--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত নৃশংস দলবদ্ধ ধৰ্ষণ তথা হত্যাকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা কেৰালাৰ সাংবাদিক ছিদ্দিক কাপ্পান পুনৰ এবাৰ মুকলি আকাশৰ তললৈ অহাৰ পথ বন্ধ হৈ পৰিছে। কাৰাবন্দী সাংবাদিক গৰাকীয়ে জামিনৰ বাবে দাখিল কৰা আবেদন পুনৰ এবাৰ নাকচ কৰিছে আদালতে। বৃহস্পতিবাৰে সাংবাদিক গৰাকীৰ জামিন আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে। 

ন্যায়াধীশ কৃষ্ণ পাহালৰ বিচাৰপীঠে সাংবাদিক গৰাকীৰ জামিন আবেদনৰ বিৰুদ্ধে আদেশ প্ৰদান কৰি কাপ্পানৰ মুকলিৰ পথ পুনৰ বন্ধ কৰে। ইয়াৰ পূৰ্বেও ২০২১ চনৰ জুলাইত মথুৰাৰ এখন আদালতে কাপ্পনৰ জামিন আবেদন নাকচ কৰিছিল।  তাৰ পিছতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কাৰাবন্দী কাপ্পান।

উল্লেখ্য যে মালায়ালম নিউজ পৰ্টেল আজিমুখামৰ প্ৰতিবেদক তথা কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টৰ (কেইউডব্লিউজে) দিল্লী গোটৰ সম্পাদক কাপ্পানক ২০২০ চনৰ অক্টোবৰত উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী ১৯ বছৰীয়া দলিত মহিলাৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুতৰ বাবে যোৱাৰ সময়তে আন তিনিজন সতীৰ্থৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।

২০২০ চনৰ ১৪ ছেপ্টেম্বৰত হাথৰাছৰ এখন গাঁৱত চাৰিজন ব্যক্তিয়ে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ কিছুদিন পিছতে দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল। মৃত্যুৰ দিনাই মাজনিশালৈ যুৱতীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল। কিন্তু মৃত যুৱতীগৰাকীৰ পৰিয়ালে দাবী কৰিছিল যে তেওঁলোকৰ সন্মতি অবিহনেই যুৱতীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল। তেওঁলোকক শেষবাৰৰ বাবে মৃতদেহটো ঘৰলৈ অনাৰ অনুমতিও দিয়া হোৱা নাছিল বুলি পৰিয়ালটোৱে দাবী কৰিছিল।

ইয়াৰ পাছতে এই নৃশংস কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশতে সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়াৰ। এই ঘটনাৰ বিষয়ে বিতং তথ্য সংগ্ৰহৰ বাবেই কাপ্পান হাথৰাছত উপস্থিত হৈছিল। 

আনহাতে কাপ্পানসহ এই চাৰি গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে তেওঁলোকে হাথৰাছত আইন-শৃংখলা বিঘ্নিত কৰিবলৈ চেষ্টা কৰিছিল বুলি দাবী কৰিছিল। লগতে আৰক্ষীয়ে কাপ্পানৰ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) সৈতে সুসম্পৰ্ক আছিল বুলিও অভিযোগ কৰিছিল।

আৰক্ষীয়ে আটাইকেইজনৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰা ১৭ আৰু ১৮, ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪ এ, ১৫৩এ আৰু ২৯৫ এ- ৰ লগতে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৫, ৭২ আৰু ৭৫ ৰ অধীনত গোচৰ ৰুজু কৰিছিল।

ইফালে আজি কাপ্পানৰ জামিন নাকচ হোৱাৰ পিছতে কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টে এক বিবৃতিযোগে এই আদেশত নিৰাশ হোৱা বুলি উল্লেখ কৰাৰ লগতে শীঘ্ৰেই এই আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি জানিবলৈ দিয়ে। 

বিবৃতিটোত সংস্থাটোৱে কয়, “আমি শীঘ্ৰেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম। আমি আশাবাদী যে মাননীয় উচ্চতম ন্যায়ালয়ে প্ৰতিজন নাগৰিকৰ বাবে আৰু বিশেষকৈ সংবিধানৰ তৃতীয় খণ্ডৰ অধীনত এজন সাংবাদিকক নিশ্চিত কৰা বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ মৌলিক অধিকাৰক ৰক্ষা কৰিব।" 

কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টে লগতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ কিছু সিদ্ধান্তই ১৯৭৮ চনৰ প্ৰেছ কাউন্সিল আইনৰ অধীনত ভাৰতীয় প্ৰেছ কাউন্সিলৰ দ্বাৰা জাৰী কৰা সাংবাদিকতামূলক আচৰণৰ নিয়মৰ সৈতে বিৰোধ কৰাৰো অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে কাপ্পানৰ দীঘলীয়া কাৰাবাস আৰু এই সময়ছোৱাত তেওঁৰ পৰিয়ালে সন্মুখীন হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে বিশ্বব্যাপী প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাপ্পানৰ এই কাৰাবাসক ভাৰতৰ ক্ৰমাৎ সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস হোৱাৰ এক এক স্পষ্ট উদাহৰণ বুলিও উল্লেখ কৰা হৈছে।

বিগত বৰ্ষত কাৰাগাৰতে কাপ্পান ক’ভিডত আক্ৰান্ত হৈছিল। ক’ভিডৰ ফলত তেওঁৰ স্বাস্থ্য গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে এই বিষয়ত হস্তক্ষেপ কৰি উত্তৰ প্ৰদেশ চৰকাৰক সাংবাদিক গৰাকীক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এখন চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
বিহু, ঝুমুইৰৰ পিছত এইবাৰ থিয় নামেৰে বিশ্ব অভিলেখৰ প্ৰয়াস
ভাৰত-আমেৰিকাৰ ডাক সেৱা সাময়িকভাৱে বন্ধ, ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্কবোমাৰ প্ৰতিক্রিয়া
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক