--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেনাই দেশক সুৰক্ষা দিয়ে। কিন্তু দেশক ৰক্ষা কৰাৰ উপৰি আমি সাধাৰণ লোকসকলৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিব লাগিব। সেনাৰ ফালৰ পৰা কোনো ভুল হ'ব নালাগে যিয়ে দেশবাসীক আঘাত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাশ্মীৰত উপস্থিত হৈ এই কথা কয় । কেইদিনমান পূৰ্বে  কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ আক্ৰমণত চাৰিজন সৈনিক শ্বহীদ হৈছিল।ইয়াৰ পিছতে বিদ্ৰোহ বিৰোধী অভিযানত তিনিজন কাশ্মীৰী নাগৰিক নিহত হৈছিল। 

এই ঘটনাই তাব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি সেনাই উদ্দেশ্যপ্ৰণোদিতভাবে লেক কেইজনক হত্যা কৰিছে।  এনে সময়তে কাশ্মীৰত ৰাজনাথ সিঙৰ  মন্তব্যই বিশেষ  গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে।  

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাশ্মীৰ ভ্ৰমণৰ সময়ত লগতে কয় -প্ৰতিজন সৈনিক মোৰ পৰিয়ালৰ দৰে।  প্ৰতিৰক্ষা মন্ত্ৰীয়ে বুধবাৰে কাশ্মীৰ ভ্ৰমণ কৰে। তেওঁ কয় যে  সেনা  আৰু তেওঁলোকৰ পৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰাটো  চৰকাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা।

পুঞ্চত সেনা জোৱানৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাটোৰ বাবে  এজন ব্ৰিগেডিয়াৰ পদবীৰ বিষয়াৰ অৱহেলাৰ অভিযোগ  উত্থাপিত হৈছে। অভিযোগ কৰা হৈছে যে জোৱানসকলৰ নিৰাপত্তাৰ সৈতে তেওঁ  আপোচ কৰাৰ বাবেই এনে আক্ৰমণ সংঘটিত হ’বলৈ পালে।   এনে অভিযোগৰ মাজতে ৰাজনাথ সিঙে সেনাৰ নিৰাপত্তা ব্যৱস্থাটো পৰ্যালোচনা কৰিবলৈ কাশ্মীৰলৈ গৈছে। তেওঁৰ মতে, ভাৰতীয় সেনা আগৰ তুলনাত যথেষ্ট শক্তিশালী হৈ উঠিছে। 

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কাশ্মীৰত কয়  "প্ৰতিজন ভাৰতীয়ই জোৱানসকলক তেওঁৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰে। যদি কোনোবাই সেনাৰ ওপৰত বেয়া দৃষ্টি দিয়ে , তেওঁলোকক এৰি দিয়া নহ'ব। জোৱানসকলৰ ওপৰত আক্ৰমণ প্ৰতিহত কৰিবলৈ নিৰাপত্তা আৰু উন্নত কৰা হৈছে। ইয়াৰ বাবে, চৰকাৰে সকলো ধৰণে সহায় কৰিব। "


ৰাজনাথ সিঙে লগতে কয় যে  এনে আক্ৰমণৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে।সিঙে কয়  "মই জানো যে আপোনালোক সকলোৱে সতৰ্কতাৰে কাম কৰে, কিন্তু আপোনালোক অধিক সাৱধান হ'ব লাগিব। যেতিয়া জোৱানসকল শ্বহীদ হয়, চৰকাৰে তেওঁলোকৰ পৰিয়ালক কিছু সহায় আগবঢ়ায়। মই সকলোকে আশ্বাস দিব বিচাৰো যে আমাৰ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক সুৰক্ষা দিয়াটো চৰকাৰৰ কৰ্তব্য’’। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে  সন্ত্ৰাসবাদী আক্ৰমণত নিহত সকলৰ ঘৰলৈও যায়  আৰু তেওঁলোকৰ পৰিয়ালক লগ কৰে। তেওঁ নিৰাপত্তা সম্পৰ্কীয়  এখন উচ্চ পৰ্যায়ৰ বৈঠকতো অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক