--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসুস্মিতা সেন, অমিত শ্বাহৰ নামেৰে আম পোৱা যাব বজাৰত৷ বজাৰলৈ গৈ আপুনি ক’লেই হ’ল এক কিলোগ্ৰাম সুস্মিতা সেন বা অমিত শ্বাহ দিয়কচোন বুলি৷ লগে লগে দোকানীয়ে জুখি দিয়া সুস্মিতা সেন, অমিত শ্বাহক মোনাত ভৰাই আপুনি ঘৰমুৱা হ’ব পাৰিব৷ হয় সুস্মিতা সেন, অমিত শ্বাহৰ নামতো এতিয়া আমৰ নাম ৰখা হৈছে৷

বিশ্বক 'ঐশ্বৰ্য' আৰু 'শচীন'ৰ দৰে  অনন্য প্ৰজাতিৰ আম উপহাৰ  দিয়াৰ পিছত উদ্যানশস্যবিদ  তথা ভাৰতৰ ’মেংগো মেন’ হিচাবে পৰিচিত হাজী কালিমুল্লা খানে ফলৰ ৰজাৰ দুটা সুস্বাদু নতুন হাইব্ৰিড বিকশিত কৰি সেই দুবিধৰ নাম ৰাখিছে সুস্মিতা সেন, অমিত শ্বাহৰ নামেৰে৷ এয়া বিখ্যাত ব্যক্তি দুগৰাকীৰ প্ৰতি হাজী কালিমুল্লা খানৰ বিশেষ সন্মান প্ৰদৰ্শন বুলি তেওঁ প্ৰকাশ কৰিছে৷

শেহতীয়াকৈ  হাজী কালিমুল্লা খানে সৃষ্টি কৰা  নতুন প্ৰজাতিৰ আম দুবিধৰ নাম ৰখা হৈছে 'সুস্মিতা আম' আৰু 'অমিত শ্বাহ আম' নামেৰে৷। এই দুয়ো বিধ আমেই উত্তৰ প্ৰদেশৰ মালিহাবাদত থকা তেওঁৰ বাগিচাত বিকশিত কৰিছে আম বিশেষজ্ঞগৰাকীয়ে৷  'সুস্মিতা আম'ৰ নাম  প্ৰাক্তন মিছ ইউনিভাৰ্ছ আৰু বলীউডৰ অভিনেত্ৰী সুস্মিতা সেনৰ নামেৰে ৰখা হৈছে৷  খানে কয়  " মই প্ৰথমে  ঐশ্বৰ্য ৰায়ৰ নামত আমৰ নাম ৰাখিছিলো পিছত 'ঐশ্বৰ্য আম' বুলি । কিন্তু মোক সুস্মিতা সেনৰ বিষয়ে বহু পিছত কোনোৱাই কৈছিল। মই বিচাৰো যে তেওঁৰ নামেৰেও এবিধ আমৰ নাম ৰখা হওঁক৷ সেয়ে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে" তেওঁ ব্যাখ্যা কৰিছিল।

তেওঁ  বিজেপিৰ হেভিৱেট আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতি সন্মান জনাই এবিধ আমৰ নাম অমিত শ্বাহ আম হিচাবে ৰখা বুলিও কয়৷ 

এজন প্ৰসিদ্ধ আম খেতিয়ক, হাজী কালিমুল্লা খানে কেইবা দশক ধৰি পৃথক সংকৰ পদ্ধতিৰে নতুন নতুন আমৰ সৃষ্টি কৰি  আহিছে৷  ৮২ বছৰীয়া খানে  মুলায়ম আম, নমো আম, শচীন আম, কালাম আম, অমিতাভ আম আৰু যোগী আমৰ দৰে ৩০০ তকৈও অধিক অনন্য প্ৰকাৰৰ আম সৃষ্টি কৰিছে৷ খানক তেওঁৰ অনবদ্য কৰ্মৰ  বাবে ২০০৮ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল ৷ 

খানে এতিয়ালৈকে ৩০০ প্ৰকাৰতকৈও অধিক আম কাটিং গ্ৰাফ্টিং পদ্ধতিৰে উৎপাদন কৰিবলৈ সক্ষম হৈছে।তেওঁ নতুন প্ৰজাতিৰ আমবোৰৰ একো একোটা  নামো দিছে। উদাহৰণ স্বৰূপে, ১৯৯৪ চনত বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনৰ নামেৰে এটা নতুন আমৰ নাম ৰখা হৈছিল। সেয়া  তেওঁৰ প্ৰিয় আমবোৰৰ মাজৰে  এটা আছিল। প্ৰতিটো আমৰ ওজন এক কিলোগ্ৰামতকৈ বেছি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ