--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দলৰ প্ৰশিক্ষক ফাৰ্ণান্ডো চাণ্টোছৰ স’তে সংঘাতত লিপ্ত হোৱা বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তে এই লৈ মুখ খুলিছে ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে। স্পষ্টকৈ তেওঁ জনালে যে দলৰ একতাক ভাঙিবলৈকে এই অপপ্ৰচাৰ কৰা হৈছে।

সামাজিক মাধ্যমযোগে বৃহস্পতিবাৰে ৰোণাল্ডোৱে লিখে- “বাহিৰৰ কিছু শক্তিয়ে এটা ঐক্যবদ্ধ দলক ভাঙি পেলোৱাৰ চেষ্টা কৰিছে। কিন্তু এই দলটোৱে বাহিৰৰ কোনো শক্তিক ভয় নাখায়। সপোন পূৰণ কৰাৰ বাবে শেষ পৰ্যন্ত দলে চেষ্টা কৰি যাব। আমাৰ ওপৰত বিশ্বাস ৰাখক।”

উল্লেখ্য যে শেহতীয়াকৈ এখন পৰ্তুগীজ কাকতৰ এটা প্ৰতিবেদনে বিৰাট হট্টগোলৰ সৃষ্টি কৰিছিল। তাত লিখা হৈছিল যে প্ৰশিক্ষকৰ স’তে সংঘাতৰ বাবে ৰোণাল্ডোৱে সোনকালেই বিশ্বকাপ এৰি দেশলৈ ঘূৰি আহিব। তাৰ পাছতে ৰোণাল্ডোৱে দিয়া এই ভাষ্যই ব্যাপক তাৎপৰ্য বহন কৰিছে।

ৰোণাল্ডোৰ এই ভাষ্যৰ অনুৰূপধৰণে পৰ্তুগীজ ফুটবল সংস্থাইও এটা বিবৃত্তি প্ৰকাশ কৰিছে। লিখিছে- “জাতীয় দল আৰু দেশৰ সেৱা কৰাৰ ক্ষেত্ৰত ৰোণাল্ডোৱে কীৰ্তি অৰ্জন কৰিছে। সেয়া সমীহ কৰা উচিত আৰু জাতীয় দলৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক লৈ কোনেও প্ৰশ্ন কৰা উচিত নহয়।”

 “এই বিশ্বকাপ যাতে পৰ্তুগালৰ ফুটবলৰ ইতিহাসত শ্ৰেষ্ঠ বিশ্বকাপ হিচাপে পৰিগণিত হয়, তাৰ বাবে সমস্ত ফুটবলাৰ, প্ৰশিক্ষক প্ৰথম দিনৰে পৰাই দায়বদ্ধ।”- সংস্থাই লিখে।

উল্লেখ্য যে চলিত বিশ্বকাপত আশানৰূপ প্ৰদৰ্শন আগবঢ়াব পৰা নাই ৩৭ বৰ্ষীয় তাৰকাগৰাকীয়ে। বিশ্বকাপৰ সমান্তৰালভাৱে মানচেষ্টাৰ ইউনাইটেডৰ পাছত কোন ক্লাবলৈ ৰোণাল্ডো যাব, সেই লৈও চৰ্চা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক