--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি লজ্জাজনক ঘটনা। যিটো ঘটনাই এতিয়া সমগ্ৰ দেশৰ ছাত্ৰসমাজকে লাজত পেলাইছে বুলি ক’লেও ভুল কোৱা নহ’ব। বৰ্তমান যুগৰ শিক্ষাৰ্থীক মানৱ সম্পদ বুলি ধৰা হয় যদিও এনে একাংশ ছাত্ৰ-ছাত্ৰী আমাৰ সমাজত আছে যাৰ কৰ্ম-কাণ্ডই আপোনাক চিন্তিত কৰি তোলে। এটা ভাইৰেল হোৱা ভিডিঅ’ক লৈ এতিয়া দেশজুৰি চৰ্চা হৈছে। তামিলনাডুৰ চেঙ্গালপট্টু জিলাত চলন্ত স্কুল বাছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সুৰা পান কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ছ’চিয়েল মিডিয়াত আপলোড কৰা এই ভিডিঅ’টো এজন শিক্ষাৰ্থীয়ে ৰেকৰ্ড কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পাছতে দেশজুৰি ভিডিঅ’টোক লৈ চৰ্চা হয়। ভিডিঅ’টোত ছোৱালী আৰু ল’ৰাৰ এটা গোটক বীয়েৰৰ বটল এটা খুলি হায় উল্লাসেৰে সেৱন কৰা দেখা গৈছে। এই শিক্ষাৰ্থীসকল তামিলনাডু চেঙ্গালপট্টুৰ এখন চৰকাৰী বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে। শিক্ষাৰ্থীসকলে, তেওঁলোকৰ বিদ্যালয়ৰ পোছাক পিন্ধি, থিৰুকাঝুকুণ্ড্ৰামৰ পৰা থাচুৰলৈ বাছখনত গৈ আছিল। জিলা শিক্ষা বিষয়া গৰাকীয়ে কয় যে এই নিকৃষ্ট ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান চলাই আছে। অনুসন্ধান সম্পূৰ্ণ হোৱাৰ পাছত, উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা শিক্ষা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।   ভিডিঅ'টো চাবলৈ তলৰ লিংকটোত ক্লিক কৰক- https://www.indiatoday.in/india/story/tamil-nadu-school-students-drinking-alcohol-bus-viral-video-1928960-2022-03-24?jwsource=cl New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান