--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাৱৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতা এতিয়া তুংগত উঠিছে। পঞ্জাবত মূলতঃ শাসকীয় কংগ্ৰেছ দল আৰু আম আদমী পাৰ্টীৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হোৱাটো স্পষ্ট হৈ পৰিছে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজোৎ সিং সিদ্ধু ব্যাপক চৰ্চালৈ আহিছে। কিয়নো সিদ্ধুৱে দলৰ মজিয়াত একপ্ৰকাৰ ভূমিকম্পৰে সৃষ্টি কৰিছিল। যাৰ ফলত প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং নিজৰ চকীৰ পৰা উফৰি পৰাই নহয় দলো ত্যাগ কৰিবলগীয়া হৈছে। তাৰ পাছতো পদত্যাগৰ নাটক ৰচি সিদ্ধুৱে ব্যাপক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল। এতিয়া তেৱেঁই মুখ্যমন্ত্ৰী চৰনজিৎ সিং চন্নীৰ সৈতে মিলি কংগ্ৰেছৰ প্ৰচাৰ অভিযানৰ নেতৃত্ব দিছে যদিও পুনৰ আন এটা প্ৰসংগত চৰ্চালৈ আহিছে সিদ্ধু। পঞ্জাবৰ এসময়ৰ শাসকীয় দল শিৰোমণি আকালী দল এইবাৰ নিৰ্বাচনী প্ৰেক্ষাপটত বৰ প্ৰভাৱশালী হৈ থকা নাই। কিন্তু এগৰাকী প্ৰাৰ্থী এতিয়া চৰ্চালৈ আহিছে। তেওঁ হৈছে বিক্ৰম মাজিথিয়া। বিক্ৰম মাজিথিয়াই নৱজোৎ সিং সিদ্ধুৰ বিৰুদ্ধে পূব অমৃতসৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। সিদ্ধু এতিয়াও এই সমষ্টিৰ বিধায়ক। কিন্তু এই সমুখ-সমৰৰ বাবে সিদ্ধু বা মাজিথিয়া চৰ্চালৈ অহা নাই। সিদ্ধুৱে নিৰ্বাচনী ৰণৰ সমান্তৰালভাৱে আন এখন যুঁজ আৰম্ভ কৰিছে শিৰোমণি আকালী দলৰ নেতা মাজিথিয়াৰ বিৰুদ্ধে। ড্ৰাগছৰ এটা গোচৰত সিদ্ধুৱে আকালী দলৰ নেতা বিক্ৰম মাজিথিয়াক গ্ৰেপ্তাৰ কৰোঁৱাৰ বাবে উঠি-পৰি লাগিছে। উল্লেখ্য যে, বিগত ডিচেম্বৰ মাহত ৪৬বছৰীয়া মাজিথিয়া ড্ৰাগছৰ গোচৰত আটক হৈছিল আৰু তাৰ পাছত উচ্চ ন্যায়ালয়ৰ পৰা অন্তৰ্ৱৰ্তী জামিন লাভ কৰিছিল। তেওঁ এতিয়াও বিশেষ তদন্তকাৰী গোটৰ তদন্তৰ আঁওতাতে আছে। সিদ্ধুৱে ঘোষণা কৰিছিল যে, মাজিথিয়াক গ্ৰেপ্তাৰ নকৰোৱা পৰ্যন্ত তেওঁ থমকি নৰয়। এতিয়া নিৰ্বাচনী যুঁজখনত দলে মাজিথিয়াক পুনৰ সিদ্ধুৰ সন্মুখলৈ আগুৱাই দিয়াটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। সিদ্ধুৱে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও ৰাজনৈতিক যুঁজখনৰ সমান্তৰালভাৱে সিদ্ধুৰ ব্যক্তিগত যুঁজখনে এতিয়া অদিক তীব্ৰতা যে পাব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। আকালী দলে আজি মাজিথিয়াক সিদ্ধুৰ বিপৰীতে পূব অমৃতসৰৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰে। উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত মাজিথিয়াক পৰাজিত কৰিছিল সিদ্ধুৱে। এইবাৰো পিছে সিদ্ধুৰ বিৰুদ্ধেই প্ৰতিদ্বন্দ্বিতা কৰাটোৱে মাজিথিয়াৰ যুদ্ধংদেহি মনোভাবকে যেন প্ৰতিপন্ন কৰিছে। ইফালে, সিদ্ধুৱে এই আসনখন নিজৰ দখলত ৰখাৰ লগতে মাজিথিয়াক জে’লৰ ভাত খুওৱাৰ যুঁজত জয়ী হ’ব পাৰে নে নাই সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু