--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাধিক প্ৰতিষেধক উদ্ভাৱন তথা এই প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া বিশ্বজুৰি আৰম্ভ হোৱাৰ পাছত কৰ’না ভাইৰাছক লৈ আতংক সামান্য হ্ৰাস হৈছে যদিও মানৱ জাতিৰ পৰা যেন সংকটৰ ডাৱৰ আঁতৰা নাই। এইবাৰ ক’ভিডে অধিক ভয়ংকৰ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰিছে দেশৰ বিশেষজ্ঞই। বিগত সময়ছোৱাৰ কৰ’নাৰ দ্ৰুতসংক্ৰমণো লক্ষ্যণীয় হৈ পৰিছে। দিনক দিনে দেশত দৈনিক কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পায়ে আছে। বিগত ২ ঘণ্টাত কৰ’নাক্ৰান্তৰ সংখ্যাই ২.৫ লাখৰ সীমা অতিক্ৰমি ২লাখ ৭০হাজাৰৰ ঘৰ স্পৰ্শ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ২,৬৮,৮৩৩ জন লোক নতুনকৈ কৰ’নাক্ৰান্ত হৈছে। ইফালে, এই সময়ছোৱাত ১,২২,৬৮৪ জন লোক আৰোগ্য হৈ উঠিছে কৰ’নাৰ পৰা। এই মুহূৰ্তত দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ১৪,১৭,৮২০। দৈনিক সংক্ৰমণৰ হাৰ ১০ শতাংশৰ পৰা একেকোবে ১৬.৬৬ শতাংশ হৈছেগৈ। ক’ভিড সংক্ৰমণৰ এই ঊৰ্ধ্বমুখী গ্ৰাফডালে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক। অতিমাৰী কৰ’নাৰ বাবেই বিগত ২৪ ঘণ্টাত ৪০২ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইনে সমগ্ৰ বিশ্বতে চলাইছে তাণ্ডৱ। অ’মিক্ৰনে প্ৰকোপে জোকাৰি গৈছে ভাৰতকো। এতিয়ালৈকে, দেশখনত অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬০৪১। এনেধৰণৰ বিশ্বজোৰা সংক্ৰমণৰ শেষ ক’ত, তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক