--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসুস্মিতা সেন, অমিত শ্বাহৰ নামেৰে আম পোৱা যাব বজাৰত৷ বজাৰলৈ গৈ আপুনি ক’লেই হ’ল এক কিলোগ্ৰাম সুস্মিতা সেন বা অমিত শ্বাহ দিয়কচোন বুলি৷ লগে লগে দোকানীয়ে জুখি দিয়া সুস্মিতা সেন, অমিত শ্বাহক মোনাত ভৰাই আপুনি ঘৰমুৱা হ’ব পাৰিব৷ হয় সুস্মিতা সেন, অমিত শ্বাহৰ নামতো এতিয়া আমৰ নাম ৰখা হৈছে৷

বিশ্বক 'ঐশ্বৰ্য' আৰু 'শচীন'ৰ দৰে  অনন্য প্ৰজাতিৰ আম উপহাৰ  দিয়াৰ পিছত উদ্যানশস্যবিদ  তথা ভাৰতৰ ’মেংগো মেন’ হিচাবে পৰিচিত হাজী কালিমুল্লা খানে ফলৰ ৰজাৰ দুটা সুস্বাদু নতুন হাইব্ৰিড বিকশিত কৰি সেই দুবিধৰ নাম ৰাখিছে সুস্মিতা সেন, অমিত শ্বাহৰ নামেৰে৷ এয়া বিখ্যাত ব্যক্তি দুগৰাকীৰ প্ৰতি হাজী কালিমুল্লা খানৰ বিশেষ সন্মান প্ৰদৰ্শন বুলি তেওঁ প্ৰকাশ কৰিছে৷

শেহতীয়াকৈ  হাজী কালিমুল্লা খানে সৃষ্টি কৰা  নতুন প্ৰজাতিৰ আম দুবিধৰ নাম ৰখা হৈছে 'সুস্মিতা আম' আৰু 'অমিত শ্বাহ আম' নামেৰে৷। এই দুয়ো বিধ আমেই উত্তৰ প্ৰদেশৰ মালিহাবাদত থকা তেওঁৰ বাগিচাত বিকশিত কৰিছে আম বিশেষজ্ঞগৰাকীয়ে৷  'সুস্মিতা আম'ৰ নাম  প্ৰাক্তন মিছ ইউনিভাৰ্ছ আৰু বলীউডৰ অভিনেত্ৰী সুস্মিতা সেনৰ নামেৰে ৰখা হৈছে৷  খানে কয়  " মই প্ৰথমে  ঐশ্বৰ্য ৰায়ৰ নামত আমৰ নাম ৰাখিছিলো পিছত 'ঐশ্বৰ্য আম' বুলি । কিন্তু মোক সুস্মিতা সেনৰ বিষয়ে বহু পিছত কোনোৱাই কৈছিল। মই বিচাৰো যে তেওঁৰ নামেৰেও এবিধ আমৰ নাম ৰখা হওঁক৷ সেয়ে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে" তেওঁ ব্যাখ্যা কৰিছিল।

তেওঁ  বিজেপিৰ হেভিৱেট আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতি সন্মান জনাই এবিধ আমৰ নাম অমিত শ্বাহ আম হিচাবে ৰখা বুলিও কয়৷ 

এজন প্ৰসিদ্ধ আম খেতিয়ক, হাজী কালিমুল্লা খানে কেইবা দশক ধৰি পৃথক সংকৰ পদ্ধতিৰে নতুন নতুন আমৰ সৃষ্টি কৰি  আহিছে৷  ৮২ বছৰীয়া খানে  মুলায়ম আম, নমো আম, শচীন আম, কালাম আম, অমিতাভ আম আৰু যোগী আমৰ দৰে ৩০০ তকৈও অধিক অনন্য প্ৰকাৰৰ আম সৃষ্টি কৰিছে৷ খানক তেওঁৰ অনবদ্য কৰ্মৰ  বাবে ২০০৮ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল ৷ 

খানে এতিয়ালৈকে ৩০০ প্ৰকাৰতকৈও অধিক আম কাটিং গ্ৰাফ্টিং পদ্ধতিৰে উৎপাদন কৰিবলৈ সক্ষম হৈছে।তেওঁ নতুন প্ৰজাতিৰ আমবোৰৰ একো একোটা  নামো দিছে। উদাহৰণ স্বৰূপে, ১৯৯৪ চনত বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনৰ নামেৰে এটা নতুন আমৰ নাম ৰখা হৈছিল। সেয়া  তেওঁৰ প্ৰিয় আমবোৰৰ মাজৰে  এটা আছিল। প্ৰতিটো আমৰ ওজন এক কিলোগ্ৰামতকৈ বেছি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ