--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি লজ্জাজনক ঘটনা। যিটো ঘটনাই এতিয়া সমগ্ৰ দেশৰ ছাত্ৰসমাজকে লাজত পেলাইছে বুলি ক’লেও ভুল কোৱা নহ’ব। বৰ্তমান যুগৰ শিক্ষাৰ্থীক মানৱ সম্পদ বুলি ধৰা হয় যদিও এনে একাংশ ছাত্ৰ-ছাত্ৰী আমাৰ সমাজত আছে যাৰ কৰ্ম-কাণ্ডই আপোনাক চিন্তিত কৰি তোলে। এটা ভাইৰেল হোৱা ভিডিঅ’ক লৈ এতিয়া দেশজুৰি চৰ্চা হৈছে। তামিলনাডুৰ চেঙ্গালপট্টু জিলাত চলন্ত স্কুল বাছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সুৰা পান কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ছ’চিয়েল মিডিয়াত আপলোড কৰা এই ভিডিঅ’টো এজন শিক্ষাৰ্থীয়ে ৰেকৰ্ড কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পাছতে দেশজুৰি ভিডিঅ’টোক লৈ চৰ্চা হয়। ভিডিঅ’টোত ছোৱালী আৰু ল’ৰাৰ এটা গোটক বীয়েৰৰ বটল এটা খুলি হায় উল্লাসেৰে সেৱন কৰা দেখা গৈছে। এই শিক্ষাৰ্থীসকল তামিলনাডু চেঙ্গালপট্টুৰ এখন চৰকাৰী বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে। শিক্ষাৰ্থীসকলে, তেওঁলোকৰ বিদ্যালয়ৰ পোছাক পিন্ধি, থিৰুকাঝুকুণ্ড্ৰামৰ পৰা থাচুৰলৈ বাছখনত গৈ আছিল। জিলা শিক্ষা বিষয়া গৰাকীয়ে কয় যে এই নিকৃষ্ট ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান চলাই আছে। অনুসন্ধান সম্পূৰ্ণ হোৱাৰ পাছত, উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা শিক্ষা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।   ভিডিঅ'টো চাবলৈ তলৰ লিংকটোত ক্লিক কৰক- https://www.indiatoday.in/india/story/tamil-nadu-school-students-drinking-alcohol-bus-viral-video-1928960-2022-03-24?jwsource=cl New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন