--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোণাল্ডো নে মেছি? কোন শ্ৰেষ্ঠ? এই লৈ এক দশকৰো অধিক বিতৰ্ক চলি আহিছে। দুটা মেৰুত বিভক্ত ফুটবলবিশ্ব। কাৰোবাৰ পচন্দ মেছি, কাৰোবাৰ ৰোণাল্ডো। কোনেও নিজৰ স্থিতি এৰিব নিবিচাৰে।

কিন্তু এই বিষয়ে কি কয় বিশ্বৰ সকলোতকৈ সুন্দৰী মহিলা ফুটবলাৰ আনা মাৰিয়া মাৰকোভিকে? লুকা মদ্ৰিকৰ দেশ ক্ৰ’ৱেশ্চিয়াৰ এই সুদক্ষ ষ্ট্ৰাইকাৰগৰাকী সামাজিক মাধ্যমতো অতিকৈ জনপ্ৰিয়।

সামাজিক মাধ্যমতে আনাক এগৰাকী অনুৰাগীয়ে প্ৰশ্ন কৰিছিল যে মেছি আৰু ৰোণাল্ডোৰ ভিতৰত কাক তেওঁ আগত ৰাখিব বিচাৰে? অলপো বিলম্ব নকৰি আনাই কেৱল ‘চিআৰ৭’ বুলি লিখে। অৰ্থাৎ ক্ৰিষ্টিয়ানো ৰোণাল্ডো।

“মোৰ সকলোতকৈ প্ৰিয় ফুটবলাৰ হৈছে ৰোণাল্ডো। কাৰণ তেওঁ অসম্ভৱধৰণে শৃংখলাপৰায়ণ।”- আনাই কয়।

আনাই জনায় যে তেওঁৰ আদৰ্শ ৰোণাল্ডো। কেৱল জনপ্ৰিয়তাই নহয়, বৰঞ্চ ফুটবলৰ জগততো ৰোণাল্ডোৰ পথেৰে যাব বিচাৰে তেওঁ।

আনহাতে, পুৰুষ ফুটবলাৰসকলৰ সমানে মহিলা ফুটবলাৰসকলেও পৰিশ্ৰমিক লাভ কৰাৰ দাবী কৰি আহিছে আনাই। এইক্ষেত্ৰত পুৰুষ ফুটবলাৰসকলকো তেওঁ সমৰ্থন জনাবলৈ আহ্বান জনাইছে।

ফুটবল আৰু ৰূপৰ যাদুৰে জনপ্ৰিয়তা লম্ভা এই আনাৰ জন্ম ১৯৯৯ চনৰ ৯ নৱেম্বৰত। ক্ৰ’ৱেশ্চিয়াৰ জাতীয় দলৰ উপৰিও তেওঁ চুইজাৰলেণ্ডৰ ৱ’মেনছ চুপাৰ লীগ ক্লাবৰ হৈ খেলি আহিছে। আনাই জনায় যে তেওঁ ইংলেণ্ডৰ ক্লাবৰ হৈ খেলিব বিচাৰে।


মাত্ৰ ২২ বছৰ বয়সতে ফুটবলৰ জৰিয়তে আনাই লাভ কৰিছে অশেষ সাফল্য। মুঠ সম্পত্তিৰ পৰিমাণ ভাৰতীয় মূদ্ৰাত চাৰে ছয় কোটি টকা। চুইজাৰলেণ্ডত ঘৰ ক্ৰয় কৰাৰ উপৰিও মাৰ্চিডিজ গাড়ীও আছে আনাৰ।

ফুটবল জগতৰ কেইবাগৰাকী পুৰুষ তাৰকাৰ স’তে তেওঁৰ সুসম্পৰ্ক আছে। নেইমাৰ, ৰোণাল্ডোৰ স’তে আনাৰ কথা-বাৰ্তা চলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু