--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহে। উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডৰ ভিতৰত দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনে বিশেষ চৰ্চা লাভ কৰিছে। উত্তৰ প্ৰদেশ আৰু পঞ্জাব। পঞ্জাবত শাসকীয় দল কংগ্ৰেছত সৃষ্টি হোৱা অস্থিৰতা তথা আপৰ আগ্ৰাসী অভিযানে পঞ্জাবৰ নিৰ্বাচনক ব্যাপক চৰ্চাৰ মাজত ৰাখিছে। কেৱল এয়াই নহয়, কৃষক আন্দোলনত ভাগ লোৱা ২২টাকৈ কৃষক সংগঠনৰ সন্মিলিত দল সংযুক্ত সমাজ মৰ্চাৰ নিৰ্বাচনী ৰণ নমাটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কংগ্ৰেছ ত্যাগ কৰি নতুন দল গঠন কৰা তথা বিজেপিৰে মিত্ৰতা কৰাটোও এই নিৰ্বাচনৰ এটা তাৎপৰ্যপূৰ্ণ দিশ বিবেচিত হৈছে। সি যি কি নহওক পঞ্জাবত নিৰ্বাচনী ৰণ সীমাবদ্ধ থাকিব কংগ্ৰেছ আৰু আপৰ মাজতে। পিছে উত্তৰ প্ৰদেশতহে এইবাৰ শাসকীয় দলৰ সপক্ষে এইবাৰ নিৰ্বাচনী বা বলা নাই বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে। এই প্ৰসংগই এতিয়া এটা বিশেষ চৰ্চাক পুনৰ প্ৰাসংগিক কৰি তুলিছে। উত্তৰ প্ৰদেশত বিজেপিয়ে স্পষ্টভাৱে সাম্প্ৰদায়িক বিভাজনেৰে নিৰ্বাচনী প্ৰচাৰৰ পাতনি মেলা বুলি অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বতে এই সাম্প্ৰদায়িক ৰাজনীতিৰ স্পষ্ট বিভাজন দেখিবলৈ পোৱা বুলি অভিযোগ উঠিছে। তাৎপৰ্যপূৰ্ণভাৱে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পূ্ৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসীৰ পৰা আৰম্ভ কৰিছিল বিজেপিৰ অভিযান। প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি হোৱাৰ লগতে হিন্দুসকলৰ বাবে পীঠস্থান বাৰানসীৰ বিভিন্ন মন্দিৰ তথা ভক্তিপীঠত মূৰ দোৱাইছিল মোদীয়ে। গংগাস্নানৰ জৰিয়তেও তেওঁ ‘পূণ্য’ অৰ্জন কৰিছিল। কিন্তু এইবোৰৰ আঁৰত কি আছিল সেয়া স্পষ্টভাৱেই ধৰা পৰিছিল। এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলক উপেক্ষা কৰি সংখ্যাগুৰুসকলৰ মনযোগ কেন্দ্ৰীভূত কৰাটো আছিল মোদীৰ এই অভিযানৰ অন্তৰ্নিহিত তাৎপৰ্য। আনহাতে তিনিখনকৈ প্রধান মন্দিৰ নগৰী থকা উত্তৰ প্ৰদেশত বিজেপি দলে অযোধ্যাত যদি ৰামৰ নাম লৈ ভোট বিচাৰিছে মথুৰাত আকৌ কৃষৰ জন্মভূমিৰ কথা কৈ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। কেৱল এয়াই নহয় বিজেপিৰ এই ৰণনীতিৰ প্ৰতিফলন আন ভালেমান পদক্ষেপত প্ৰতিফলিত হোৱা বুলি ৰাষ্ট্ৰীয় একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ভাৰতীয় জনতা পাৰ্টীৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ পৰিকল্পিত অভিযানে দেশখনত দুটা সাম্প্ৰদায়িক বিভাজন স্পষ্ট আৰু প্ৰতিষ্ঠিত  কৰি তোলা বুলি অভিযোগ কৰা হৈছে। বিশেষকৈ ২০১৩-১৪ চনৰ পৰা বিজেপিৰ বাবে এয়া সফলতাৰ মন্ত্ৰ হৈ পৰা বুলিও অভিযোগ কৰা হৈছে। এটা ধৰ্মীয় সম্প্ৰদায়ৰ লোকক যতদূৰ পাৰি সন্ত্ৰাসিত কৰি ৰখা হওক আৰু তেতিয়াই অন্তৰ্নিহিত ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰা সম্ভৱ হ’ব। দ্য ৱায়াৰ নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে, বিগত ২২ জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম উত্তৰ প্ৰদেশৰ চামলি জিলাৰ কাইৰানালৈ গৈছিল দলৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে। সেই অঞ্চলটোত এক বুজনসংখ্যক মুছলমান বাসিন্দা আছে। কিন্তু শ্বাহে তাৎপৰ্যপূৰ্ণভাৱে মুছলমানৰ ঘৰবোৰ তেওঁৰ অভিযানৰ পৰা বাদ দি চলা বুলি অভিযোগ উঠিছে। হেলিকপ্টাৰৰ পৰা নামিয়েই শ্বাহ পোনে পোনে হিন্দু বসতিপ্ৰধান অঞ্চললৈ যোৱা বুলি অভিযোগ উঠিছে। এয়া এক পৰিকল্পিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে সংবাদ মাধ্যমে আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ৰণ জিনাৰ বাবে বিজেপিৰ কাৰণে এয়াই মূল কৌশল বুলিও অভিহিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু