--°C
Loading...
Listen to Article
2 min read
80%
ডিজেটল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ দেশত এতিয়া তুমুল ৰাজনৈতিক চৰ্চা চলিছে। বিশেষকৈ উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ হৈ ৰৈছে। দেশৰ ৰাজনীতিত উত্তৰ প্ৰদেশৰ আছে অপৰিসীম গুৰুত্ব। এনে পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশ ৰক্ষাৰ বাবে শাসকীয় বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে আৰু তাৰ বিপৰীতে প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টীয়ে এই ৰাজ্যখনৰ শাসন নিজৰ দখললৈ নিয়াৰ বাবে সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলিছে। ইজনৰ পাছত সিজন বিজেপিৰ মন্ত্ৰী-বিধায়কে দল ত্যাগ কৰা তথা সমাজবাদীত যোগ দিয়াক লৈও চলিছে তুমুল চৰ্চা। ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত ভালেমান নতুন দিশৰ ইংগিত দিছে এই দলত্যাগ প্ৰক্ৰিয়াই। উত্তৰ প্ৰদেশক লৈ বিজেপি যে এতিয়া একপ্ৰকাৰ আত্মবিশ্বাসহীনতাত ভুগিছে তাৰ স্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ কাম-কাজত। বিজেপিৰ আত্মবিশ্বাসহীনতাৰ প্ৰতিফলন ঘটিছে স্বয়ং মুখ্যমন্ত্ৰী আদিত্যনাথৰ এক পদক্ষেপত। বিজেপিয়ে শনিবাৰে তেওঁলোকৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকা অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰতিদ্বন্দ্বিতা কৰিব গোৰখপুৰ সমষ্টিৰ পৰা। গোৰখপুৰ আৰ্বান সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব যোগী আদিত্যনাথ। অহা ৩ মাৰ্চত এই সমষ্টিটোত নিৰ্বাচন অনুষ্ঠিত হ’ব। মন কৰিবলগীয়া হৈছে যে, যোগী আদিত্যনাথে এইবাৰ মন্দিৰ নগৰী মথুৰা বা অযোধ্যাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জল্পনা-কল্পনা চলিছিল। কিয়নো হিন্দু আৰু হিন্দুত্বৰ মূৰ্তিমন্ত প্ৰতিভূ যোগী আদিত্যনাথ তথা বিজেপিৰ বাবে এইবাৰ নিৰ্বাচনৰ অন্যতম মূল ইছ্যু আছিল ৰাম মন্দিৰ। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপিৰ কাম-কাজ তথা চিন্তা চৰ্চা ৰাম মন্দিৰকেন্দ্ৰিক হৈ পৰিছিল। কিন্তু এতিয়া যেন ৰামৰ ওপৰতে ভৰসা নাইকিয়া হৈছে যোগী আদিত্যনাথ তথা বিজেপি চৰকাৰৰ। সেইবাবে যোগীয়ে আযোধ্য আৰু মথুৰা এৰি তেওঁৰ দুৰ্গ গোৰখপুৰলৈকে উভতি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপটৰ বাবে নিসন্দেহে এক তাৎপৰ্যপূৰ্ণ কথা। ৰাম মন্দিৰৰ দৰে ইছ্যু এৰি মুখ্যমন্ত্ৰীক নিজৰ দুৰ্গত আশ্ৰয় ল’বলগীয়া পৰিস্থিতি সৃষ্টি কৰিব পৰাটো নিসন্দহে উত্তৰ প্ৰদেশৰ বিৰোধী দলৰে সাফল্য। উল্লেখ্য যে, গোৰখপুৰ লোকসভা সমষ্টিৰ পৰা তেওঁ পাঁচবাৰলৈ সাংসদ নিৰ্বাচিত হৈছিল। তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ আগেয়ে তেওঁ আছিল গোৰখমাথ মঠৰো মহন্ত। আমোদজনকভাৱে কিছুদিন পূৰ্বে সমাজবাদী পাৰ্টীৰ এগৰাকী নেতা তথা মুখপাত্ৰ আইপি সিঙে যোগী আদিত্যনাথৰ বাবে লক্ষ্ণৌৰ পৰা গোৰখপুৰলৈ বিমানৰ টিকট বুক কৰি টুইট কৰিছিল। টিকটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি তেওঁ লিখিছিল যে, ১০ মাৰ্চ জনতাৰ দিন হ’ব। ১০ মাৰ্চত সত্যৰ সূৰ্য উদিত হ’ব আৰু একক সংখ্যাগৰিষ্ঠতাৰে সমাজবাদী পাৰ্টীৰ চৰকাৰ গঠন হ’ব। সেইবাবে মই ১১মাৰ্চত গোৰখপুৰলৈ উভতি যাবলৈ যোগী আদিত্যনাথৰ বাবে বিমানৰ টিকট বুক কৰিছোঁ। এই টিকটটো ভালকৈ ৰাখিব, কিয়নো পৰাজয়ৰ পাছত বিজেপিয়েও আপোনাক গুৰুত্ব নিদিব। আই পি শৰ্মাৰ এই কটাক্ষ আদিত্যনাথে পুনৰ গোৰখপুৰকে নিজৰ বিধানসভা আসন নিৰ্বাচন কৰাটো অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ‘ৰাম নাম’ক সাৰথি কৰি এইবাৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সম্ভাৱনা নাই বুলি ভাবিয়েই নে অন্য কোনো পৰিকল্পনাৰে এই পদক্ষেপ যোগী আদিত্যনাথ তথা বিজেপিয়ে গ্ৰহণ কৰিছে সেয়া সময়েহে ক’ব। কিন্তু দলত সৃষ্টি হোৱা খহনীয়া আৰু বিজেপিৰ খোপনি হেৰুওৱাৰ উপক্ৰম ঘটা অৱস্থাই এতিয়া ৰাজনৈতিক আৱহাৱা অন্যফালে ধাৱিত হোৱাৰ ইংগিত দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি