--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চিমলাত ধৰ্ষণৰ বলি হ’ল শ্বুটিং কৰিবলৈ যোৱা পঞ্জাৱৰ এগৰাকী মডেলষ জলন্ধৰৰ বাসিন্দা মডেলগৰাকীয়ে  এজন ব্যক্তিৰ বিৰুদ্ধে  বলাৎকাৰৰ  অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি  ২২ ডিচেম্বৰত তেওঁ চিমলালৈ শ্বুটিঙৰ বাবে গৈছিল আৰু তাতেই এখন হোটেলত আছিল৷ 

হোটেলতে লোকজনে মডেলগৰাকীক ধৰ্ষণ কৰে বুলি অভিযোগ কৰা হৈছে৷  মডেলগৰাকীয়ে অভিযোগ কৰা অনুসৰি  পঞ্জাৱৰে বাসিন্দা জগতাৰ সিং নামৰ লোকজনে তেওঁৰ  সৈতে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। অভিযুক্তজনে  মডেলগৰাকীৰ সৈতে একেলগে চিমলালৈ আহিছিল। 

মডেলগৰাকীয়ে  ২৭ ডিচেম্বৰত আৰক্ষীৰ কাষ চাপিছিল। এই সন্দৰ্ভত  নিউ চিমলাৰ  মহিলা আৰক্ষী থানাত গোচৰ  পঞ্জীয়ন কৰা হৈছে।আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে।চিমলা আৰক্ষীৰ এএছপি সুনীল নেগীয়ে কয়  যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।  অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (হত্যা) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। 

তথ্য অনুসৰি, ২২ ডিচেম্বৰত তেওঁলোক দুয়ো চিমলাৰ এখন বিখ্যাত হোটেলত আছিল। আৰক্ষীয়ে হোটেলৰ কৰ্মচাৰীসকলকো সোধা-পোছা কৰি আছে। ইয়াৰ উপৰি  হোটেলখনৰ চিচিটিভি কেমেৰাৰ ফুটেজো স্কেন কৰা হৈছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে আৰক্ষীৰ  দল পঞ্জাৱলৈ প্ৰেৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু