--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমাৎ যেন উত্থান হৈছে জাতীয়তাবাদী শিবিৰ৷ চৰকাৰী পক্ষই জাতীয়তাবাদক যিমানেই অস্বীকাৰ কৰক লাগিলে, জাতীয়তবাদী সত্তাটোৱে ক্ৰমাৎ গা-কৰি উঠিছে, সেইটো নিশ্চিত৷ ‘কা’বিৰোধী আন্দোলনৰ পৰা এই শিবিৰটো সক্ৰিয় হৈ পৰিছে৷ ৰাজ্যৰ এটা উল্লেখনীয় জাতীয়তাবাদী শিবিৰ হ’ল ৰাইজৰ দলৰ ৷ দলটোৰ কেইটামান ভাতৃ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ এই সহযোগী দলকেইটাই ৰাইজৰ দলৰ বাবে নিৰ্বাচনৰ সময়ৰে পৰা যথেষ্ট কাম কৰি আহিছে৷

দলটোৰ সহযোগী সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ সাংগঠানিক ভেটি শক্তিশালী কৰি নতুন ৰূপত আত্মপ্ৰকাশ কৰিছে৷ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী আৰু কাৰ্যকৰী সভাপতি পাপু দত্তই দায়িত্ব গ্ৰহণ কৰিছে৷ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেইবাখনো আঞ্চলিক সমিতিৰ শতাধিক সদস্যই বাইক ৰেলীৰে নিজগৃহলৈ আদৰি আনে ৰাহুল ছেত্ৰীক৷ উক্ত ৰেলীত ৰাহুল ছেত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পাপু দত্তই৷ এইদৰেই দুয়োজন সদস্যই সম্বৰ্ধনা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ যোগেদি অনাগত দিনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সমস্যাসমূহ তথা অসমৰ বিভিন্ন জলন্ত সমস্যাসমূহৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোচবিহীনভাৱে সংগ্ৰাম চলাই যোৱাৰ অংগীকাৰ গ্ৰহণ কৰাৰ কথা কয়।


ইফালে, ছাত্ৰ মুক্তিয়ে এতিয়া সবল ৰূপত আত্মপ্ৰকাশ কৰাৰ পাছত এতিয়া ৰাইজৰ দলৰ সহযোগী দলৰ একমাত্ৰ লক্ষ্য হ’ব আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচন৷ এই দলকেইটাৰ ওপৰতে নিৰ্ভৰ কৰিব ৰাইজৰ দলৰ ভৱিষ্যত৷ এতিয়া এই আঞ্চলিক দলটোৰ লক্ষ্য হৈ পৰিছে ৰাইজৰ দলৰ এজন প্ৰৰ্থীক যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰোৱা৷

তেওঁলোকে কেৱল এটা লোকসভা অৰ্থাৎ যোৰহাট লোকসভা সমষ্টিকে গুৰুত্ব দিব আৰু তাৰ বাবে তেওঁলোকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব৷ ইফালে ৰাইজৰ দলৰ সহযোগী আটাইকেইটা সহযোগী দলে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত উজনি অসমৰ ১০টা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থী জয়ী কৰোৱাই এতিয়া একমাত্ৰ লক্ষ্য হৈ পৰিছে৷ সময়তহে লক্ষ্যণীয় হ’ব যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দল ৰ শক্তিশালী প্ৰতিনিধি তপন গগৈক পৰাজিত কৰিবলৈ ৰাইজৰ দলে কেনেকুৱা ৰণকৌশল প্ৰস্তত কৰি নিজকে আৰু অধিক শক্তিশালী কৰিব৷ ইফালে ৰাইজৰ দলৰ মূল চালিকা শক্তি অখিল এতিয়া শাসক গোষ্ঠীৰ বাবে একপ্ৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে৷ তীব্ৰ বাক্যবাণৰে এতিয়া বিজেপি দলক থকা-সৰকা কৰিছে অখিল গগৈয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু