--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ভাৰত জোড়ো যাত্ৰা'ৰ পিছত এইবাৰ কংগ্ৰেছে আৰম্ভ কৰিব  'ভাৰত ন্যায় যাত্ৰা'।  ৰাহুলে প্ৰকাশ কৰা মতে  মণিপুৰৰ পৰা মুম্বাইলৈ চলিব এই  'ভাৰত ন্যায় যাত্ৰা'। 'ভাৰত ন্যায় যাত্ৰা' যাত্ৰা ১৪ জানুৱাৰীত আৰম্ভ হ'ব।এই যাত্ৰা  ২০ মাৰ্চত অন্ত পৰিব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে বুধবাৰে এই কথা প্ৰকাশ কৰে। 

তেওঁ লগতে কয় যে ৰাহুলে ৬৫ দিনীয়া যাত্ৰাত মুঠ ৬,২০০ কিলোমিটাৰ ভ্ৰমণ কৰিব। এই যাত্ৰাই  ১৪ খন ৰাজ্য আৰু ৮৫ খন জিলা সামৰি ল’ব। ৰাহুলৰ যাত্ৰা কোনবোৰ ৰাজ্যলৈ যাব? ৰাহুলে এই যাত্ৰাৰ সময়ত  মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, বংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰ অতিক্ৰম কৰিব। বেণুগোপালে লগতে কয়, "এই যাত্ৰাৰ সময়ত ৰাহুলে মুখ্যতঃ যুৱ, মহিলা আৰু সমাজৰ একেবাৰে শেষৰ স্তৰৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰিব। "
 
কিন্তু এই যাত্ৰা আৰু ভাৰত জোড়ো যাত্ৰাৰ মাজত পাৰ্থক্য থাকিব। এইবাৰ যাত্ৰা  খোজকাঢ়ি কৰা নহ’ব,মুখ্যতঃ বাছত উঠি কৰা হ’ব এই যাত্ৰা। ২০২২ চনৰ ৬ ছেপ্টেম্বৰত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে ১৫০ দিনত ৪,৫০০ কিলোমিটাৰ খোজকাঢ়িছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক