--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দলৰ প্ৰশিক্ষক ফাৰ্ণান্ডো চাণ্টোছৰ স’তে সংঘাতত লিপ্ত হোৱা বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তে এই লৈ মুখ খুলিছে ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে। স্পষ্টকৈ তেওঁ জনালে যে দলৰ একতাক ভাঙিবলৈকে এই অপপ্ৰচাৰ কৰা হৈছে।

সামাজিক মাধ্যমযোগে বৃহস্পতিবাৰে ৰোণাল্ডোৱে লিখে- “বাহিৰৰ কিছু শক্তিয়ে এটা ঐক্যবদ্ধ দলক ভাঙি পেলোৱাৰ চেষ্টা কৰিছে। কিন্তু এই দলটোৱে বাহিৰৰ কোনো শক্তিক ভয় নাখায়। সপোন পূৰণ কৰাৰ বাবে শেষ পৰ্যন্ত দলে চেষ্টা কৰি যাব। আমাৰ ওপৰত বিশ্বাস ৰাখক।”

উল্লেখ্য যে শেহতীয়াকৈ এখন পৰ্তুগীজ কাকতৰ এটা প্ৰতিবেদনে বিৰাট হট্টগোলৰ সৃষ্টি কৰিছিল। তাত লিখা হৈছিল যে প্ৰশিক্ষকৰ স’তে সংঘাতৰ বাবে ৰোণাল্ডোৱে সোনকালেই বিশ্বকাপ এৰি দেশলৈ ঘূৰি আহিব। তাৰ পাছতে ৰোণাল্ডোৱে দিয়া এই ভাষ্যই ব্যাপক তাৎপৰ্য বহন কৰিছে।

ৰোণাল্ডোৰ এই ভাষ্যৰ অনুৰূপধৰণে পৰ্তুগীজ ফুটবল সংস্থাইও এটা বিবৃত্তি প্ৰকাশ কৰিছে। লিখিছে- “জাতীয় দল আৰু দেশৰ সেৱা কৰাৰ ক্ষেত্ৰত ৰোণাল্ডোৱে কীৰ্তি অৰ্জন কৰিছে। সেয়া সমীহ কৰা উচিত আৰু জাতীয় দলৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক লৈ কোনেও প্ৰশ্ন কৰা উচিত নহয়।”

 “এই বিশ্বকাপ যাতে পৰ্তুগালৰ ফুটবলৰ ইতিহাসত শ্ৰেষ্ঠ বিশ্বকাপ হিচাপে পৰিগণিত হয়, তাৰ বাবে সমস্ত ফুটবলাৰ, প্ৰশিক্ষক প্ৰথম দিনৰে পৰাই দায়বদ্ধ।”- সংস্থাই লিখে।

উল্লেখ্য যে চলিত বিশ্বকাপত আশানৰূপ প্ৰদৰ্শন আগবঢ়াব পৰা নাই ৩৭ বৰ্ষীয় তাৰকাগৰাকীয়ে। বিশ্বকাপৰ সমান্তৰালভাৱে মানচেষ্টাৰ ইউনাইটেডৰ পাছত কোন ক্লাবলৈ ৰোণাল্ডো যাব, সেই লৈও চৰ্চা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু