--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰচণ্ড শীত লহৰৰ বাবে দিল্লীত বন্ধ ৰখা হৈছিল শিক্ষানুষ্ঠান৷ বৰ্ধিত শীতৰ বিৰতি সমাপ্ত হোৱাৰ লগে লগে দিল্লীৰ বিদ্যালয়সমূহ সোমবাৰৰ পৰা পুনৰ মুকলি হ'ব, কিন্তু প্ৰচলিত শীতৰ ঢৌ আৰু কুঁৱলীৰ পৰিস্থিতিৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে শ্ৰেণীৰ সময়ৰ সালসলনি ঘটোৱা হৈছে।

পুৱা ৯ বজাৰ পূৰ্বে কোনো শ্ৰেণী আৰম্ভ নহ'ব আৰু সন্ধিয়া ৫ বজাৰ পাছত কোনো শ্ৰেণী চলিব নোৱাৰিব বুলি দেওবাৰে শিক্ষা বিভাগে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে। সকলো শিক্ষক আৰু কৰ্মচাৰীয়ে সদায়ৰ দৰে ডিউটী ৰিপোৰ্ট কৰিব লাগিব বুলি নিৰ্দেশনাটোত লগতে কোৱা হৈছে।

নিৰ্দেশনাটোত চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু স্বীকৃত ব্যক্তিগত বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ১৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকৰ নিজ নিজ বিদ্যালয়ত পুনৰ শ্ৰেণীত যোগদান কৰিব। ইয়াত নাৰ্চাৰী, কেজি আৰু প্ৰাথমিক শ্ৰেণীও অন্তৰ্ভুক্ত আছে বুলি শিক্ষা বিভাগৰ জাননীত কোৱা হৈছে৷

৭ জানুৱাৰীত দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে ঘোষণা কৰিছিল যে ৰাজধানী চহৰ দিল্লীত চলি থকা শীতৰ ঢৌৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শীতকালীন বিৰতি ১২ জানুৱাৰীলৈ বৃদ্ধি কৰা হ'ব।

উল্লেখযোগ্য যে দিল্লীত আজি সৰ্বনিম্ন তাপমাত্ৰা ৩.৫ চেলচিয়াছলৈ হ্ৰাস পাইছে। লোধি ৰোড এলেকাত পাৰাস্তম্ভ আৰু তললৈ ৩.৪ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু