৷

এক্সত এটা পোষ্টত য়েচুৰীৰ দলে এটা ধৰ্মীয় অনুষ্ঠানক ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত অনুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ বাবে বিজেপি আৰু আৰ এছ এছক গৰিহণা দিছিল।

উল্লেখযোগ্য যে নৱনিৰ্মিত ৰাম মন্দিৰটো ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৬,০০০তকৈও অধিক লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক