--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত নৃশংস দলবদ্ধ ধৰ্ষণ তথা হত্যাকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা কেৰালাৰ সাংবাদিক ছিদ্দিক কাপ্পান পুনৰ এবাৰ মুকলি আকাশৰ তললৈ অহাৰ পথ বন্ধ হৈ পৰিছে। কাৰাবন্দী সাংবাদিক গৰাকীয়ে জামিনৰ বাবে দাখিল কৰা আবেদন পুনৰ এবাৰ নাকচ কৰিছে আদালতে। বৃহস্পতিবাৰে সাংবাদিক গৰাকীৰ জামিন আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে। 

ন্যায়াধীশ কৃষ্ণ পাহালৰ বিচাৰপীঠে সাংবাদিক গৰাকীৰ জামিন আবেদনৰ বিৰুদ্ধে আদেশ প্ৰদান কৰি কাপ্পানৰ মুকলিৰ পথ পুনৰ বন্ধ কৰে। ইয়াৰ পূৰ্বেও ২০২১ চনৰ জুলাইত মথুৰাৰ এখন আদালতে কাপ্পনৰ জামিন আবেদন নাকচ কৰিছিল।  তাৰ পিছতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কাৰাবন্দী কাপ্পান।

উল্লেখ্য যে মালায়ালম নিউজ পৰ্টেল আজিমুখামৰ প্ৰতিবেদক তথা কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টৰ (কেইউডব্লিউজে) দিল্লী গোটৰ সম্পাদক কাপ্পানক ২০২০ চনৰ অক্টোবৰত উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী ১৯ বছৰীয়া দলিত মহিলাৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুতৰ বাবে যোৱাৰ সময়তে আন তিনিজন সতীৰ্থৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।

২০২০ চনৰ ১৪ ছেপ্টেম্বৰত হাথৰাছৰ এখন গাঁৱত চাৰিজন ব্যক্তিয়ে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ কিছুদিন পিছতে দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল। মৃত্যুৰ দিনাই মাজনিশালৈ যুৱতীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল। কিন্তু মৃত যুৱতীগৰাকীৰ পৰিয়ালে দাবী কৰিছিল যে তেওঁলোকৰ সন্মতি অবিহনেই যুৱতীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল। তেওঁলোকক শেষবাৰৰ বাবে মৃতদেহটো ঘৰলৈ অনাৰ অনুমতিও দিয়া হোৱা নাছিল বুলি পৰিয়ালটোৱে দাবী কৰিছিল।

ইয়াৰ পাছতে এই নৃশংস কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশতে সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়াৰ। এই ঘটনাৰ বিষয়ে বিতং তথ্য সংগ্ৰহৰ বাবেই কাপ্পান হাথৰাছত উপস্থিত হৈছিল। 

আনহাতে কাপ্পানসহ এই চাৰি গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে তেওঁলোকে হাথৰাছত আইন-শৃংখলা বিঘ্নিত কৰিবলৈ চেষ্টা কৰিছিল বুলি দাবী কৰিছিল। লগতে আৰক্ষীয়ে কাপ্পানৰ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) সৈতে সুসম্পৰ্ক আছিল বুলিও অভিযোগ কৰিছিল।

আৰক্ষীয়ে আটাইকেইজনৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰা ১৭ আৰু ১৮, ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪ এ, ১৫৩এ আৰু ২৯৫ এ- ৰ লগতে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৫, ৭২ আৰু ৭৫ ৰ অধীনত গোচৰ ৰুজু কৰিছিল।

ইফালে আজি কাপ্পানৰ জামিন নাকচ হোৱাৰ পিছতে কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টে এক বিবৃতিযোগে এই আদেশত নিৰাশ হোৱা বুলি উল্লেখ কৰাৰ লগতে শীঘ্ৰেই এই আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি জানিবলৈ দিয়ে। 

বিবৃতিটোত সংস্থাটোৱে কয়, “আমি শীঘ্ৰেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম। আমি আশাবাদী যে মাননীয় উচ্চতম ন্যায়ালয়ে প্ৰতিজন নাগৰিকৰ বাবে আৰু বিশেষকৈ সংবিধানৰ তৃতীয় খণ্ডৰ অধীনত এজন সাংবাদিকক নিশ্চিত কৰা বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ মৌলিক অধিকাৰক ৰক্ষা কৰিব।" 

কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টে লগতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ কিছু সিদ্ধান্তই ১৯৭৮ চনৰ প্ৰেছ কাউন্সিল আইনৰ অধীনত ভাৰতীয় প্ৰেছ কাউন্সিলৰ দ্বাৰা জাৰী কৰা সাংবাদিকতামূলক আচৰণৰ নিয়মৰ সৈতে বিৰোধ কৰাৰো অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে কাপ্পানৰ দীঘলীয়া কাৰাবাস আৰু এই সময়ছোৱাত তেওঁৰ পৰিয়ালে সন্মুখীন হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে বিশ্বব্যাপী প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাপ্পানৰ এই কাৰাবাসক ভাৰতৰ ক্ৰমাৎ সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস হোৱাৰ এক এক স্পষ্ট উদাহৰণ বুলিও উল্লেখ কৰা হৈছে।

বিগত বৰ্ষত কাৰাগাৰতে কাপ্পান ক’ভিডত আক্ৰান্ত হৈছিল। ক’ভিডৰ ফলত তেওঁৰ স্বাস্থ্য গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে এই বিষয়ত হস্তক্ষেপ কৰি উত্তৰ প্ৰদেশ চৰকাৰক সাংবাদিক গৰাকীক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এখন চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ