--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চিমলাত ধৰ্ষণৰ বলি হ’ল শ্বুটিং কৰিবলৈ যোৱা পঞ্জাৱৰ এগৰাকী মডেলষ জলন্ধৰৰ বাসিন্দা মডেলগৰাকীয়ে  এজন ব্যক্তিৰ বিৰুদ্ধে  বলাৎকাৰৰ  অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি  ২২ ডিচেম্বৰত তেওঁ চিমলালৈ শ্বুটিঙৰ বাবে গৈছিল আৰু তাতেই এখন হোটেলত আছিল৷ 

হোটেলতে লোকজনে মডেলগৰাকীক ধৰ্ষণ কৰে বুলি অভিযোগ কৰা হৈছে৷  মডেলগৰাকীয়ে অভিযোগ কৰা অনুসৰি  পঞ্জাৱৰে বাসিন্দা জগতাৰ সিং নামৰ লোকজনে তেওঁৰ  সৈতে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। অভিযুক্তজনে  মডেলগৰাকীৰ সৈতে একেলগে চিমলালৈ আহিছিল। 

মডেলগৰাকীয়ে  ২৭ ডিচেম্বৰত আৰক্ষীৰ কাষ চাপিছিল। এই সন্দৰ্ভত  নিউ চিমলাৰ  মহিলা আৰক্ষী থানাত গোচৰ  পঞ্জীয়ন কৰা হৈছে।আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে।চিমলা আৰক্ষীৰ এএছপি সুনীল নেগীয়ে কয়  যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।  অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (হত্যা) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। 

তথ্য অনুসৰি, ২২ ডিচেম্বৰত তেওঁলোক দুয়ো চিমলাৰ এখন বিখ্যাত হোটেলত আছিল। আৰক্ষীয়ে হোটেলৰ কৰ্মচাৰীসকলকো সোধা-পোছা কৰি আছে। ইয়াৰ উপৰি  হোটেলখনৰ চিচিটিভি কেমেৰাৰ ফুটেজো স্কেন কৰা হৈছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে আৰক্ষীৰ  দল পঞ্জাৱলৈ প্ৰেৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক