--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত সকলো হিংসাৰেই যেন প্ৰথম বলি মহিলা আৰু শিশুসকলেই হয়৷ এইক্ষেত্ৰত ব্যতিক্ৰম হোৱা নাই মণিপুৰো৷ মণিপুৰত দুগৰাকীকৈ কুকি মহিলাক ধৰ্ষণৰ পিছত উলংগ কৰি পেৰেড কৰোৱাৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বহুতেই ঘটনাটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ একে সময়তে মণিপুৰৰ ঘটনাকলৈ  উদ্বিগ্নতা প্ৰকাশ কৰিছে   ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনেও। 

দুগৰাকীকৈ  মহিলাৰ নগ্ন পেৰেড কৰোৱাৰ ঘটনাকলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ এখন পত্ৰ লিখিছে। 

পত্ৰ খনত সোৰেনে লিখিছে-মণিপুৰ ৰাজ্যত হিংসাত্মক ঘটনা... মণিপুৰৰ ক্ৰমবৰ্ধমান পৰিস্থিতিৰ বাবে মই গভীৰভাৱে দুখিত আৰু চিন্তিত... মহিলাসকলৰ ওপৰত অকথ্য অত্যাচাৰ আৰু যৌন শোষণ চলোৱা হৈছে...মণিপুৰ দুমাহ ধৰি জ্বলি আছে, হৃদয় বিহ্বল কৰা ভিডিঅ' দেখা গৈছে আৰু উত্তৰ-পূবৰ ৰাজ্যখনত গণতান্ত্ৰিক শাসনৰ ভাঙোন আৰম্ভ হৈছে।। তেওঁ ৰাষ্ট্ৰপতিক মণিপুৰৰ জনসাধাৰণৰ বাবে ন্যায় নিশ্চিত কৰিবলৈ আৰু তাত শান্তি পুনঃস্থাপন কৰিবলৈ আহ্বান জনায়।পত্ৰ খনত তেওঁ লিখিছে " মণিপুৰ আৰু ভাৰতে সন্মুখীন হোৱা এই আন্ধাৰ সময়ৰ সংকটৰ সময়ত, আমি আপোনাক আশা আৰু অনুপ্ৰেৰণাৰ অন্তিম উৎস হিচাপে চাইছো।  যিয়ে মণিপুৰৰ জনসাধাৰণ আৰু ভাৰতৰ সকলো নাগৰিকক এই সমস্যাৰ সময়ত পোহৰ দেখুৱাব পাৰে,"৷  

সোৰেনে লগতে  জনজাতীয় ভনীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈও ৰাষ্ট্ৰপতিক আহ্বান জনায়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস