--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সভাখন গুৱাহাটীৰ আমবাৰী দলৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত হয়। দলৰ অন্যতম সাধাৰণ সম্পাদক তথা অসম কৃষক পৰিষদৰ তত্ত্বাৱধায়ক ডা০ কমলাকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আগন্তুক সময়ছোৱাত অসম কৃষক পৰিষদে অসমৰ সমূহ কৃষকৰ সুবিধা আৰু সহায়ক হোৱাকৈ দলীয় সাংগঠনিক কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায়।

চৰকাৰে অসমৰ কৃষক ৰাইজৰ উন্নয়ন আৰু উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ ওপৰত বক্তব্য প্ৰদান কৰি কৃষক সমাজক ইয়াৰ সুফলসমূহ লাভ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে কৃষক পৰিষদকো চৰকাৰী আঁচনিসমূহৰ বিষয়ে গ্ৰাম্যঞ্চলত সজাগতামূলক সভা আৰু ইয়াৰ উপকাৰিতাৰ ওপৰত গঠনমূলক ভূমিকা লোৱাৰ বাবে আহ্বান জনায়। সভাত অন্যতম সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই কৃষক পৰিষদক আগন্তুক সময়ছোৱাত সক্ৰিয়তাৰে কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায়।

সভাত অংশগ্ৰহণ কৰি আন এগৰাকী সাধাৰণ সম্পাদক মনোজ শইকীয়াই অসমৰ কৃষক ৰাইজৰ সুবিধাৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ সুফল প্ৰকৃত খেতিয়ক ৰাইজে লাভ কৰা উচিত বুলি মতপোষণ কৰি কৃষি উৎপাদনৰ জৰিয়তে ৰাজ্যখনক স্বাৱলম্বী কৰাত গুৰুত্ব আৰোপ কৰে। আগন্তুক সময়ছোৱাত যাতে কৃষকৰ আঁচনিসমূহৰ সুফল প্ৰকৃত কৃষকেহে লাভ কৰে তাৰ বাবে কৃষক পৰিষদক সক্ৰিয়তাৰে চকু ৰখাৰ বাবে আহ্বান জনায়। সভাৰ অন্তত পৰেশ চন্দ্ৰ বৈশ্যক সভাপতি, পূৰ্ণ গন্ধীয়া আৰু খুদেশ্বৰ পেগুক কাৰ্যকৰী সভাপতি, আনন্দ শইকীয়া আৰু জেহেৰুল হকক সাধাৰণ সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

নৱ-নিৰ্বাচিত সভাপতি পৰেশ চন্দ্ৰ বৈশ্যই সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি চৰকাৰৰ ওচৰত কৃষকৰ উৎপাদিত ফচল নিম্নতম সহায়ক মূল্য লাভ কৰি ক্ৰয় কৰা বাধ্যতামূলক কৰাৰ লগতে জিলা ভিত্তিত কৃষক পৰিষদ, চৰকাৰী বিভাগীয় বিষয়ববীয়াৰ লগত যৌথভাৱে সমন্বয় সমিতি গঠন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাৰ সভাপতি ডা০ কমলাকান্ত কলিতাই আগন্তুক সময়ছোৱাত কৃষক পৰিষদক অধিক শক্তিশালী আৰু গতিশীল কৰাৰ স্বাৰ্থত সমূহীয়াভাৱে দলীয় কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায়। সভাত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত প্ৰায় শতাধিক কৃষকে অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে।

অসমত ক'লা চাউল উৎপাদনৰ বাটকটীয়া উপেন ৰাভাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ কৃষি উৎপাদনৰ লগত জড়িত অনুষ্ঠান ক্ৰমে বৰাজোল ননাপাৰ ফিছ ফেড প্ৰডিউচাৰ কোঃ অপাৰেটিভ ছ’চাইটী, নলবাৰী, কলং-কপিলী কোঃ অপাৰেটিভ ছ’চাইটী, কামৰূপ, উষাৰাণী নাথ, কামৰূপ, কৃষি বিশেষজ্ঞ অমৰজিৎ লহকৰক সভাত সম্বৰ্ধনা জনোৱা হয়। সভাত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক হিৰণ্য কুমাৰ কোঁৱৰ, সম্পাদক জাভেদ ইছলাম, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, কেন্দ্ৰীয় সদস্য দিলীপ দাস প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement