--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৭ চন। কলকাতাত খেলিবলৈ আহিছিল মহেন্দ্ৰ সিং ধোনী। অনুশীলনৰ অন্তত হোটেললৈ উভটা বাছত উঠিবলৈ ইডেন গাৰ্ডেনৰ পৰা উলাই অহা মাত্ৰকে দৌৰি আহে এগৰাকী যুৱতী। কোনোৱে একো গম পোৱাৰ আগতেই ধোনীক সাৱটি ধৰিলে। তাৰ পিছত তাৰ গালত চুমা খায়।

সেই ঘটনাৰ ১৬ বছৰৰ পাছতো পাহৰিব পৰা নাই হাছিনা নাছৰীনে। সেই সময়ত বাহাৰমপুৰৰ হাছিনাৰ বয়স আছিল ১৮ বছৰ। এতিয়া তাইৰ বয়স ৩৪ বছৰ। সংবাদ মাধ্যমত হাছিনাই কয় যে- ''শ্ৰীলংকাৰ বিৰুদ্ধে ধোনীৰ ১৮৩ ৰানৰ ইনিংছ দেখি মই অনুৰাগী হৈ পৰিলোঁ। ধোনিৰ জন্মদিন ৭ জুলাই। মই তেওঁৰ বাবে কাৰ্ড এখন বনালোঁ। কিন্তু মই দিব নাজানিছিলো। ধোনী কলকাতালৈ আহিল। মই ভাবিলোঁ এইটোৱেই আটাইতকৈ ভাল সুযোগ।’’

ধোনীক চুমা খোৱাৰ উপৰিও হাছিনাই হাতেৰে বনোৱা কাৰ্ডো দিলে। তেওঁ ক'লে, "ধোনীক দেখাৰ পিছত মই নিজকে ৰখাব নোৱাৰিলোঁ। কাৰ্ডখনো দি দিলোঁ। ধোনী বৰ সুখী হৈ পৰিল। ইয়াৰ পিছত তেওঁ মোক আতৰি যাবলৈ ক’লে। কাৰণ, সেই মুহূৰ্ততে নিৰাপত্তাৰক্ষীয়ে মোক টানিবলৈ ধৰিছিল।’’

হাছিনাৰ পৰিয়ালৰ লোকেও ধোনী-ভক্তি সম্পৰ্কে মুকলিকৈ ক’লে। তেওঁৰ পেহীয়েক কুহেলী বেগমে ক’লে, “ধোনীৰ কোনো সমালোচনা সহ্য কৰিব নোৱাৰো। কোনোবাই ধোনীক সমালোচনা কৰিলে তেওঁৰ লগত কাজিয়া আৰম্ভ কৰি দিছিলো।''

সেই সময়ত হাছিনাক ৰাজহুৱা পথত ধোনীক সাৱটি ধৰা বুলি বহুতে সমালোচনা কৰিছিল। কিন্তু তেওঁৰ পিতৃ ইমাদুল ইছলামে কয় যে আমি সকলোৱে পৰিয়ালত ধোনিৰ অনুৰাগী। গতিকে সন্মুখত ধোনীক দেখি মোৰ ছোৱালীয়ে সাৱটি ধৰিলে।  তেওঁ কোনো অপৰাধ সংঘটিত কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক