--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাৱৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতা এতিয়া তুংগত উঠিছে। পঞ্জাবত মূলতঃ শাসকীয় কংগ্ৰেছ দল আৰু আম আদমী পাৰ্টীৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হোৱাটো স্পষ্ট হৈ পৰিছে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজোৎ সিং সিদ্ধু ব্যাপক চৰ্চালৈ আহিছে। কিয়নো সিদ্ধুৱে দলৰ মজিয়াত একপ্ৰকাৰ ভূমিকম্পৰে সৃষ্টি কৰিছিল। যাৰ ফলত প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং নিজৰ চকীৰ পৰা উফৰি পৰাই নহয় দলো ত্যাগ কৰিবলগীয়া হৈছে। তাৰ পাছতো পদত্যাগৰ নাটক ৰচি সিদ্ধুৱে ব্যাপক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল। এতিয়া তেৱেঁই মুখ্যমন্ত্ৰী চৰনজিৎ সিং চন্নীৰ সৈতে মিলি কংগ্ৰেছৰ প্ৰচাৰ অভিযানৰ নেতৃত্ব দিছে যদিও পুনৰ আন এটা প্ৰসংগত চৰ্চালৈ আহিছে সিদ্ধু। পঞ্জাবৰ এসময়ৰ শাসকীয় দল শিৰোমণি আকালী দল এইবাৰ নিৰ্বাচনী প্ৰেক্ষাপটত বৰ প্ৰভাৱশালী হৈ থকা নাই। কিন্তু এগৰাকী প্ৰাৰ্থী এতিয়া চৰ্চালৈ আহিছে। তেওঁ হৈছে বিক্ৰম মাজিথিয়া। বিক্ৰম মাজিথিয়াই নৱজোৎ সিং সিদ্ধুৰ বিৰুদ্ধে পূব অমৃতসৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। সিদ্ধু এতিয়াও এই সমষ্টিৰ বিধায়ক। কিন্তু এই সমুখ-সমৰৰ বাবে সিদ্ধু বা মাজিথিয়া চৰ্চালৈ অহা নাই। সিদ্ধুৱে নিৰ্বাচনী ৰণৰ সমান্তৰালভাৱে আন এখন যুঁজ আৰম্ভ কৰিছে শিৰোমণি আকালী দলৰ নেতা মাজিথিয়াৰ বিৰুদ্ধে। ড্ৰাগছৰ এটা গোচৰত সিদ্ধুৱে আকালী দলৰ নেতা বিক্ৰম মাজিথিয়াক গ্ৰেপ্তাৰ কৰোঁৱাৰ বাবে উঠি-পৰি লাগিছে। উল্লেখ্য যে, বিগত ডিচেম্বৰ মাহত ৪৬বছৰীয়া মাজিথিয়া ড্ৰাগছৰ গোচৰত আটক হৈছিল আৰু তাৰ পাছত উচ্চ ন্যায়ালয়ৰ পৰা অন্তৰ্ৱৰ্তী জামিন লাভ কৰিছিল। তেওঁ এতিয়াও বিশেষ তদন্তকাৰী গোটৰ তদন্তৰ আঁওতাতে আছে। সিদ্ধুৱে ঘোষণা কৰিছিল যে, মাজিথিয়াক গ্ৰেপ্তাৰ নকৰোৱা পৰ্যন্ত তেওঁ থমকি নৰয়। এতিয়া নিৰ্বাচনী যুঁজখনত দলে মাজিথিয়াক পুনৰ সিদ্ধুৰ সন্মুখলৈ আগুৱাই দিয়াটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। সিদ্ধুৱে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও ৰাজনৈতিক যুঁজখনৰ সমান্তৰালভাৱে সিদ্ধুৰ ব্যক্তিগত যুঁজখনে এতিয়া অদিক তীব্ৰতা যে পাব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। আকালী দলে আজি মাজিথিয়াক সিদ্ধুৰ বিপৰীতে পূব অমৃতসৰৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰে। উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত মাজিথিয়াক পৰাজিত কৰিছিল সিদ্ধুৱে। এইবাৰো পিছে সিদ্ধুৰ বিৰুদ্ধেই প্ৰতিদ্বন্দ্বিতা কৰাটোৱে মাজিথিয়াৰ যুদ্ধংদেহি মনোভাবকে যেন প্ৰতিপন্ন কৰিছে। ইফালে, সিদ্ধুৱে এই আসনখন নিজৰ দখলত ৰখাৰ লগতে মাজিথিয়াক জে’লৰ ভাত খুওৱাৰ যুঁজত জয়ী হ’ব পাৰে নে নাই সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু