--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক বৰ্ষৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব ৰাম মন্দিৰৰ৷অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে অহা মাহত অনুষ্ঠিত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ বাবেও আমন্ত্ৰণ লাভ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই। এই অনুষ্ঠানলৈ আমন্ত্ৰিত হোৱা ৮ হাজাৰ লোকৰ ভিতৰত তেওঁ অন্যতম। 

অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক কাৰ্যসূচী ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব। এই কাৰ্যসূচী মন্দিৰৰ পৰিচালন সংস্থা শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ তত্বাৱধানত সম্পূৰ্ণ কৰা হ'ব। এই একেটা সংস্থাই এই মহান অনুষ্ঠানৰ বাবে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোককো আমন্ত্ৰণ জনাইছে। ইয়াৰ অধীনত এই কাৰ্যসূচীৰ বাবে ৮০০০ লোকক আমন্ত্ৰণ জনোৱা হৈছে। অৱশ্যে এই আঠ হাজাৰৰ ভিতৰত ছয় হাজাৰ সাধু হ’ব বুলিও কোৱা হৈছে। বাকী দুহাজাৰ অতিথিৰ ভিতৰত থাকিব ৰামজন্মভূমিৰ হৈ যুঁজ দিয়া সকলৰ পৰিয়াল, শ্ৰমিক আৰু বিশিষ্ট ব্যক্তি।

ভাৰতীয় ৰাজনীতিৰ প্ৰায় সকলো ডাঙৰ মুখ এই সময়ছোৱাত দেখা পোৱা যাব। বহুতো বৃহৎ উদ্যোগপতি আৰু মনোৰঞ্জন উদ্যোগৰ তাৰকাকো ইয়াত নিমন্ত্ৰণ কৰা হয়। দেশৰ বৃহৎ উদ্যোগপতি ৰতন টাটা, মুকেশ আম্বানী আৰু গৌতম আদানীক আমন্ত্ৰণ জনোৱা হৈছে। অমিতাভ বচ্চনকো আমন্ত্ৰণ জনোৱা হৈছে। ক্ৰীড়া জগতৰ পৰাও এটা এটাকৈ নাম ওলাই আহিছে। বুধবাৰে খবৰ আহিল যে শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। এতিয়া ৰোহিত শৰ্মায়ো নিমন্ত্ৰণ পোৱাৰ খবৰ আহিছে।

এই অনুষ্ঠানৰ অংশ হোৱাটো ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বাবে অলপ কঠিন হ’ব। দৰাচলতে ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখন খেলৰ টেষ্ট শৃংখলা ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। টেষ্ট ক্ৰিকেটত ইংলেণ্ড অতি শক্তিশালী দল। যেতিয়া ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী হ’ব তেতিয়া ইংলেণ্ডৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু হ’ব ৰোহিত আৰু বিৰাটে। এনে পৰিস্থিতিত দুয়োৰে বাবে খেলৰ দুদিন আগতে কোনো ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সম্ভৱ হ’ব নে নহ’ব সেয়া হ’ব আগন্তুক সময়ত লক্ষণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক