--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আম্বানী-আদানী নহয়, দেশৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী কোন বুলি সুধিলে যিটো নাম পোহৰলৈ আহিব সেয়া বহুতৰে বাবে আশ্বৰ্যকৰ বিবেচিত হ’ব পাৰে। সাধাৰণতে আদানী-আম্বানীকেই দেশৰ আটাইতকৈ ধনাঢ্য ব্যক্তি বুলি বিবেচনা কৰা হৈ আহিছে। বিগত সময়ছোৱাত তেওঁলোকৰ সম্পত্তি বৃদ্ধিৰ হাৰে সংবাদ শিৰোনাম দখল কৰিবলৈকো সক্ষম হৈছে। দোপত-দোপে উন্নতি কৰিছে দেশৰ এই দুই উদ্যোগপতিয়ে। কিন্তু দেশৰ আটাইতকৈ ধনী লোকজনৰ তুলনাত তেওঁলোকৰ সম্পত্তিও বহু কম যেনেই লাগিব। দেশৰ ধন্যঢ্য লোকৰ তালিকাত সততে স্থান লাভ কৰি অহা টাটা, বিৰলা, আম্বানী, আদানীক চেৰাই গৈ এগৰাকী অপৰিচিত ব্যক্তি আটাইতকৈ ধনী বুলি বিবেচিত হোৱাটোৱে সকলোকে চমকৃত কৰি তুলিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, বহুলোকে তেওঁলোকৰ জীৱনত কেতিয়াও দেশৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীৰ নাম হয়তো শুনাই নাই। উল্লেখ্য যে, অবিভক্ত ভাৰত এসময়ত সম্পদেৰে পৰিপূৰ্ণ আছিল। দেশৰ বিভিন্ন প্ৰান্তত স্বাধীন ৰজাসকলে তেওঁলোকৰ নিজৰ শাসন চলাইছিল। কিছুমান ৰজাৰ ৰাজ্যত আনকি ইংৰাজসকলেও প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। স্বাধীনতাৰ সময়লৈকে সেই ৰাজ্যসমূহ স্বাধীন আছিল। ইয়াৰ পৰাই জানিব পাৰি যে, সেই ৰজাসকলৰ প্ৰাচুৰ্য আৰু প্ৰতিপত্তি কিমান বেছি আছিল। কিয়নো তেওঁলোকে এখন ৰাজ্য অকলে চলাইছিল। তেওঁলোকৰ প্ৰভাৱ আৰু প্ৰতিপত্তি আজিও অনতিক্ৰম্য বুলি বিবেচিত হৈ ৰৈছে আৰু তেওঁলোক আজিও সমীহৰ পাত্ৰ হৈ ৰৈছে। পিছে এইসকলক ভিতৰতে, কোনে সম্পদৰ দিশৰ পৰা টাটা আৰু বিৰলাক কোনে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে জানেনে? তেওঁ হৈছে মীৰ ওচমান আলী খান। তেওঁ হায়দৰাবাদৰ নিজাম আছিল। তেওঁ ১৯১১ চনৰ পৰা ১৯৪৮ লৈ ৩৭ বছৰ তেওঁ ৰাজত্ব কৰিছিল। এই মীৰ ওচমান আলী খানৰ বিষয়ে কিছুকথা জানি লওঁ আহক। মীৰ ওচমান আলী খান হায়দৰাবাদৰ অন্তিম নিজাম আছিল। ৰাজ্যখন ১৯৪৮ চনত ভাৰত চৰকাৰপ অধীনলৈ আহিছিল। তেওঁ ১৯১১ চনৰ পৰা নিজামৰ পদত বহি প্ৰায় চাৰি দশক শাসন কৰিছিল। শেহতীয়া এক প্ৰতিবেদন অনুসৰি, মীৰ ওচমান আলীৰ সম্পত্তি আজিৰ হিচাপত প্ৰায় ১৭.৪৭ লাখ কোটি টকা বা ১,৭৪,৭৯,৫৫,১৫,০০,০০০ কোটি, ডলাৰৰ হিচাপত এই অৰ্থৰ পৰিমাণ হৈছে ২৩০ বিলিয়ন ডলাৰ। এই সম্পত্তিৰ পৰিমাণ প্ৰকৃততে আজিৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণৰ কাষ চপা। সকলোৰে অজ্ঞাতে ৰৈ যোৱা এগৰাকী প্ৰাক্তন নিজামৰ এই বিশাল সম্পত্তিৰ হিচাপ স্বাভাৱিকতেই আশ্বৰ্য আৰু চমৎকাৰিত্বৰ বিষয় হৈ পৰিছে। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান