--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অযোধ্যাত নিৰ্মিত বেচনৰ লাডুৰ অভূতপূৰ্ব চাহিদা বাঢ়িছে। ২২ জানুৱাৰীত প্ৰতিখন গাঁৱত বিতৰণ কৰিবলৈ কিলোত নহয় কুইণ্টলত বেচনৰ লাডুৰ অৰ্ডাৰ আহি আছে। পৰিস্থিতি এনেকুৱা যে যুদ্ধংদেহি মনোভাৱেৰে লাডু বনোৱা হৈছে। 

বিগত শতিকা ধৰি অযোধ্যাৰ হনুমানগড়ীত লাডু আৰু পেড়াৰ দোকান চলাই অহা বিকাশ গুপ্তাই কয় যে তেওঁৰ অৰ্ডাৰ দহ কুইণ্টলতকৈ অধিক৷ এয়া মাথোঁ এখন দোকানৰ উদাহৰণ৷

দূৰৈৰ গাঁও-চহৰৰ পৰা মানুহে ফোন কৰিছে আৰু তেওঁলোকে নিজৰ অঞ্চলত অযোধ্যাৰ প্ৰসাদ বিতৰণ কৰিব বিচাৰিছে। এই বেচনৰ লাডু দুমাহতকৈ অধিক সময় ভাল হৈ থাকে, যাৰ বাবে ইয়াৰ চাহিদা বহু বেছি। অযোধ্যাৰ খুৰচান পেড়াও বিখ্যাত কিন্তু ক্ষতিগ্ৰস্ত বা ভাঙিলে মেৰামতি নহয় কিন্তু লাড়ু ভাঙিলে পুনৰ বনাব পাৰি।

বেচনৰ লাডুত পানী ব্যৱহাৰ কৰা নহয়, যাৰ বাবে ই বহু মাহলৈকে একে সোৱাদতে থাকে। অযোধ্যাৰ লাডুৰ এতিয়াও যথেষ্ট গুৰুত্ব আছে। ইয়াৰ পৰা লৈ যোৱাসকলে ক’ব যে সেয়া ৰাম মন্দিৰৰ আশীৰ্বাদ। ২০২২ চনত এক কেজি গ্ৰাম বেচনৰ লাডুৰ দাম আছিল ১৬০ টকা, যিটো এতিয়া প্ৰতি কেজি ২৪০ টকা হৈ পৰিছে। এবছৰৰ ভিতৰত এয়া আটাইতকৈ ডাঙৰ জাঁপ, ইয়াৰ আঁৰৰ কাৰণ হৈছে বেচন আৰু চেনিৰ দাম বৃদ্ধি

পূৰ্বে প্ৰতি কেজি চেনিৰ মূল্য আছিল ৩৮ টকা, যিটো এতিয়া প্ৰতি কেজি ৪৪ টকা হৈ পৰিছে, আনহাতে প্ৰতি কেজিত বেচনৰ মূল্য আছিল ৬৫ টকা, যিটো এতিয়া প্ৰতি কেজিত ৭৮ টকা হৈছে। আগতে প্ৰতিজন ব্যক্তিৰ মজুৰি ৮০০টকা আছিল যদিও এতিয়া প্ৰতিদিনে ১২০০ টকালৈ বৃদ্ধি পাইছে। আপুনি জানি আচৰিত হ’ব যে ২০২০ চনৰ আগতে এদিনতে এখন দোকানত প্ৰায় এহেজাৰ লাডু বিক্ৰী হৈছিল যদিও এতিয়া এদিনতে এখন দোকানত পাঁচ হাজাৰতকৈও অধিক লাডু বিক্ৰী হৈছে। এয়াই বুজায় যে ভক্তৰ সংখ্যা কিমান বৃদ্ধি পাইছে।

লাডু কিনাসকলে বিশ্বাস কৰে যে তেওঁলোক ভগৱান ৰামৰ ৰাজপ্ৰসাদলৈ আহিছে। নিজৰ অঞ্চলৰ মানুহক লাডু খুৱাব আৰু ৰাম মন্দিৰ দৰ্শন কৰি আহিছে বুলি ক’ব। সমগ্ৰ বিশ্বতে হনুমানক ভগৱান ৰামৰ সৰ্ববৃহৎ ভক্ত বুলি গণ্য কৰা হয় আৰু ভক্তসকলে জানে যে হনুমানে বেচনৰ লাডু অতিশয় ভাল পায়। এতিয়া অপেক্ষা ২২ জানুৱাৰীলৈ যেতিয়া ভক্তসকলে এই লাড়ুবোৰ সাধাৰণ ৰাইজৰ মাজলৈ লৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক