--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত সকলো হিংসাৰেই যেন প্ৰথম বলি মহিলা আৰু শিশুসকলেই হয়৷ এইক্ষেত্ৰত ব্যতিক্ৰম হোৱা নাই মণিপুৰো৷ মণিপুৰত দুগৰাকীকৈ কুকি মহিলাক ধৰ্ষণৰ পিছত উলংগ কৰি পেৰেড কৰোৱাৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বহুতেই ঘটনাটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ একে সময়তে মণিপুৰৰ ঘটনাকলৈ  উদ্বিগ্নতা প্ৰকাশ কৰিছে   ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনেও। 

দুগৰাকীকৈ  মহিলাৰ নগ্ন পেৰেড কৰোৱাৰ ঘটনাকলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ এখন পত্ৰ লিখিছে। 

পত্ৰ খনত সোৰেনে লিখিছে-মণিপুৰ ৰাজ্যত হিংসাত্মক ঘটনা... মণিপুৰৰ ক্ৰমবৰ্ধমান পৰিস্থিতিৰ বাবে মই গভীৰভাৱে দুখিত আৰু চিন্তিত... মহিলাসকলৰ ওপৰত অকথ্য অত্যাচাৰ আৰু যৌন শোষণ চলোৱা হৈছে...মণিপুৰ দুমাহ ধৰি জ্বলি আছে, হৃদয় বিহ্বল কৰা ভিডিঅ' দেখা গৈছে আৰু উত্তৰ-পূবৰ ৰাজ্যখনত গণতান্ত্ৰিক শাসনৰ ভাঙোন আৰম্ভ হৈছে।। তেওঁ ৰাষ্ট্ৰপতিক মণিপুৰৰ জনসাধাৰণৰ বাবে ন্যায় নিশ্চিত কৰিবলৈ আৰু তাত শান্তি পুনঃস্থাপন কৰিবলৈ আহ্বান জনায়।পত্ৰ খনত তেওঁ লিখিছে " মণিপুৰ আৰু ভাৰতে সন্মুখীন হোৱা এই আন্ধাৰ সময়ৰ সংকটৰ সময়ত, আমি আপোনাক আশা আৰু অনুপ্ৰেৰণাৰ অন্তিম উৎস হিচাপে চাইছো।  যিয়ে মণিপুৰৰ জনসাধাৰণ আৰু ভাৰতৰ সকলো নাগৰিকক এই সমস্যাৰ সময়ত পোহৰ দেখুৱাব পাৰে,"৷  

সোৰেনে লগতে  জনজাতীয় ভনীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈও ৰাষ্ট্ৰপতিক আহ্বান জনায়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি