--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশত পুনৰ মন্দিৰ ৰাজনীতিয়ে লাভ কৰিছে বিশেষ চৰ্চা। ৰাজ্যখনৰ তিনিখন প্ৰধান মন্দিৰকেন্দ্ৰিক মহানগৰ বাৰানসী, অযোধ্যা আৰু মথুৰাক কেন্দ্ৰ কৰিয়েই এই ৰাজনৈতিক আৱৰ্তন নতুনকৈ আৰম্ভ হৈছে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ আনুষ্ঠানিক ঘোষণাৰ পূ্ৰ্বেই নিজৰ সংসদীয় সমষ্টি তথা মন্দিৰকেন্দ্ৰিক চহৰ বাৰানসীত বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিছিল অভিযান। নিৰ্বাচনী প্ৰচাৰৰ নাম নিদিয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে সকলোখিনি কৰিছিল হিন্দুত্বৰ ৰাজনীতিক প্ৰসাৰতা প্ৰদান কৰাৰ বাবে। আনহাতে অযোধ্যাৰ ৰাম মন্দিৰক কেন্দ্ৰ কৰি বিজেপিৰ প্ৰচাৰ আৰু ৰাজনৈতিক কুচকাৱাজ চলি আছে দীৰ্ঘদিন ধৰি। মন্দিৰৰ ৰাজনীতি দেশৰ ৰাজনীতিৰ এটা প্ৰধান অংশ স্বৰূপ হৈ পৰিছে। কিন্তু তাৰ পাছতো যেন বিজেপি এইবাৰ আশ্বস্ত হ’ব পৰা নাই। এইবাৰ বিজেপিক ৰাম মন্দিৰ আৰু ৰাম নামে ৰক্ষা কৰিব পাৰিব বুলি যেন তেওঁলোক পতিয়ন যাব পৰা নাই। সেইবাবে এইবাৰ উচ্চাৰিত হৈছে আন এটা প্ৰসংগ। বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ মথুৰাত চলায় নিৰ্বাচনী প্ৰচাৰ। মথুৰাত গৈ অমিত শ্বাহে কিন্তু উন্নয়ন বা সুশাসনৰ কথা কোৱাগৈ নাই। কৈছে ভগৱান কৃষ্ণৰ কথা। কৃষ্ণৰ জন্মভূমি বুলি চিহ্নিত কৰি মথুৰাত প্ৰচাৰ আৰম্ভ কৰে অমিত শ্বাহে। উত্তৰ প্ৰদেশৰ পশ্চিম প্ৰান্তৰ ১০০খনৰো অধিক বিধানসভা আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে বিজেপি। আজিৰ দিনটোতে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পশ্চিম উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ গুৰি ধৰিব। এই প্ৰান্তত নিৰ্বাচন অনুষ্ঠিত হ’ব সাতটা পৰ্যায়ৰ ভিতৰৰ সপ্তমটো পৰ্যায়ত। এইবাৰ যোগী আদিত্যনাথৰ বিৰুদ্ধে অধিষ্ঠানবিৰোধী ঢৌ তথা কৃষক আন্দোলনৰ দীঘলীয়া পৰিক্ৰমাই ৰাজ্যখনত বিজেপিৰ স্থিতি কিছু থৰক-বৰক কৰি তুলিছে। ২০১৭ চনত বিজেপিয়ে পশ্চিম ইউপিৰ ৭৬শতাংশ আসন লাভ কৰিছিল। কিন্তু এইবাৰ সেই স্থিতি দলটোৱে বৰ্তাই ৰাখিব পৰা নাই। যাৰ বাবে এতিয়া তেওঁলোকে নিজৰ হেৰোৱা স্থিতি ঘূৰাই অনাৰ বাবে ভগৱান কৃষক অৱলম্বন হিচাপে গ্ৰহণ কৰিছে। অযোধ্যাত ৰাম আৰু মথুৰাত কৃষ্ণৰ নাম লৈ বিজেপিয়ে এইবাৰ শাসনৰ গাদী নিজৰ কুক্ষিগত কৰি ৰাখিব পাৰে নে নাই সেয়া লক্ষ্যণীয় হ’ব। কিন্তু কৃষক বিদ্ৰোহ, অপৰাধমূলক কাৰ্যকলাপ তথা যোগীৰ অনমনীয়তাৰ দৰে বিষয়বোৰে এইবাৰ বিজেপিৰ পথ কঠিন কৰি তুলিছে। ইফালে, পশ্চিম উত্তৰ প্ৰদেশত জাট সকলৰ প্ৰভাৱ আৰু প্ৰতিপত্তিৰ বিষয়টোও বিশেষভাৱে উল্লেখযোগ্য। এই অঞ্চলৰ প্ৰায়বোৰ সমষ্টিতে এই জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। মন কৰিবলগীয়া যে, ৰাষ্ট্ৰীয় লোক দল বা আৰ এল ডি-এ এই জনগোষ্ঠীটোৰ মাজত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এইবাৰ আৰডিএলৰ মিত্ৰতা হৈছে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীৰ সৈতে।যাযাৰ গতিকে স্বৰূপাৰ্থতে বিজেপিৰ পথ অধিক কণ্টাকাকীৰ্ণ হৈ পৰিছে ৰাজ্যখনৰ এই প্ৰান্তত। সেইবাবে অমিত শ্বাহৰ মুখেৰে এতিয়া ভগৱান কৃষ্ণৰ নাম আৰু কংস বধৰ আখ্যানহে এতিয়া ওলাবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু