--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীতিশ তিৱাৰীৰ ছবি ৰামায়ণত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে ৰণবীৰ কাপুৰ। যদিও ৰণবীৰে এতিয়াও এটা বিষয়ত আনুষ্ঠানিক ঘোষণা কৰা নাই, তথাপিও এখন প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁ ছবিখনৰ শ্বুটিঙৰ সময়ত মাংস আৰু মদ ত্যাগ কৰিছে। ইয়াৰ উপৰিও অভিনেতা-অভিনেত্ৰীসকলক ‘আত্মসংযত জীৱনশৈলীৰ প্ৰশিক্ষণ দিয়া হৈছে’ বুলিও দাবী কৰা হৈছে। ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰা বুলি কোৱা দক্ষিণ ভাৰতীয় অভিনেত্ৰী ছাই পল্লৱী-এ। লগতে দাবী কৰা হৈছে যে চিনেমাখনত কেজিএফৰ তাৰকা যশে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে।

কইম’ইক এক সূত্ৰই জনোৱা মতে, ৰণবীৰে ৰাজহুৱা ভাবমূৰ্তিৰ বাবে মদ আৰু মাংস পৰিহাৰ কৰা নাই বৰঞ্চ ভগৱান ৰামৰ ভূমিকাক ন্যায় কৰিবলৈহে কৰিছে। ‘চিনেমাখনৰ শ্বুটিং হোৱাৰ সময়ত ৰণবীৰে মদ্যপান আৰু মাংস খোৱাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকিব। এইবোৰ তেওঁ কেৱল নিজৰ ৰাজহুৱা ভাবমূৰ্তিৰ বাবে এৰাই চলাৰ কথা নহয়, বৰঞ্চ এজন নিষ্ঠাবান অভিনেতা হিচাপেও ৰণবীৰে শ্ৰীৰামৰ দৰে বিশুদ্ধ আৰু পৰিষ্কাৰ অনুভৱ কৰিব বিচাৰে বুলি সূত্ৰটোৱে দাবী কৰে।

ইয়াৰ পূৰ্বে পিংকভিলাই প্ৰকাশ কৰিছিল যে অহা বছৰৰ আৰম্ভণিতে ৰণবীৰে চিত্ৰগ্ৰহণ আৰম্ভ কৰিব।ৰণবীৰ আৰু ছাই-এ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ আশে-পাশে ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব।ট্ৰাইলজীৰ প্ৰথম খণ্ডত ভগৱান ৰাম আৰু সীতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ব, যাৰ ফলত সীতা হৰণৰ সংঘাতৰ দিশে আগবাঢ়িব। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈকে এই যুটিয়ে ছবিখনৰ শ্বুটিং কৰিব৷

ইফালে ৰণবীৰে তেওঁৰ আগন্তুক ছবি এনিমেলৰ মুক্তিৰ বাবে প্ৰস্তুতি চলাইছে। সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ছবিখনত ৰণবীৰক অনিল কাপুৰ, ৰশ্মিকা মন্দন্না আৰু ববি দেউলৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব।চলিত বৰ্ষৰ ১ ডিচেম্বৰত মুক্তি পাব ছবিখনে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু