--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিজাব বিতৰ্কত এতিয়া উত্তাল সমগ্ৰ দেশ। হিজাব বিতৰ্ক এতিয়া দেশৰ উচ্চতম ন্যায়ালয়ত গৈ উপনীত হৈছে। শিক্ষাৰ্থীসকলে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন আদেশৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে কৈছিল যে গোচৰটো নিষ্পত্তি নোহোৱালৈকে মহাবিদ্যালয়খন খোলা হ'লেও শিক্ষাৰ্থীসকলক কোনো ধৰ্মক প্ৰতিনিধিত্ব কৰা পোছাক পিন্ধিবলৈ অনুমতি দিয়া নহ'ব। হিজাব বিতৰ্কত আদালতত দাখিল কৰা ৰাজহুৱা স্বাৰ্থৰ এই গোচৰটো উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ নিৰ্দেশ। উল্লেখ্য যে, হিজাব পিন্ধি মহাবিদ্যালয়লৈ অহাক লৈ ৰাজ্যখনৰ বিভিন্ন জিলাত উত্তেজনা বিৰাজ কৰাৰ বাবে ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান তিনিদিনৰ বাবে বন্ধ কৰা হৈছিল। কৰ্ণাটকৰ শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধা নিষিদ্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত গোচৰটো দাখিল কৰিছিল একাংশ মুছলমান শিক্ষাৰ্থীয়ে। মুখ্য ন্যায়াধীশ ৰিতু ৰাজ অৱস্থী, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জয়বুন্নিছা এম খাজীৰ এটা খণ্ড বিচাৰপীঠে কয় যে ৰাজ্যখনত বন্ধ কৰা শিক্ষানুষ্ঠানসমূহ মুকলি কৰিব পাৰি। কিন্তু সেই শিক্ষানুষ্ঠানত কোনো শিক্ষাৰ্থীয়ে ধৰ্মৰ প্ৰতীক বহন কৰা পোছাক পিন্ধি আহিব নোৱাৰে। গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ১৪ ফেব্ৰুৱাৰীত দুপৰীয়া ২.৩০ বজাত হ'ব। ঘটনাক্ৰমে, কৰ্ণাটকৰ মহাবিদ্যালয়সমূহত মুছলমান শিক্ষাৰ্থীসকলে হিজাব পিন্ধাৰ ওপৰত নিষেধাজ্ঞা কঢ়িয়াই অনাক লৈ দেশজুৰি বিতৰ্কৰ ধুমুহাৰ সৃষ্টি হৈছিল। প্ৰশাসনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কৰ্ণাটকৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত তিনিদিনীয়া বন্ধ ঘোষণা কৰে। অৱশ্যে কালি কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছত ৰাজ্য চৰকাৰে সোমবাৰৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় খোলাৰ সিদ্ধান্ত লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী