--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোণাল্ডো নে মেছি? কোন শ্ৰেষ্ঠ? এই লৈ এক দশকৰো অধিক বিতৰ্ক চলি আহিছে। দুটা মেৰুত বিভক্ত ফুটবলবিশ্ব। কাৰোবাৰ পচন্দ মেছি, কাৰোবাৰ ৰোণাল্ডো। কোনেও নিজৰ স্থিতি এৰিব নিবিচাৰে।

কিন্তু এই বিষয়ে কি কয় বিশ্বৰ সকলোতকৈ সুন্দৰী মহিলা ফুটবলাৰ আনা মাৰিয়া মাৰকোভিকে? লুকা মদ্ৰিকৰ দেশ ক্ৰ’ৱেশ্চিয়াৰ এই সুদক্ষ ষ্ট্ৰাইকাৰগৰাকী সামাজিক মাধ্যমতো অতিকৈ জনপ্ৰিয়।

সামাজিক মাধ্যমতে আনাক এগৰাকী অনুৰাগীয়ে প্ৰশ্ন কৰিছিল যে মেছি আৰু ৰোণাল্ডোৰ ভিতৰত কাক তেওঁ আগত ৰাখিব বিচাৰে? অলপো বিলম্ব নকৰি আনাই কেৱল ‘চিআৰ৭’ বুলি লিখে। অৰ্থাৎ ক্ৰিষ্টিয়ানো ৰোণাল্ডো।

“মোৰ সকলোতকৈ প্ৰিয় ফুটবলাৰ হৈছে ৰোণাল্ডো। কাৰণ তেওঁ অসম্ভৱধৰণে শৃংখলাপৰায়ণ।”- আনাই কয়।

আনাই জনায় যে তেওঁৰ আদৰ্শ ৰোণাল্ডো। কেৱল জনপ্ৰিয়তাই নহয়, বৰঞ্চ ফুটবলৰ জগততো ৰোণাল্ডোৰ পথেৰে যাব বিচাৰে তেওঁ।

আনহাতে, পুৰুষ ফুটবলাৰসকলৰ সমানে মহিলা ফুটবলাৰসকলেও পৰিশ্ৰমিক লাভ কৰাৰ দাবী কৰি আহিছে আনাই। এইক্ষেত্ৰত পুৰুষ ফুটবলাৰসকলকো তেওঁ সমৰ্থন জনাবলৈ আহ্বান জনাইছে।

ফুটবল আৰু ৰূপৰ যাদুৰে জনপ্ৰিয়তা লম্ভা এই আনাৰ জন্ম ১৯৯৯ চনৰ ৯ নৱেম্বৰত। ক্ৰ’ৱেশ্চিয়াৰ জাতীয় দলৰ উপৰিও তেওঁ চুইজাৰলেণ্ডৰ ৱ’মেনছ চুপাৰ লীগ ক্লাবৰ হৈ খেলি আহিছে। আনাই জনায় যে তেওঁ ইংলেণ্ডৰ ক্লাবৰ হৈ খেলিব বিচাৰে।


মাত্ৰ ২২ বছৰ বয়সতে ফুটবলৰ জৰিয়তে আনাই লাভ কৰিছে অশেষ সাফল্য। মুঠ সম্পত্তিৰ পৰিমাণ ভাৰতীয় মূদ্ৰাত চাৰে ছয় কোটি টকা। চুইজাৰলেণ্ডত ঘৰ ক্ৰয় কৰাৰ উপৰিও মাৰ্চিডিজ গাড়ীও আছে আনাৰ।

ফুটবল জগতৰ কেইবাগৰাকী পুৰুষ তাৰকাৰ স’তে তেওঁৰ সুসম্পৰ্ক আছে। নেইমাৰ, ৰোণাল্ডোৰ স’তে আনাৰ কথা-বাৰ্তা চলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক