--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৭ চন। কলকাতাত খেলিবলৈ আহিছিল মহেন্দ্ৰ সিং ধোনী। অনুশীলনৰ অন্তত হোটেললৈ উভটা বাছত উঠিবলৈ ইডেন গাৰ্ডেনৰ পৰা উলাই অহা মাত্ৰকে দৌৰি আহে এগৰাকী যুৱতী। কোনোৱে একো গম পোৱাৰ আগতেই ধোনীক সাৱটি ধৰিলে। তাৰ পিছত তাৰ গালত চুমা খায়।

সেই ঘটনাৰ ১৬ বছৰৰ পাছতো পাহৰিব পৰা নাই হাছিনা নাছৰীনে। সেই সময়ত বাহাৰমপুৰৰ হাছিনাৰ বয়স আছিল ১৮ বছৰ। এতিয়া তাইৰ বয়স ৩৪ বছৰ। সংবাদ মাধ্যমত হাছিনাই কয় যে- ''শ্ৰীলংকাৰ বিৰুদ্ধে ধোনীৰ ১৮৩ ৰানৰ ইনিংছ দেখি মই অনুৰাগী হৈ পৰিলোঁ। ধোনিৰ জন্মদিন ৭ জুলাই। মই তেওঁৰ বাবে কাৰ্ড এখন বনালোঁ। কিন্তু মই দিব নাজানিছিলো। ধোনী কলকাতালৈ আহিল। মই ভাবিলোঁ এইটোৱেই আটাইতকৈ ভাল সুযোগ।’’

ধোনীক চুমা খোৱাৰ উপৰিও হাছিনাই হাতেৰে বনোৱা কাৰ্ডো দিলে। তেওঁ ক'লে, "ধোনীক দেখাৰ পিছত মই নিজকে ৰখাব নোৱাৰিলোঁ। কাৰ্ডখনো দি দিলোঁ। ধোনী বৰ সুখী হৈ পৰিল। ইয়াৰ পিছত তেওঁ মোক আতৰি যাবলৈ ক’লে। কাৰণ, সেই মুহূৰ্ততে নিৰাপত্তাৰক্ষীয়ে মোক টানিবলৈ ধৰিছিল।’’

হাছিনাৰ পৰিয়ালৰ লোকেও ধোনী-ভক্তি সম্পৰ্কে মুকলিকৈ ক’লে। তেওঁৰ পেহীয়েক কুহেলী বেগমে ক’লে, “ধোনীৰ কোনো সমালোচনা সহ্য কৰিব নোৱাৰো। কোনোবাই ধোনীক সমালোচনা কৰিলে তেওঁৰ লগত কাজিয়া আৰম্ভ কৰি দিছিলো।''

সেই সময়ত হাছিনাক ৰাজহুৱা পথত ধোনীক সাৱটি ধৰা বুলি বহুতে সমালোচনা কৰিছিল। কিন্তু তেওঁৰ পিতৃ ইমাদুল ইছলামে কয় যে আমি সকলোৱে পৰিয়ালত ধোনিৰ অনুৰাগী। গতিকে সন্মুখত ধোনীক দেখি মোৰ ছোৱালীয়ে সাৱটি ধৰিলে।  তেওঁ কোনো অপৰাধ সংঘটিত কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক