--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাধিক প্ৰতিষেধক উদ্ভাৱন তথা এই প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া বিশ্বজুৰি আৰম্ভ হোৱাৰ পাছত কৰ’না ভাইৰাছক লৈ আতংক সামান্য হ্ৰাস হৈছে যদিও মানৱ জাতিৰ পৰা যেন সংকটৰ ডাৱৰ আঁতৰা নাই। এইবাৰ ক’ভিডে অধিক ভয়ংকৰ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰিছে দেশৰ বিশেষজ্ঞই। বিগত সময়ছোৱাৰ কৰ’নাৰ দ্ৰুতসংক্ৰমণো লক্ষ্যণীয় হৈ পৰিছে। দিনক দিনে দেশত দৈনিক কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পায়ে আছে। বিগত ২ ঘণ্টাত কৰ’নাক্ৰান্তৰ সংখ্যাই ২.৫ লাখৰ সীমা অতিক্ৰমি ২লাখ ৭০হাজাৰৰ ঘৰ স্পৰ্শ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ২,৬৮,৮৩৩ জন লোক নতুনকৈ কৰ’নাক্ৰান্ত হৈছে। ইফালে, এই সময়ছোৱাত ১,২২,৬৮৪ জন লোক আৰোগ্য হৈ উঠিছে কৰ’নাৰ পৰা। এই মুহূৰ্তত দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা ১৪,১৭,৮২০। দৈনিক সংক্ৰমণৰ হাৰ ১০ শতাংশৰ পৰা একেকোবে ১৬.৬৬ শতাংশ হৈছেগৈ। ক’ভিড সংক্ৰমণৰ এই ঊৰ্ধ্বমুখী গ্ৰাফডালে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক। অতিমাৰী কৰ’নাৰ বাবেই বিগত ২৪ ঘণ্টাত ৪০২ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইনে সমগ্ৰ বিশ্বতে চলাইছে তাণ্ডৱ। অ’মিক্ৰনে প্ৰকোপে জোকাৰি গৈছে ভাৰতকো। এতিয়ালৈকে, দেশখনত অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬০৪১। এনেধৰণৰ বিশ্বজোৰা সংক্ৰমণৰ শেষ ক’ত, তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি