--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰথমগৰাকী কোটিপতি গায়িকা বুলি যদি আপুনি লতা মংগেশকাৰক ভাবিছে তেন্তে ভুল ভাবিছে। ভাৰতৰ প্ৰথমগৰাকী কোটিপতি গায়িকাৰ নাম আছিল গৌহৰ জান। ১৮৭৩ চনৰ ২৬ জুনত উত্তৰ প্ৰদেশৰ আজমগড়ত জন্মগ্ৰহণ কৰা গৌহৰ জান আছিল ৰেকৰ্ডিং ছুপাৰষ্টাৰ হোৱা প্ৰথমগৰাকী ভাৰতীয় গায়িকা। গৌহৰ জান আছিল প্ৰথম ভাৰতীয় গায়িকা যাৰ গীত ৭৮ আৰ পি এমত ৰেকৰ্ডিং কৰা হৈছিল। 

এই ৰেকৰ্ডটো ভাৰতৰ বিখ্যাত গ্ৰামোফোন কোম্পানীয়ে মুকলি কৰিছিল। প্ৰতিটো ৰেকৰ্ডিঙৰ শেষত গৌহৰ জানে ইংৰাজীত কয়, ‘মোৰ নাম গৌহৰ জান’। খবৰ অনুসৰি যেতিয়া ১০ গ্ৰাম সোণৰ দাম ২০ টকা আছিল, তেতিয়া গৌহৰ জানে নিজৰ সময়ত এটা গীত ৰেকৰ্ডিং কৰাৰ বাবে ৩০০০ টকা লয়। আজিৰ মুদ্ৰাস্ফীতিৰ লগত এই পৰিমাণ সাল-সলনি কৰিলে প্ৰতি গীতত প্ৰায় এক কোটি টকা আহিব।

গৌহৰ জান জন্মসূত্ৰে খ্ৰীষ্টান আৰু তেওঁৰ প্ৰকৃত নাম আছিল এঞ্জেলিনা যোৱাৰ্ড। গৌহৰ জান আচলতে আৰ্মেনিয়ান মূলৰ আছিল। তেওঁৰ মাতৃ ভিক্টোৰিয়া হেমিংছ আছিল এগৰাকী সুদক্ষ গায়িকা আৰু নৃত্য পটিয়সী আৰু তেওঁৰ জন্ম ভাৰতত হৈছিল। গৌহৰ জানে সংগীত আৰু নৃত্যৰ দক্ষতা মাকৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। গৌহৰৰ ককাক বৃটিছ হোৱাৰ বিপৰীতে আইতাক হিন্দু। তেওঁৰ পিতৃৰ নাম আছিল উইলিয়াম যোৱাৰ্ড। ১৮৭৯ চনত গৌহৰ জানৰ পিতৃ-মাতৃৰ বিচ্ছেদ ঘটে, তেতিয়া তেওঁৰ বয়স মাত্ৰ ৬ বছৰ আছিল। বানাৰসলৈ অহাৰ পিছত গৌহৰ জানৰ মাকে ইছলাম ধৰ্ম গ্ৰহণ কৰে।

ইছলাম গ্ৰহণ কৰাৰ পিছত গৌহৰৰ মাতৃ ভিক্টোৰিয়াই নাম সলনি কৰি ‘মলকা জান’ কৰে, আৰু কন্যাৰ নাম সলনি কৰি গৌহৰ জান কৰে। কিছুদিনৰ ভিতৰতে মলকা জানে বানাৰসৰ এগৰাকী বিখ্যাত দক্ষ গায়িকা আৰু কথক নৃত্যশিল্পী হিচাপে স্বীকৃতি লাভ কৰে। কিছু সময়ৰ পাছত মলকা জানে গৌহৰৰ লগত কলিকতালৈ গৈ নবাব ৱাজিদ আলী শ্বাহৰ দৰবাৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে।





খবৰ অনুসৰি কেৰিয়াৰৰ শিখৰত গৌহৰ জানক গান গাবলৈ নিমন্ত্ৰণ পোৱাৰ সময়ত ব্যক্তিগত ৰেল দিয়া হৈছিল। গৌহৰ জানে আগতে বহুমূলীয়া সোণ-ৰূপৰ গহনা পিন্ধিছিল আৰু কেতিয়াও তাইৰ অলংকাৰ দুবাৰ পিন্ধা নাছিল। গৌহৰ জান ভাৰতৰ প্ৰথম কোটিপতি গায়ক।

১৮৮৭ চনত গৌহৰ জানে প্ৰথম অভিনয় কৰিছিল ‘দৰভংগা ৰাজ’ত, যিটো বৰ্তমান বিহাৰত আছে। পিছত ‘দৰভংগা ৰাজ’ৰ দৰবাৰী সংগীতজ্ঞ হিচাপে নিযুক্তি লাভ কৰে। ১৮৯৬ চনৰ পৰা কলিকতাত কণ্ঠদান আৰম্ভ কৰা গৌহৰ জানে মহানগৰীত অতি জনপ্ৰিয়তা লাভ কৰে।

মন কৰিবলগীয়া যে ভাৰতীয় শাস্ত্ৰীয় সংগীতক নতুন উচ্চতালৈ লৈ যোৱা গৌহৰ জানে মাত্ৰ ১৩ বছৰ বয়সতে ধৰ্ষণৰ বলি হৈছিল। গৌহৰে অৱশ্যে এই জোকাৰণিৰ পৰা আৰোগ্য লাভ কৰি সংগীত জগতত নিজৰ নাম উজলাই তোলাত সফল হয়। গৌহৰ জানৰ শৈশৱ সংগ্ৰামেৰে ভৰি আছিল আৰু শৈশৱ কটাইছিল এখন বেশ্যালয়ত। আত্মীয়ই প্ৰতাৰণা কৰাৰ বাবে গৌহৰ জানে ব্যক্তিগত জীৱনতো কেইবাটাও সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। 

খবৰ অনুসৰি এসময়ত কোটিপতি হৈ থকা গৌহৰ জানৰ মৃত্যু হয় ১৯৩০ চনৰ ১৭ জানুৱাৰীত। উল্লেখ্য যএ এসময়ত কোটিপতি হৈ থকা গৌহৰৰ মৃত্যু হৈছিল দৰিদ্ৰতাত। গৌহৰ জানৰ আত্মীয়ই তেওঁক প্ৰতাৰণা কৰি তেওঁৰ সকলো টকা খৰচ কৰি মানুহৰ পৰা খাদ্য খুজি খাবলগীয়া অৱস্থা কৰি দিছিল। যিটো অতি পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু