--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেনাই দেশক সুৰক্ষা দিয়ে। কিন্তু দেশক ৰক্ষা কৰাৰ উপৰি আমি সাধাৰণ লোকসকলৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিব লাগিব। সেনাৰ ফালৰ পৰা কোনো ভুল হ'ব নালাগে যিয়ে দেশবাসীক আঘাত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাশ্মীৰত উপস্থিত হৈ এই কথা কয় । কেইদিনমান পূৰ্বে  কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ আক্ৰমণত চাৰিজন সৈনিক শ্বহীদ হৈছিল।ইয়াৰ পিছতে বিদ্ৰোহ বিৰোধী অভিযানত তিনিজন কাশ্মীৰী নাগৰিক নিহত হৈছিল। 

এই ঘটনাই তাব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি সেনাই উদ্দেশ্যপ্ৰণোদিতভাবে লেক কেইজনক হত্যা কৰিছে।  এনে সময়তে কাশ্মীৰত ৰাজনাথ সিঙৰ  মন্তব্যই বিশেষ  গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে।  

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাশ্মীৰ ভ্ৰমণৰ সময়ত লগতে কয় -প্ৰতিজন সৈনিক মোৰ পৰিয়ালৰ দৰে।  প্ৰতিৰক্ষা মন্ত্ৰীয়ে বুধবাৰে কাশ্মীৰ ভ্ৰমণ কৰে। তেওঁ কয় যে  সেনা  আৰু তেওঁলোকৰ পৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰাটো  চৰকাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা।

পুঞ্চত সেনা জোৱানৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাটোৰ বাবে  এজন ব্ৰিগেডিয়াৰ পদবীৰ বিষয়াৰ অৱহেলাৰ অভিযোগ  উত্থাপিত হৈছে। অভিযোগ কৰা হৈছে যে জোৱানসকলৰ নিৰাপত্তাৰ সৈতে তেওঁ  আপোচ কৰাৰ বাবেই এনে আক্ৰমণ সংঘটিত হ’বলৈ পালে।   এনে অভিযোগৰ মাজতে ৰাজনাথ সিঙে সেনাৰ নিৰাপত্তা ব্যৱস্থাটো পৰ্যালোচনা কৰিবলৈ কাশ্মীৰলৈ গৈছে। তেওঁৰ মতে, ভাৰতীয় সেনা আগৰ তুলনাত যথেষ্ট শক্তিশালী হৈ উঠিছে। 

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কাশ্মীৰত কয়  "প্ৰতিজন ভাৰতীয়ই জোৱানসকলক তেওঁৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰে। যদি কোনোবাই সেনাৰ ওপৰত বেয়া দৃষ্টি দিয়ে , তেওঁলোকক এৰি দিয়া নহ'ব। জোৱানসকলৰ ওপৰত আক্ৰমণ প্ৰতিহত কৰিবলৈ নিৰাপত্তা আৰু উন্নত কৰা হৈছে। ইয়াৰ বাবে, চৰকাৰে সকলো ধৰণে সহায় কৰিব। "


ৰাজনাথ সিঙে লগতে কয় যে  এনে আক্ৰমণৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে।সিঙে কয়  "মই জানো যে আপোনালোক সকলোৱে সতৰ্কতাৰে কাম কৰে, কিন্তু আপোনালোক অধিক সাৱধান হ'ব লাগিব। যেতিয়া জোৱানসকল শ্বহীদ হয়, চৰকাৰে তেওঁলোকৰ পৰিয়ালক কিছু সহায় আগবঢ়ায়। মই সকলোকে আশ্বাস দিব বিচাৰো যে আমাৰ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক সুৰক্ষা দিয়াটো চৰকাৰৰ কৰ্তব্য’’। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে  সন্ত্ৰাসবাদী আক্ৰমণত নিহত সকলৰ ঘৰলৈও যায়  আৰু তেওঁলোকৰ পৰিয়ালক লগ কৰে। তেওঁ নিৰাপত্তা সম্পৰ্কীয়  এখন উচ্চ পৰ্যায়ৰ বৈঠকতো অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক