--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰত লগাবৰ বাবে সাজু হৈ উঠিছে এটা বিশাল আকাৰৰ ঘণ্টা। ঘণ্টাটো ৬ ফুট ওখ আৰু ৫ ফুট বহল। ৰাম মন্দিৰৰ বাবে নিৰ্মাণ কৰা এই ঘণ্টাটোৰ ওজন ২১০০ কিলোগ্ৰাম। উত্তৰ প্ৰদেশৰ ইটাহ জিলাত নিৰ্মাণ হৈছে ঘণ্টাটো। ইয়াৰ শিল্পীসকল ঘণ্টা নিৰ্মাণৰ বাবে বিখ্যাত। ইটাহ জিলাৰ শিল্পীসকলে মন্দিৰত ব্যৱহৃত ঘণ্টাৰ বাবে দেশ-বিদেশৰ পৰা অৰ্ডাৰ লাভ কৰে। ইটাহৰ জালেচাৰত প্ৰায় ৩০০ টা কাৰখানা আছে যিয়ে এই ঘণ্টাবোৰ তৈয়াৰ কৰে। অযোধ্যাৰ ৰাম মন্দিৰৰ ঘণ্টাৰ বাবেও ইটাহৰ শিল্পীসকলে অৰ্ডাৰ লাভ কৰে। ঘণ্টাটো নিৰ্মাণত ব্যয় হৈছে ২১ লাখ টকা। বিকাশ মিত্তালৰ মালিকানাধীন কাৰখানাত নিৰ্মাণ কৰা হৈছে এই বিশাল ঘণ্টা। ই হৈছে ভাৰতত এতিয়ালৈকে বনোৱা সৰ্ববৃহৎ ঘণ্টা। বিকাশ মিত্তালে কয় যে ''যেতিয়া এই ঘণ্টাটো মন্দিৰত বজোৱা হ'ব,ইয়াৰ ধ্বনি ১-২ কিলোমিটাৰ দূৰলৈকে শুনা যাব।'' এই একেটা কাৰখানাই অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৫০০, ২৫০, ১০০ কিলোগ্ৰামৰ ১০টা ঘণ্টা বনাবলৈও অৰ্ডাৰ লাভ কৰিছে। ২১০০ কিলোগ্ৰাম ওজনৰ ঘণ্টাটোত সোণ, ৰূপ আৰু পিতলকে ধৰি পাঁচটা ধাতু ব্যৱহাৰ কৰা হৈছে। বিশাল ঘণ্টাটোৰ ডিজাইনিং আৰু পলিচৰ কাম এতিয়াও বাকী আছে। দৌ দয়াল, ইকবাল বাৰা আৰু ছামছুদ্দিন নামৰ তিনিজন শিল্পীক ঘণ্টাটোৰ চূড়ান্ত ডিজাইন প্ৰস্তুত কৰিবলৈ দিল্লীৰ পৰা বিশেষভাৱে মাতি অনা হৈছে। জালেচাৰৰ কাৰখানাত কাম কৰা বহুতো শিল্পীয়ে কৈছিল যে তেওঁলোকে আনকি মজুৰি অবিহনে কাম কৰিবলৈও সাজু। অযোধ্যাৰ বিশাল ৰাম মন্দিৰলৈ তেওঁলোকৰ কামেৰে এক অৱদান আগবঢ়াব বিচাৰো বুলি কয় ঘণ্টা নিৰ্মাণ কাৰ্যৰ লগত জড়িত বহু কেইজন শিল্পীয়ে। আৰু পঢ়কঃ ১১ ফেব্ৰুৱাৰী কেনে যাব? ৰাশিফল চাওঁ আহক

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা