--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজেটল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ দেশত এতিয়া তুমুল ৰাজনৈতিক চৰ্চা চলিছে। বিশেষকৈ উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ হৈ ৰৈছে। দেশৰ ৰাজনীতিত উত্তৰ প্ৰদেশৰ আছে অপৰিসীম গুৰুত্ব। এনে পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশ ৰক্ষাৰ বাবে শাসকীয় বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে আৰু তাৰ বিপৰীতে প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টীয়ে এই ৰাজ্যখনৰ শাসন নিজৰ দখললৈ নিয়াৰ বাবে সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলিছে। ইজনৰ পাছত সিজন বিজেপিৰ মন্ত্ৰী-বিধায়কে দল ত্যাগ কৰা তথা সমাজবাদীত যোগ দিয়াক লৈও চলিছে তুমুল চৰ্চা। ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত ভালেমান নতুন দিশৰ ইংগিত দিছে এই দলত্যাগ প্ৰক্ৰিয়াই। উত্তৰ প্ৰদেশক লৈ বিজেপি যে এতিয়া একপ্ৰকাৰ আত্মবিশ্বাসহীনতাত ভুগিছে তাৰ স্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ কাম-কাজত। বিজেপিৰ আত্মবিশ্বাসহীনতাৰ প্ৰতিফলন ঘটিছে স্বয়ং মুখ্যমন্ত্ৰী আদিত্যনাথৰ এক পদক্ষেপত। বিজেপিয়ে শনিবাৰে তেওঁলোকৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকা অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰতিদ্বন্দ্বিতা কৰিব গোৰখপুৰ সমষ্টিৰ পৰা। গোৰখপুৰ আৰ্বান সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব যোগী আদিত্যনাথ। অহা ৩ মাৰ্চত এই সমষ্টিটোত নিৰ্বাচন অনুষ্ঠিত হ’ব। মন কৰিবলগীয়া হৈছে যে, যোগী আদিত্যনাথে এইবাৰ মন্দিৰ নগৰী মথুৰা বা অযোধ্যাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জল্পনা-কল্পনা চলিছিল। কিয়নো হিন্দু আৰু হিন্দুত্বৰ মূৰ্তিমন্ত প্ৰতিভূ যোগী আদিত্যনাথ তথা বিজেপিৰ বাবে এইবাৰ নিৰ্বাচনৰ অন্যতম মূল ইছ্যু আছিল ৰাম মন্দিৰ। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপিৰ কাম-কাজ তথা চিন্তা চৰ্চা ৰাম মন্দিৰকেন্দ্ৰিক হৈ পৰিছিল। কিন্তু এতিয়া যেন ৰামৰ ওপৰতে ভৰসা নাইকিয়া হৈছে যোগী আদিত্যনাথ তথা বিজেপি চৰকাৰৰ। সেইবাবে যোগীয়ে আযোধ্য আৰু মথুৰা এৰি তেওঁৰ দুৰ্গ গোৰখপুৰলৈকে উভতি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপটৰ বাবে নিসন্দেহে এক তাৎপৰ্যপূৰ্ণ কথা। ৰাম মন্দিৰৰ দৰে ইছ্যু এৰি মুখ্যমন্ত্ৰীক নিজৰ দুৰ্গত আশ্ৰয় ল’বলগীয়া পৰিস্থিতি সৃষ্টি কৰিব পৰাটো নিসন্দহে উত্তৰ প্ৰদেশৰ বিৰোধী দলৰে সাফল্য। উল্লেখ্য যে, গোৰখপুৰ লোকসভা সমষ্টিৰ পৰা তেওঁ পাঁচবাৰলৈ সাংসদ নিৰ্বাচিত হৈছিল। তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ আগেয়ে তেওঁ আছিল গোৰখমাথ মঠৰো মহন্ত। আমোদজনকভাৱে কিছুদিন পূৰ্বে সমাজবাদী পাৰ্টীৰ এগৰাকী নেতা তথা মুখপাত্ৰ আইপি সিঙে যোগী আদিত্যনাথৰ বাবে লক্ষ্ণৌৰ পৰা গোৰখপুৰলৈ বিমানৰ টিকট বুক কৰি টুইট কৰিছিল। টিকটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি তেওঁ লিখিছিল যে, ১০ মাৰ্চ জনতাৰ দিন হ’ব। ১০ মাৰ্চত সত্যৰ সূৰ্য উদিত হ’ব আৰু একক সংখ্যাগৰিষ্ঠতাৰে সমাজবাদী পাৰ্টীৰ চৰকাৰ গঠন হ’ব। সেইবাবে মই ১১মাৰ্চত গোৰখপুৰলৈ উভতি যাবলৈ যোগী আদিত্যনাথৰ বাবে বিমানৰ টিকট বুক কৰিছোঁ। এই টিকটটো ভালকৈ ৰাখিব, কিয়নো পৰাজয়ৰ পাছত বিজেপিয়েও আপোনাক গুৰুত্ব নিদিব। আই পি শৰ্মাৰ এই কটাক্ষ আদিত্যনাথে পুনৰ গোৰখপুৰকে নিজৰ বিধানসভা আসন নিৰ্বাচন কৰাটো অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ‘ৰাম নাম’ক সাৰথি কৰি এইবাৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সম্ভাৱনা নাই বুলি ভাবিয়েই নে অন্য কোনো পৰিকল্পনাৰে এই পদক্ষেপ যোগী আদিত্যনাথ তথা বিজেপিয়ে গ্ৰহণ কৰিছে সেয়া সময়েহে ক’ব। কিন্তু দলত সৃষ্টি হোৱা খহনীয়া আৰু বিজেপিৰ খোপনি হেৰুওৱাৰ উপক্ৰম ঘটা অৱস্থাই এতিয়া ৰাজনৈতিক আৱহাৱা অন্যফালে ধাৱিত হোৱাৰ ইংগিত দিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?