--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়৷ সততে সংবাদ শিৰোনাম দখল কৰি অহা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ) পুনৰ চৰ্চালৈ আহিছে৷ জে এন ইউৰ দেৱালত দেখা গৈছে আপত্তিজনক শ্ল’গান। 

এইবাৰ জেএনইউৰ ভাষা অধ্যয়ন কেন্দ্ৰত ‘বাবৰি মছজিদ পুনৰ নিৰ্মাণ কৰা হ'ব’ শ্ল’গান স্প্ৰে’-পেইণ্টেৰে লিখা হৈছে। শ্লোগানৰ লগতে লিখা হৈছে ৬ ডিচেম্বৰ তাৰিখো৷ লগতে অঁকা হৈছে এন.এছ.ইউ.আই.ৰ ল’গ’, মহাত্মা গান্ধী, চৰ্দাৰ ভগত সিং আৰু ইন্দিৰা গান্ধীৰ ছবি৷ অৱশ্যে, এন.এছ.ইউ.আই.য়ে কৈছে যে এয়া দুষ্টচক্ৰৰ কাম।

তথ্য অনুসৰি, জেএনইউৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ দেৱালত ‘ৰিবিল্ড বাবৰি মছজিদ’ আৰু ‘৬ ডিচেম্বৰ’ লিখা দেখা গৈছে। এই শ্ল’গানটো এনে এটা সময়ত লিখা হৈছে, যিসময়ত কিছুদিন পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অযোধ্যালৈ গৈ আছে আৰু ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাত বিশাল ৰাম মন্দিৰ উদ্বোধন হ'বলৈ গৈ আছে। উল্লেখযোগ্য যে ১৯৯২ৰ ৬ ডিচেম্বৰৰত কাৰসেৱকসকলে বিতৰ্কিত বাবৰি মছজিদ ধ্বংস কৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এন.এছ.ইউ.আই.ৰ জেএনইউ গোটৰ সভাপতি সুধাংশু শেখৰে এই বিষয়ত স্পষ্টীকৰণ দিছে৷ সুধাংশু শেখৰে কৈছে যে তেওঁলোকৰ সংগঠনৰ নাম ইতিমধ্যে ক’লা মাৰ্কাৰেৰে লিখা হৈছিল। পাছত, বিতৰ্কিত শ্ল’গানবোৰ ৰঙা ৰঙত লিখা হৈছিল। এইটো এন.এছ.ইউ.আই.ক বদনাম কৰাৰ এটা প্ৰয়াস। তেওঁ দাবী জনাইছে যে যদি সমগ্ৰ অঞ্চলটোৰ চিচিটিভি কেমেৰা পৰীক্ষা কৰা হয়, অভিযুক্তজন ধৰা পৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু