--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আম্বানী-আদানী নহয়, দেশৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী কোন বুলি সুধিলে যিটো নাম পোহৰলৈ আহিব সেয়া বহুতৰে বাবে আশ্বৰ্যকৰ বিবেচিত হ’ব পাৰে। সাধাৰণতে আদানী-আম্বানীকেই দেশৰ আটাইতকৈ ধনাঢ্য ব্যক্তি বুলি বিবেচনা কৰা হৈ আহিছে। বিগত সময়ছোৱাত তেওঁলোকৰ সম্পত্তি বৃদ্ধিৰ হাৰে সংবাদ শিৰোনাম দখল কৰিবলৈকো সক্ষম হৈছে। দোপত-দোপে উন্নতি কৰিছে দেশৰ এই দুই উদ্যোগপতিয়ে। কিন্তু দেশৰ আটাইতকৈ ধনী লোকজনৰ তুলনাত তেওঁলোকৰ সম্পত্তিও বহু কম যেনেই লাগিব। দেশৰ ধন্যঢ্য লোকৰ তালিকাত সততে স্থান লাভ কৰি অহা টাটা, বিৰলা, আম্বানী, আদানীক চেৰাই গৈ এগৰাকী অপৰিচিত ব্যক্তি আটাইতকৈ ধনী বুলি বিবেচিত হোৱাটোৱে সকলোকে চমকৃত কৰি তুলিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, বহুলোকে তেওঁলোকৰ জীৱনত কেতিয়াও দেশৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীৰ নাম হয়তো শুনাই নাই। উল্লেখ্য যে, অবিভক্ত ভাৰত এসময়ত সম্পদেৰে পৰিপূৰ্ণ আছিল। দেশৰ বিভিন্ন প্ৰান্তত স্বাধীন ৰজাসকলে তেওঁলোকৰ নিজৰ শাসন চলাইছিল। কিছুমান ৰজাৰ ৰাজ্যত আনকি ইংৰাজসকলেও প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। স্বাধীনতাৰ সময়লৈকে সেই ৰাজ্যসমূহ স্বাধীন আছিল। ইয়াৰ পৰাই জানিব পাৰি যে, সেই ৰজাসকলৰ প্ৰাচুৰ্য আৰু প্ৰতিপত্তি কিমান বেছি আছিল। কিয়নো তেওঁলোকে এখন ৰাজ্য অকলে চলাইছিল। তেওঁলোকৰ প্ৰভাৱ আৰু প্ৰতিপত্তি আজিও অনতিক্ৰম্য বুলি বিবেচিত হৈ ৰৈছে আৰু তেওঁলোক আজিও সমীহৰ পাত্ৰ হৈ ৰৈছে। পিছে এইসকলক ভিতৰতে, কোনে সম্পদৰ দিশৰ পৰা টাটা আৰু বিৰলাক কোনে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে জানেনে? তেওঁ হৈছে মীৰ ওচমান আলী খান। তেওঁ হায়দৰাবাদৰ নিজাম আছিল। তেওঁ ১৯১১ চনৰ পৰা ১৯৪৮ লৈ ৩৭ বছৰ তেওঁ ৰাজত্ব কৰিছিল। এই মীৰ ওচমান আলী খানৰ বিষয়ে কিছুকথা জানি লওঁ আহক। মীৰ ওচমান আলী খান হায়দৰাবাদৰ অন্তিম নিজাম আছিল। ৰাজ্যখন ১৯৪৮ চনত ভাৰত চৰকাৰপ অধীনলৈ আহিছিল। তেওঁ ১৯১১ চনৰ পৰা নিজামৰ পদত বহি প্ৰায় চাৰি দশক শাসন কৰিছিল। শেহতীয়া এক প্ৰতিবেদন অনুসৰি, মীৰ ওচমান আলীৰ সম্পত্তি আজিৰ হিচাপত প্ৰায় ১৭.৪৭ লাখ কোটি টকা বা ১,৭৪,৭৯,৫৫,১৫,০০,০০০ কোটি, ডলাৰৰ হিচাপত এই অৰ্থৰ পৰিমাণ হৈছে ২৩০ বিলিয়ন ডলাৰ। এই সম্পত্তিৰ পৰিমাণ প্ৰকৃততে আজিৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণৰ কাষ চপা। সকলোৰে অজ্ঞাতে ৰৈ যোৱা এগৰাকী প্ৰাক্তন নিজামৰ এই বিশাল সম্পত্তিৰ হিচাপ স্বাভাৱিকতেই আশ্বৰ্য আৰু চমৎকাৰিত্বৰ বিষয় হৈ পৰিছে। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন