--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অযোধ্যাত নিৰ্মিত বেচনৰ লাডুৰ অভূতপূৰ্ব চাহিদা বাঢ়িছে। ২২ জানুৱাৰীত প্ৰতিখন গাঁৱত বিতৰণ কৰিবলৈ কিলোত নহয় কুইণ্টলত বেচনৰ লাডুৰ অৰ্ডাৰ আহি আছে। পৰিস্থিতি এনেকুৱা যে যুদ্ধংদেহি মনোভাৱেৰে লাডু বনোৱা হৈছে। 

বিগত শতিকা ধৰি অযোধ্যাৰ হনুমানগড়ীত লাডু আৰু পেড়াৰ দোকান চলাই অহা বিকাশ গুপ্তাই কয় যে তেওঁৰ অৰ্ডাৰ দহ কুইণ্টলতকৈ অধিক৷ এয়া মাথোঁ এখন দোকানৰ উদাহৰণ৷

দূৰৈৰ গাঁও-চহৰৰ পৰা মানুহে ফোন কৰিছে আৰু তেওঁলোকে নিজৰ অঞ্চলত অযোধ্যাৰ প্ৰসাদ বিতৰণ কৰিব বিচাৰিছে। এই বেচনৰ লাডু দুমাহতকৈ অধিক সময় ভাল হৈ থাকে, যাৰ বাবে ইয়াৰ চাহিদা বহু বেছি। অযোধ্যাৰ খুৰচান পেড়াও বিখ্যাত কিন্তু ক্ষতিগ্ৰস্ত বা ভাঙিলে মেৰামতি নহয় কিন্তু লাড়ু ভাঙিলে পুনৰ বনাব পাৰি।

বেচনৰ লাডুত পানী ব্যৱহাৰ কৰা নহয়, যাৰ বাবে ই বহু মাহলৈকে একে সোৱাদতে থাকে। অযোধ্যাৰ লাডুৰ এতিয়াও যথেষ্ট গুৰুত্ব আছে। ইয়াৰ পৰা লৈ যোৱাসকলে ক’ব যে সেয়া ৰাম মন্দিৰৰ আশীৰ্বাদ। ২০২২ চনত এক কেজি গ্ৰাম বেচনৰ লাডুৰ দাম আছিল ১৬০ টকা, যিটো এতিয়া প্ৰতি কেজি ২৪০ টকা হৈ পৰিছে। এবছৰৰ ভিতৰত এয়া আটাইতকৈ ডাঙৰ জাঁপ, ইয়াৰ আঁৰৰ কাৰণ হৈছে বেচন আৰু চেনিৰ দাম বৃদ্ধি

পূৰ্বে প্ৰতি কেজি চেনিৰ মূল্য আছিল ৩৮ টকা, যিটো এতিয়া প্ৰতি কেজি ৪৪ টকা হৈ পৰিছে, আনহাতে প্ৰতি কেজিত বেচনৰ মূল্য আছিল ৬৫ টকা, যিটো এতিয়া প্ৰতি কেজিত ৭৮ টকা হৈছে। আগতে প্ৰতিজন ব্যক্তিৰ মজুৰি ৮০০টকা আছিল যদিও এতিয়া প্ৰতিদিনে ১২০০ টকালৈ বৃদ্ধি পাইছে। আপুনি জানি আচৰিত হ’ব যে ২০২০ চনৰ আগতে এদিনতে এখন দোকানত প্ৰায় এহেজাৰ লাডু বিক্ৰী হৈছিল যদিও এতিয়া এদিনতে এখন দোকানত পাঁচ হাজাৰতকৈও অধিক লাডু বিক্ৰী হৈছে। এয়াই বুজায় যে ভক্তৰ সংখ্যা কিমান বৃদ্ধি পাইছে।

লাডু কিনাসকলে বিশ্বাস কৰে যে তেওঁলোক ভগৱান ৰামৰ ৰাজপ্ৰসাদলৈ আহিছে। নিজৰ অঞ্চলৰ মানুহক লাডু খুৱাব আৰু ৰাম মন্দিৰ দৰ্শন কৰি আহিছে বুলি ক’ব। সমগ্ৰ বিশ্বতে হনুমানক ভগৱান ৰামৰ সৰ্ববৃহৎ ভক্ত বুলি গণ্য কৰা হয় আৰু ভক্তসকলে জানে যে হনুমানে বেচনৰ লাডু অতিশয় ভাল পায়। এতিয়া অপেক্ষা ২২ জানুৱাৰীলৈ যেতিয়া ভক্তসকলে এই লাড়ুবোৰ সাধাৰণ ৰাইজৰ মাজলৈ লৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু