--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দ্য কাশ্মীৰ ফাইলছ'ৰ নিৰ্মাতাক এক গভীৰ প্ৰশ্ন কৰিলে বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখে। আশা পাৰেখে 'দ্য কাশ্মীৰ ফাইলছ'ৰ নিৰ্মাতাসকলক সমালোচনা কৰি জম্মু-কাশ্মীৰৰ হিন্দুসকলৰ কল্যাণৰ বাবে তেওঁলোকৰ কোনো লাভৰ অৱদান আগবঢ়াইছিল নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে।

এক সাক্ষাৎকাৰত 'দ্য কাশ্মীৰ ফাইলছ' আৰু 'দ্য কেৰালা ষ্ট’ৰী'ৰ দৰে ছবিক লৈ হোৱা বিতৰ্কৰ বিষয়ে সোধাত আশাই উত্তৰ দিছিল, “মই সেই ছবিবোৰ চোৱা নাই, গতিকে সেইবোৰক কেন্দ্ৰ কৰি হোৱা বিতৰ্কৰ ওপৰত মই কোনো মন্তব্য দিব নোৱাৰো।” এনেধৰণৰ চিনেমা বনাব লাগে নেকি বুলি সোধাত তেওঁ উত্তৰ দিলে, “যদি মানুহে চাই আছে, তেন্তে বনাব লাগে।”

'দ্য কাশ্মীৰ ফাইলছ'ৰ অপৰিসীম জনপ্ৰিয়তা আৰু বক্স অফিচত ইয়াৰ উল্লেখযোগ্য সফলতাৰ সন্দৰ্ভত আশা পাৰেখে এটা বিতৰ্কিত কথা উত্থাপন কৰি কয় যে, “হয়, 'মানুহে দ্য কাশ্মীৰ ফাইলছ' চাইছিল। ইয়াত বিতৰ্কিত কথা এটা ক’ম...ছবিখনৰ প্ৰযোজকজনে ৪০০ কোটি টকা উপাৰ্জন কৰিছিল। তাৰ পৰা তেওঁলোকে জম্মু-কাশ্মীৰত বসবাস কৰা হিন্দুসকলৰ কল্যাণৰ বাবে কিমান টকা দিলে? যাৰ ঘৰত পানী নাই, বিজুলী নাই, প্ৰযোজকে কিমান টকা দিলে তেওঁলোকক?”

তেওঁ লগতে কয়, “বাকী সকলোৰে অংশ দিয়াৰ পিছত প্ৰযোজকসকলৰ লাভৰ অংশ থাকিব। ধৰি লওক ছবিখনৰ ৪০০ কোটি টকা উপাৰ্জনৰ ভিতৰত তেওঁলোকে ২০০ কোটি টকা উপাৰ্জন কৰিলে, তেওঁলোকে ৰাইজক সহায়ৰ বাবে ৫০ কোটি টকা দান কৰিব পাৰিলেহেঁতেন।”





বিবেক অগ্নিহোত্ৰীৰ ৰচনা আৰু পৰিচালিত কাশ্মীৰ ফাইলছত ১৯৯০ চনৰ আশে-পাশে সশস্ত্ৰ বিদ্ৰোহৰ প্ৰাৰম্ভিক পৰ্যায়ত উপত্যকাৰ পৰা কাশ্মীৰী পণ্ডিতসকলৰ পলায়নৰ চিত্ৰ অংকন কৰা হৈছে। এই ছবিখন প্ৰযোজনা কৰিছিল বিবেক অগ্নিহোত্ৰীৰ লগতে লগতে তেওঁৰ পত্নী পল্লৱী যোশী, তেজ নাৰায়ণ আগৰৱাল, অভিষেক আগৰৱালাই। পল্লৱীয়েও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। মিথুন চক্ৰৱৰ্তী আৰু অনুপম খেৰে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনে ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ নাৰ্গিছ দত্ত বঁটাও লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু