--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীতিশ তিৱাৰীৰ ছবি ৰামায়ণত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে ৰণবীৰ কাপুৰ। যদিও ৰণবীৰে এতিয়াও এটা বিষয়ত আনুষ্ঠানিক ঘোষণা কৰা নাই, তথাপিও এখন প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁ ছবিখনৰ শ্বুটিঙৰ সময়ত মাংস আৰু মদ ত্যাগ কৰিছে। ইয়াৰ উপৰিও অভিনেতা-অভিনেত্ৰীসকলক ‘আত্মসংযত জীৱনশৈলীৰ প্ৰশিক্ষণ দিয়া হৈছে’ বুলিও দাবী কৰা হৈছে। ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰা বুলি কোৱা দক্ষিণ ভাৰতীয় অভিনেত্ৰী ছাই পল্লৱী-এ। লগতে দাবী কৰা হৈছে যে চিনেমাখনত কেজিএফৰ তাৰকা যশে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে।

কইম’ইক এক সূত্ৰই জনোৱা মতে, ৰণবীৰে ৰাজহুৱা ভাবমূৰ্তিৰ বাবে মদ আৰু মাংস পৰিহাৰ কৰা নাই বৰঞ্চ ভগৱান ৰামৰ ভূমিকাক ন্যায় কৰিবলৈহে কৰিছে। ‘চিনেমাখনৰ শ্বুটিং হোৱাৰ সময়ত ৰণবীৰে মদ্যপান আৰু মাংস খোৱাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকিব। এইবোৰ তেওঁ কেৱল নিজৰ ৰাজহুৱা ভাবমূৰ্তিৰ বাবে এৰাই চলাৰ কথা নহয়, বৰঞ্চ এজন নিষ্ঠাবান অভিনেতা হিচাপেও ৰণবীৰে শ্ৰীৰামৰ দৰে বিশুদ্ধ আৰু পৰিষ্কাৰ অনুভৱ কৰিব বিচাৰে বুলি সূত্ৰটোৱে দাবী কৰে।

ইয়াৰ পূৰ্বে পিংকভিলাই প্ৰকাশ কৰিছিল যে অহা বছৰৰ আৰম্ভণিতে ৰণবীৰে চিত্ৰগ্ৰহণ আৰম্ভ কৰিব।ৰণবীৰ আৰু ছাই-এ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ আশে-পাশে ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব।ট্ৰাইলজীৰ প্ৰথম খণ্ডত ভগৱান ৰাম আৰু সীতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ব, যাৰ ফলত সীতা হৰণৰ সংঘাতৰ দিশে আগবাঢ়িব। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈকে এই যুটিয়ে ছবিখনৰ শ্বুটিং কৰিব৷

ইফালে ৰণবীৰে তেওঁৰ আগন্তুক ছবি এনিমেলৰ মুক্তিৰ বাবে প্ৰস্তুতি চলাইছে। সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ছবিখনত ৰণবীৰক অনিল কাপুৰ, ৰশ্মিকা মন্দন্না আৰু ববি দেউলৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব।চলিত বৰ্ষৰ ১ ডিচেম্বৰত মুক্তি পাব ছবিখনে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক