--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশত বিজেপিৰ উত্থানত সহায় কৰিছে একাংশ বিৰোধী নেতাই৷ হয়, শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য৷ সংখ্যালঘু ভোটাৰক প্ৰতিনিধিত্ব কৰা একাংশ নেতাৰ উদ্ভট মন্তব্যই বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক সহায় কৰি আহিছে৷ হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ সম্প্ৰসাৰণেৰে বিজেপিয়ে ভাৰতত চলাই গৈছে নিজৰ ৰাজনীতি৷ দলটোৰ একাংশ নেতাই হিন্দু ভোটাৰক তুষ্ট কৰিবলৈ গৈ ইছলাম ধৰ্মাৱলম্বী লোকক উদ্দেশ্যি কৰি গৈছে সাম্প্ৰদায়িক মন্তব্য৷ আকৌ, বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক সহায় কৰাৰ অভিযোগ আছে দুই-এজন সংখ্যালঘু নেতাৰ বিৰুদ্ধে৷

তেনে এজন নেতা হৈছে হায়দৰাবাদ লোকসভা সমষ্টিৰ সাংসদ তথা অল ইণ্ডিয়া মজলিছ-ঈ-ইত্তেহাদুল মুছলীমিনৰ সভাপতি আছাদুদ্দিন ওৱেছি৷ এইগৰাকী ওৱেছিয়ে বিহাৰ বিধানসভাৰ নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দি বিজেপিক নিৰ্বাচন জিকাত সহায় কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছিল৷ সংখ্যালঘুৰ স্বয়ম্ভু ত্ৰাণকৰ্তা হৈ ওৱেছিয়ে বিভিন্ন সময়ত কৰি আহিছে সাম্প্ৰদায়িক মন্তব্য৷ শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা ছোৱালীৰ বিবাহৰ বয়স ১৮ৰ পৰা ২১লৈ বৃদ্ধি কৰা প্ৰসংগটোক দেশৰ গৰিষ্ঠসংখ্যক জনতাই সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে৷ দল-মত নিৰ্বিশেষে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে৷ আনকি, বহুতে বিবাহৰ বয়স ২১ নহয়, ২৫হে হ’ব লাগে বুলি মন্তব্য কৰিছে৷

তেনে সময়তে চৰকাৰক বিৰোধিতা কৰিবলৈ গৈ আছাদুদ্দিন ওৱেছিয়ে মন্তব্য কৰি কৈছে, যদি ১৮ বছৰীয়া কিশোৰীয়ে দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব পাৰে, তেন্তে তেওঁ ১৮ বছৰত বিবাহ কিয় কৰাব নোৱাৰিব বুলি প্ৰশ্ন কৰে৷ দেখা যায় যে, তালিবানী সমাজ ব্যৱস্থাত নাৰীক অৱদমন কৰি ৰখাৰ এখন দুঃখজনক ছবি সকলোৱে দেখিবলৈ পাইছিল৷ তালিবানৰ মতে, নাৰীৰ কোনোধৰণৰ শিক্ষা-দীক্ষা গ্ৰহণ কৰাৰ অধিকাৰ নাই৷ ধৰ্মীয় দৃষ্টিকোণেৰে তেওঁলোকে নাৰীক অৱদমিত কৰি ৰাখে৷ ঠিক তেনে মানসিকতা একাংশ ভাৰতীয় লোকৰ মাজতো আছে৷ তাৰ মাজতে আহিল কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্ত৷ আকৌ, সেই সিদ্ধান্তক বিৰোধিতা কৰিয়ে আছাদুদ্দিন ওৱেছিৰ সমালোচনা৷ আছাদুদ্দিনৰ এনে মন্তব্য এয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও কেতবোৰ সাম্প্ৰদায়িক মন্তব্যৰে দেশৰ ৰাজনীতি গৰম কৰি তুলিছিল ওৱেছিয়ে৷

অসমৰ প্ৰেক্ষাপটতো এনে উদাহৰণ পাবলৈ দুৰ্লভ নহয়৷ অসমৰো কংগ্ৰেছ-এআইইউডিএফৰ একাংশ বিধায়ক, সাংসদৰ সাম্প্ৰদায়িক মন্তব্যই সহায় কৰি আহিছে বিজেপিক৷ কংগ্ৰেছৰ শ্বেৰমান আলী আহমেদ অথবা এআইইউডিএফৰ আমিনুল ইছলাম, চিৰাজুদ্দিন আজমলৰ মন্তব্যই ইতিমধ্যে বহুবাৰ অসমৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপট উত্তপ্ত কৰি তোলাৰ নজিৰ আছে৷ শ্বহীদক লৈ কৰা শ্বেৰমান আলীৰ সাম্প্ৰদায়িক মন্তব্যক পাহৰা নাই অসমবাসীয়ে৷ একেদৰে, আমিনুল ইছলামৰ সাম্প্ৰদায়িক মন্তব্যয়ো অসমৰ প্ৰগতিশীল, সচেতন, বিজ্ঞানমনষ্ক লোকসকলক হতাশ কৰি আহিছে৷

এইসকল নেতাই এহাতেদি বিজেপিক বিৰোধিতাৰ নামত বিৰোধিতা কৰিবলৈ গৈ সংখ্যালঘুৰ ত্ৰাণকৰ্তা হৈ পৰে৷ যাৰ ফলত সংখ্যালঘু ভোটবেংক সুৰক্ষিত হৈ ৰয় তেওঁলোকৰ৷ আৰু, তেওঁলোকৰ মন্তব্যৰ বাবে সংখ্যাগুৰু ভোটাৰ বিজেপিমুখী হ’বলৈ বাধ্য হয়৷ আৰু বিজেপিয়ে সেইটোকে বিচাৰে৷ এইসকল বিৰোধী নেতাই সাম্প্ৰদায়িক মন্তব্য কৰাৰ ফলত বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি সফল হৈ পৰে, য’ত বিজেপিৰো হিন্দুভোট সুৰক্ষিত হৈ ৰয় আৰু এইসকল নেতাৰো সংখ্যালঘু ভোটবেংক সুৰক্ষিত হৈ ৰয়৷ তেওঁলোক যেন হৈ পৰে বিজেপিৰ বাবে একো একোটা অক্সিজেন কণ্টেইনাৰ!

এই নেতাসকলৰ সাম্প্ৰদায়িক ৰাজনীতিত উশাহ হেৰুৱাই উদ্বিগ্নতাত দিন যাপন কৰিছে ৰাজ্যৰ প্ৰগতিশীল, গণতান্ত্ৰিক, বিজ্ঞান মানসিকতাৰ লোকসকলে৷ এনেকৈয়ে চলিছে দেশৰ ৰাজনীতি৷ ধৰ্মই য’ত মানুহৰ উশাহৰ দৰ নিৰূপণ কৰে৷ সংকুচিত হৈ আহে ক্ৰমশঃ গণতন্ত্ৰৰ মানচিত্ৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ