--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিজাব বিতৰ্কত এতিয়া উত্তাল সমগ্ৰ দেশ। হিজাব বিতৰ্ক এতিয়া দেশৰ উচ্চতম ন্যায়ালয়ত গৈ উপনীত হৈছে। শিক্ষাৰ্থীসকলে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন আদেশৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে কৈছিল যে গোচৰটো নিষ্পত্তি নোহোৱালৈকে মহাবিদ্যালয়খন খোলা হ'লেও শিক্ষাৰ্থীসকলক কোনো ধৰ্মক প্ৰতিনিধিত্ব কৰা পোছাক পিন্ধিবলৈ অনুমতি দিয়া নহ'ব। হিজাব বিতৰ্কত আদালতত দাখিল কৰা ৰাজহুৱা স্বাৰ্থৰ এই গোচৰটো উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ নিৰ্দেশ। উল্লেখ্য যে, হিজাব পিন্ধি মহাবিদ্যালয়লৈ অহাক লৈ ৰাজ্যখনৰ বিভিন্ন জিলাত উত্তেজনা বিৰাজ কৰাৰ বাবে ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান তিনিদিনৰ বাবে বন্ধ কৰা হৈছিল। কৰ্ণাটকৰ শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধা নিষিদ্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত গোচৰটো দাখিল কৰিছিল একাংশ মুছলমান শিক্ষাৰ্থীয়ে। মুখ্য ন্যায়াধীশ ৰিতু ৰাজ অৱস্থী, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জয়বুন্নিছা এম খাজীৰ এটা খণ্ড বিচাৰপীঠে কয় যে ৰাজ্যখনত বন্ধ কৰা শিক্ষানুষ্ঠানসমূহ মুকলি কৰিব পাৰি। কিন্তু সেই শিক্ষানুষ্ঠানত কোনো শিক্ষাৰ্থীয়ে ধৰ্মৰ প্ৰতীক বহন কৰা পোছাক পিন্ধি আহিব নোৱাৰে। গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ১৪ ফেব্ৰুৱাৰীত দুপৰীয়া ২.৩০ বজাত হ'ব। ঘটনাক্ৰমে, কৰ্ণাটকৰ মহাবিদ্যালয়সমূহত মুছলমান শিক্ষাৰ্থীসকলে হিজাব পিন্ধাৰ ওপৰত নিষেধাজ্ঞা কঢ়িয়াই অনাক লৈ দেশজুৰি বিতৰ্কৰ ধুমুহাৰ সৃষ্টি হৈছিল। প্ৰশাসনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কৰ্ণাটকৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত তিনিদিনীয়া বন্ধ ঘোষণা কৰে। অৱশ্যে কালি কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছত ৰাজ্য চৰকাৰে সোমবাৰৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় খোলাৰ সিদ্ধান্ত লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন