--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমাৎ যেন উত্থান হৈছে জাতীয়তাবাদী শিবিৰ৷ চৰকাৰী পক্ষই জাতীয়তাবাদক যিমানেই অস্বীকাৰ কৰক লাগিলে, জাতীয়তবাদী সত্তাটোৱে ক্ৰমাৎ গা-কৰি উঠিছে, সেইটো নিশ্চিত৷ ‘কা’বিৰোধী আন্দোলনৰ পৰা এই শিবিৰটো সক্ৰিয় হৈ পৰিছে৷ ৰাজ্যৰ এটা উল্লেখনীয় জাতীয়তাবাদী শিবিৰ হ’ল ৰাইজৰ দলৰ ৷ দলটোৰ কেইটামান ভাতৃ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ এই সহযোগী দলকেইটাই ৰাইজৰ দলৰ বাবে নিৰ্বাচনৰ সময়ৰে পৰা যথেষ্ট কাম কৰি আহিছে৷

দলটোৰ সহযোগী সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ সাংগঠানিক ভেটি শক্তিশালী কৰি নতুন ৰূপত আত্মপ্ৰকাশ কৰিছে৷ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী আৰু কাৰ্যকৰী সভাপতি পাপু দত্তই দায়িত্ব গ্ৰহণ কৰিছে৷ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেইবাখনো আঞ্চলিক সমিতিৰ শতাধিক সদস্যই বাইক ৰেলীৰে নিজগৃহলৈ আদৰি আনে ৰাহুল ছেত্ৰীক৷ উক্ত ৰেলীত ৰাহুল ছেত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পাপু দত্তই৷ এইদৰেই দুয়োজন সদস্যই সম্বৰ্ধনা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ যোগেদি অনাগত দিনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সমস্যাসমূহ তথা অসমৰ বিভিন্ন জলন্ত সমস্যাসমূহৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোচবিহীনভাৱে সংগ্ৰাম চলাই যোৱাৰ অংগীকাৰ গ্ৰহণ কৰাৰ কথা কয়।


ইফালে, ছাত্ৰ মুক্তিয়ে এতিয়া সবল ৰূপত আত্মপ্ৰকাশ কৰাৰ পাছত এতিয়া ৰাইজৰ দলৰ সহযোগী দলৰ একমাত্ৰ লক্ষ্য হ’ব আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচন৷ এই দলকেইটাৰ ওপৰতে নিৰ্ভৰ কৰিব ৰাইজৰ দলৰ ভৱিষ্যত৷ এতিয়া এই আঞ্চলিক দলটোৰ লক্ষ্য হৈ পৰিছে ৰাইজৰ দলৰ এজন প্ৰৰ্থীক যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰোৱা৷

তেওঁলোকে কেৱল এটা লোকসভা অৰ্থাৎ যোৰহাট লোকসভা সমষ্টিকে গুৰুত্ব দিব আৰু তাৰ বাবে তেওঁলোকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব৷ ইফালে ৰাইজৰ দলৰ সহযোগী আটাইকেইটা সহযোগী দলে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত উজনি অসমৰ ১০টা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থী জয়ী কৰোৱাই এতিয়া একমাত্ৰ লক্ষ্য হৈ পৰিছে৷ সময়তহে লক্ষ্যণীয় হ’ব যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দল ৰ শক্তিশালী প্ৰতিনিধি তপন গগৈক পৰাজিত কৰিবলৈ ৰাইজৰ দলে কেনেকুৱা ৰণকৌশল প্ৰস্তত কৰি নিজকে আৰু অধিক শক্তিশালী কৰিব৷ ইফালে ৰাইজৰ দলৰ মূল চালিকা শক্তি অখিল এতিয়া শাসক গোষ্ঠীৰ বাবে একপ্ৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে৷ তীব্ৰ বাক্যবাণৰে এতিয়া বিজেপি দলক থকা-সৰকা কৰিছে অখিল গগৈয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ