--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়৷ সততে সংবাদ শিৰোনাম দখল কৰি অহা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ) পুনৰ চৰ্চালৈ আহিছে৷ জে এন ইউৰ দেৱালত দেখা গৈছে আপত্তিজনক শ্ল’গান। 

এইবাৰ জেএনইউৰ ভাষা অধ্যয়ন কেন্দ্ৰত ‘বাবৰি মছজিদ পুনৰ নিৰ্মাণ কৰা হ'ব’ শ্ল’গান স্প্ৰে’-পেইণ্টেৰে লিখা হৈছে। শ্লোগানৰ লগতে লিখা হৈছে ৬ ডিচেম্বৰ তাৰিখো৷ লগতে অঁকা হৈছে এন.এছ.ইউ.আই.ৰ ল’গ’, মহাত্মা গান্ধী, চৰ্দাৰ ভগত সিং আৰু ইন্দিৰা গান্ধীৰ ছবি৷ অৱশ্যে, এন.এছ.ইউ.আই.য়ে কৈছে যে এয়া দুষ্টচক্ৰৰ কাম।

তথ্য অনুসৰি, জেএনইউৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ দেৱালত ‘ৰিবিল্ড বাবৰি মছজিদ’ আৰু ‘৬ ডিচেম্বৰ’ লিখা দেখা গৈছে। এই শ্ল’গানটো এনে এটা সময়ত লিখা হৈছে, যিসময়ত কিছুদিন পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অযোধ্যালৈ গৈ আছে আৰু ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাত বিশাল ৰাম মন্দিৰ উদ্বোধন হ'বলৈ গৈ আছে। উল্লেখযোগ্য যে ১৯৯২ৰ ৬ ডিচেম্বৰৰত কাৰসেৱকসকলে বিতৰ্কিত বাবৰি মছজিদ ধ্বংস কৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এন.এছ.ইউ.আই.ৰ জেএনইউ গোটৰ সভাপতি সুধাংশু শেখৰে এই বিষয়ত স্পষ্টীকৰণ দিছে৷ সুধাংশু শেখৰে কৈছে যে তেওঁলোকৰ সংগঠনৰ নাম ইতিমধ্যে ক’লা মাৰ্কাৰেৰে লিখা হৈছিল। পাছত, বিতৰ্কিত শ্ল’গানবোৰ ৰঙা ৰঙত লিখা হৈছিল। এইটো এন.এছ.ইউ.আই.ক বদনাম কৰাৰ এটা প্ৰয়াস। তেওঁ দাবী জনাইছে যে যদি সমগ্ৰ অঞ্চলটোৰ চিচিটিভি কেমেৰা পৰীক্ষা কৰা হয়, অভিযুক্তজন ধৰা পৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক