--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বাবে  ২০২৩ বৰ্ষটো  এক গৌৰৱময় বছৰ। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ৩১  মাৰ্চ ২০২৩ত  নতুন দিল্লীত বৈদেশিক বাণিজ্য নীতি ২০২৩ (এফটিপি ২০২৩) আৰম্ভ  কৰিছিল। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এফটিপি ২০২৩-ৰ অধীনত   শুল্ক-মুক্ত  আমদানিৰ সুবিধা প্ৰদান কৰা আগতীয়া অনুমোদন আঁচনি ৰূপায়ণ কৰিছে। এতিয়া ৰপ্তানিকৰ্তাই প্ৰমাণপত্ৰৰ বাবে ডিজিএফটিৰ কাৰ্যালয়ত আবেদন কৰাৰ প্ৰয়োজন নহ'ব৷ কেৱল  বাণিজ্যিক  পৰিসংখ্যা সঞ্চালকালয় (ডিজিচিআইএছ)ৰ সামগ্ৰী ৰপ্তানি সম্পৰ্কীয়  ইলেক্ট্ৰনিক তথ্য আৰু অন্যান্য মাপকাঠিৰ ভিত্তিত   তথ্য প্ৰযুক্তি প্ৰণালীৰ দ্বাৰা ৰপ্তানিৰ স্বীকৃতি প্ৰদান কৰা হ'ব। ফলত ৰপ্তানিৰ কাম সহজ হৈ পৰিছে৷  
 
জি-২০

২০২৩ চনৰ ২৪ আৰু ২৫ আগষ্টত জয়পুৰত জি-২০ বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰালয়ৰ বৈঠক (টিআইএমএম) অনুষ্ঠিত হৈছিল। বৈঠকখনৰ নেতৃত্ব দিছিল কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰীয়ে। ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত  জি-২০  বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰালয়ে  পাঁচটা  বাণিজ্য সম্পৰ্কীয় বিষয়ত  গুৰুত্বপূৰ্ণ সহমতত উপনীত হৈছে।
প্ৰথমটো হ'ল বাণিজ্য নথিপত্ৰৰ ডিজিটেলকৰণৰ  উচ্চ-স্তৰীয় নীতি গ্ৰহণ কৰা৷  য'ত জি-২০ত অংশগ্ৰহণ কৰা  মন্ত্ৰীসকলে ১০  টা নীতিৰ কথা উল্লেখ কৰিছে৷ এই নীতিবোৰে  বাণিজ্যক কাগজবিহীন বাণিজ্যলৈ পৰিৱৰ্তনৰ কৰিব পাৰিব। জি-২০ মন্ত্ৰীসকলে ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগৰ বাবে জয়পুৰ কল ফৰ একচন জাৰি কৰিছে। মন্ত্ৰীসকলে জেনেভাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰক আইটিচিৰ গ্লোবেল ট্ৰেড হেল্প ডেস্কলৈ  উন্নীতকৰণৰ বাবে আহ্বান জনাইছে৷  ফলত ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগসমূহে সন্মুখীন হোৱা তথ্যগত সমস্যাবোৰ সমাধানত সহায়ক হ’ব৷ 

মন্ত্ৰীসকলে গ্লোবেল ভেল্যু চেইনৰ (জিভিচি) বাবে জি-২০ জেনেৰিক মেপিং ফ্ৰেমৱৰ্ক (জিভিচি)ত অনুমোদন জনাইছে৷  য'ত ডাটা, বিশ্লেষণ আৰু জিভিচি তথ্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে৷ 



ভাৰত মণ্ডপম

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৬ জুলাইত নতুন দিল্লীৰ প্ৰগতি ময়দানত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-তথা-সন্মিলন কেন্দ্ৰ (আইইচিচি) চৌহদ দেশবাসীক উৎসৰ্গা কৰে আৰু 'থিংক বিগ, ড্ৰীম বিগ, এক্ট বিগ' নীতিৰে আগবাঢ়ি যাবলৈ দেশবাসীক আহ্বান জনায়। প্ৰক্লপটোৰ  নাম দিয়া হৈছে  'ভাৰত মণ্ডপম'। প্ৰধানমন্ত্ৰীয়ে বিশাল উদ্বোধনী অনুষ্ঠানত জি-২০ মুদ্ৰা আৰু জি-২০ ষ্টাম্পো উন্মোচন কৰে ৷  প্ৰায় ২৭০০ কোটি টকা ব্যয়েৰে ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে নিৰ্মাণ কৰা  এই নতুন পৰকল্পই  ভাৰতক এক বিশ্বব্যাপী ব্যৱসায়িক গন্তব্য স্থান হিচাপেপৰিগণিত আৰু বাণিজ্যৰ  প্ৰচাৰতো  সহায় কৰিব।


নতুন দিল্লীত১৪ জানুৱাৰী ২০২৩ত   চৰকাৰী ই-মাৰ্কেট প্লেচত মহিলাৰ সফলতাক দাঙি ধৰিবলৈ  কৰিবলৈ স্ব-নিয়োজিত মহিলা সংস্থা, ভাৰত (সেৱা ভাৰত)ৰ অংশীদাৰীত্বত চৰকাৰী ই-মাৰ্কেট প্লেচ (জিইএম)ৰ দ্বাৰা এক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। ২০১৯ চনত আৰম্ভ কৰা "ওমেনিয়া" উদ্যোগটোৱে জিইএম পৰ্টেলত অনানুষ্ঠানিক খণ্ডৰ পৰা মহিলা উদ্যোগী আৰু স্ব-সহায়ক গোটবোৰৰ (এছএইচজি) অংশগ্ৰহণক উৎসাহিত কৰি আহিছে৷ 

কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি বিকাশ কৰ্তৃপক্ষ

উপসাগৰীয় সহযোগিতা দেশসমূহলৈ বাজৰাৰ ৰপ্তানিৰ বাবে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে (এপিইডিএ) ২১  ফেব্ৰুৱাৰী ২০২৩  তাৰিখে লুলু হাইপাৰমাৰ্কেট এলএলচিৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ই নিৰ্মাণকাৰীসকলক লুলু হাইপাৰমাৰ্কেটলৈ বাজৰা সামগ্ৰীৰ বিভিন্ন নমুনা প্ৰেৰণ কৰাত সহায় কৰিব৷ 

 
এপিডিএ-য়ে ভাৰতৰ পৰা বাজৰাৰ ৰপ্তানি বৃদ্ধি  কৰিবলৈ আৰু উৎপাদকসকলক বজাৰৰ সৈতে সংযোগ  কৰিবলৈ ১৮  মাৰ্চ ২০২৩  তাৰিখে নতুন দিল্লীত গ্লোবেল মিলেটছ (শ্ৰী অন্ন) সন্মিলনৰ আয়োজন কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০০  জন ভাৰতীয় বাজৰা প্ৰদৰ্শক আৰু বিভিন্ন দেশৰ  যেনে আমেৰিকা যুক্তৰাজ্য, ইউ.এ.ই., কুৱেইট, জাৰ্মানী, ভিয়েটনাম, জাপান, কেনিয়া, মালাৱী, ভূটান, ইটালী আৰু মালয়েছিয়া প্ৰায় ১০০ জন আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাক সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

 
ফল ৰপ্তানিৰ ক্ষেত্ৰত বিমানেৰে আমেৰিকা যুক্তৰাজ্যলৈ সতেজ ডালিম;  মহাৰাষ্ট্ৰৰ বাৰামতীৰ পৰা ৯ নৱেম্বৰ, ২০২৩  তাৰিখে সাগৰীয় পছেৰে  নেডাৰলেণ্ডলৈ সতেজ কল; আৰু  ২০  নৱেম্বৰ ২০২৩  তাৰিখে এলবিএছআই বিমানবন্দৰ বাৰাণসীৰ পৰা ইউ.এ.ই.লৈ ৱাটাৰ চেষ্টনাট প্ৰেৰণ কৰা হৈছিল৷ 


মছলা  বোৰ্ড

স্পাইচ বোৰ্ডে ২০২৩ চনৰ ১৫ তাৰিখৰ পৰা ১৭ ছেপ্টেম্বৰলৈ নৱী মুম্বাইত বিশ্ব স্পাইচ কংগ্ৰেছৰ আয়োজন কৰিছিল। ৱৰ্ল্ড স্পাইচ কংগ্ৰেছে ভাৰতীয় মছলাৰ প্ৰচাৰ আৰু প্ৰসাৰত সহায়ক হৈছিল৷ 

চাহ বোৰ্ড

চাহ বোৰ্ডে মূল্য সংযোজন ৰপ্তানিকৰ্তা আৰু ইউ.এ.ই, ৰাছিয়া, ইজিপ্ত, ফ্ৰান্স, জাপান,  কাটাৰৰ দৰে দেশৰ কেইবাজনো ক্ৰেতাৰ সৈতে "ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩"ত  ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ আয়োজন কৰিছিল৷  ২০২৩ চনৰ নৱেম্বৰত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অডিঅ', ভিডিঅ' বিজ্ঞাপনৰ জৰিয়তে (ডিজিটেল আৰু ষ্টেটিক মিডিয়া) অসমৰ চাহৰ ২০০ বছৰীয়া যাত্ৰা  সম্পূৰ্ণ হোৱা উপলক্ষ্যে অসমৰ চাহৰ  জেনেৰিক প্ৰচাৰৰ ব্যৱস্থা কৰিছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে