--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰথমগৰাকী কোটিপতি গায়িকা বুলি যদি আপুনি লতা মংগেশকাৰক ভাবিছে তেন্তে ভুল ভাবিছে। ভাৰতৰ প্ৰথমগৰাকী কোটিপতি গায়িকাৰ নাম আছিল গৌহৰ জান। ১৮৭৩ চনৰ ২৬ জুনত উত্তৰ প্ৰদেশৰ আজমগড়ত জন্মগ্ৰহণ কৰা গৌহৰ জান আছিল ৰেকৰ্ডিং ছুপাৰষ্টাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয় গায়িকা। গৌহৰ জান আছিল প্ৰথম ভাৰতীয় গায়িকা যাৰ গীত ৭৮ আৰ পি এমত ৰেকৰ্ডিং কৰা হৈছিল। 

এই ৰেকৰ্ডটো ভাৰতৰ বিখ্যাত গ্ৰামোফোন কোম্পানীয়ে মুকলি কৰিছিল। প্ৰতিটো ৰেকৰ্ডিঙৰ শেষত গৌহৰ জানে ইংৰাজীত কয়, ‘মোৰ নাম গৌহৰ জান’। খবৰ অনুসৰি যেতিয়া ১০ গ্ৰাম সোণৰ দাম ২০ টকা আছিল, তেতিয়া গৌহৰ জানে নিজৰ সময়ত এটা গীত ৰেকৰ্ডিং কৰাৰ বাবে ৩০০০ টকা লয়। আজিৰ মুদ্ৰাস্ফীতিৰ লগত এই পৰিমাণ সাল-সলনি কৰিলে প্ৰতি গীতত প্ৰায় এক কোটি টকা আহিব।

গৌহৰ জান জন্মসূত্ৰে খ্ৰীষ্টান আৰু তেওঁৰ প্ৰকৃত নাম আছিল এঞ্জেলিনা যোৱাৰ্ড। গৌহৰ জান আচলতে আৰ্মেনিয়ান মূলৰ আছিল। তেওঁৰ মাতৃ ভিক্টোৰিয়া হেমিংছ আছিল এগৰাকী সুদক্ষ গায়িকা আৰু নৃত্য পটিয়সী আৰু তেওঁৰ জন্ম ভাৰতত হৈছিল। গৌহৰ জানে সংগীত আৰু নৃত্যৰ দক্ষতা মাকৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। গৌহৰৰ ককাক বৃটিছ হোৱাৰ বিপৰীতে আইতাক হিন্দু। তেওঁৰ পিতৃৰ নাম আছিল উইলিয়াম যোৱাৰ্ড। ১৮৭৯ চনত গৌহৰ জানৰ পিতৃ-মাতৃৰ বিচ্ছেদ ঘটে, তেতিয়া তেওঁৰ বয়স মাত্ৰ ৬ বছৰ আছিল। বানাৰসলৈ অহাৰ পিছত গৌহৰ জানৰ মাকে ইছলাম ধৰ্ম গ্ৰহণ কৰে।

ইছলাম গ্ৰহণ কৰাৰ পিছত গৌহৰৰ মাতৃ ভিক্টোৰিয়াই নাম সলনি কৰি ‘মলকা জান’ কৰে, আৰু কন্যাৰ নাম সলনি কৰি গৌহৰ জান কৰে। কিছুদিনৰ ভিতৰতে মলকা জানে বানাৰসৰ এগৰাকী বিখ্যাত দক্ষ গায়িকা আৰু কথক নৃত্যশিল্পী হিচাপে স্বীকৃতি লাভ কৰে। কিছু সময়ৰ পাছত মলকা জানে গৌহৰৰ লগত কলিকতালৈ গৈ নবাব ৱাজিদ আলী শ্বাহৰ দৰবাৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে।





খবৰ অনুসৰি কেৰিয়াৰৰ শিখৰত গৌহৰ জানক গান গাবলৈ নিমন্ত্ৰণ পোৱাৰ সময়ত ব্যক্তিগত ৰেল দিয়া হৈছিল। গৌহৰ জানে আগতে বহুমূলীয়া সোণ-ৰূপৰ গহনা পিন্ধিছিল আৰু কেতিয়াও তাইৰ অলংকাৰ দুবাৰ পিন্ধা নাছিল। গৌহৰ জান ভাৰতৰ প্ৰথম কোটিপতি গায়ক।

১৮৮৭ চনত গৌহৰ জানে প্ৰথম অভিনয় কৰিছিল ‘দৰভংগা ৰাজ’ত, যিটো বৰ্তমান বিহাৰত আছে। পিছত ‘দৰভংগা ৰাজ’ৰ দৰবাৰী সংগীতজ্ঞ হিচাপে নিযুক্তি লাভ কৰে। ১৮৯৬ চনৰ পৰা কলিকতাত কণ্ঠদান আৰম্ভ কৰা গৌহৰ জানে মহানগৰীত অতি জনপ্ৰিয়তা লাভ কৰে।

মন কৰিবলগীয়া যে ভাৰতীয় শাস্ত্ৰীয় সংগীতক নতুন উচ্চতালৈ লৈ যোৱা গৌহৰ জানে মাত্ৰ ১৩ বছৰ বয়সতে ধৰ্ষণৰ বলি হৈছিল। গৌহৰে অৱশ্যে এই জোকাৰণিৰ পৰা আৰোগ্য লাভ কৰি সংগীত জগতত নিজৰ নাম উজলাই তোলাত সফল হয়। গৌহৰ জানৰ শৈশৱ সংগ্ৰামেৰে ভৰি আছিল আৰু শৈশৱ কটাইছিল এখন বেশ্যালয়ত। আত্মীয়ই প্ৰতাৰণা কৰাৰ বাবে গৌহৰ জানে ব্যক্তিগত জীৱনতো কেইবাটাও সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। 

খবৰ অনুসৰি এসময়ত কোটিপতি হৈ থকা গৌহৰ জানৰ মৃত্যু হয় ১৯৩০ চনৰ ১৭ জানুৱাৰীত। উল্লেখ্য যএ এসময়ত কোটিপতি হৈ থকা গৌহৰৰ মৃত্যু হৈছিল দৰিদ্ৰতাত। গৌহৰ জানৰ আত্মীয়ই তেওঁক প্ৰতাৰণা কৰি তেওঁৰ সকলো টকা খৰচ কৰি মানুহৰ পৰা খাদ্য খুজি খাবলগীয়া অৱস্থা কৰি দিছিল। যিটো অতি পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ