--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰ্দিক পাণ্ডিয়া আৰু নাটাছা ষ্টেনকভিচে চাৰি বছৰীয়া বিবাহৰ অন্ত পেলায়। যৌথভাৱে পোষ্ট কৰি বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ঘোষণা কৰে। সেই পোষ্টটোত নাটাছাই লিখিছিল, তেওঁলোকৰ বাবে এই সিদ্ধান্ত লোৱাটো সহজ নাছিল। হাৰ্দিক আৰু নাটাছাৰ বিবাহ বিচ্ছেদৰ বিষয়ে বহু দিন ধৰি জল্পনা-কল্পনা চলি আছিল। 

এই জল্পনা-কল্পনাৰ মাজতে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত নাচি থকা দেখা গ’ল হাৰ্দিকক। আম্বানীৰ বিয়াত নতুন সংগী বিচাৰি পালে নেকি হাৰ্দিকে?

ব্ৰেকআপৰ পিছত অনন্ত-ৰাধিকাৰ বিয়াত উপস্থিত হাৰ্ডিক। প্ৰায় প্ৰতিটো গীতত হৃদয়েৰে নাচি থকা দেখা গৈছিল হাৰ্দিকক। নাচৰ মাজতে তেওঁ ড্ৰিংক এটেণ্ডেণ্টক সুধিলে, ‘টেকিলা আনক’। গোটেই বিয়াখনতে হাৰ্দিকক থিয় হৈ থকা দেখা পোৱা নগ’ল। প্ৰতিটো মুহূৰ্ততে তেওঁ গীতৰ ছন্দৰ লগত যোগ দিলে। আৰু অভিনেত্ৰী অনন্যা পাণ্ডেক প্ৰায় সকলো সময়তে তেওঁৰ কাষত দেখা গৈছিল। হালধীয়া লেহেংগা পিন্ধি হাৰ্দিকৰ লগত প্ৰায় প্ৰতিটো গানত নৃত্যও কৰিছিল।

কিছুদিন আগতে অনন্যাৰো হৃদয় ভাঙি গ’ল। একেৰাহে দুবছৰ ধৰি আদিত্য ৰয় কাপুৰৰ লগত থকা প্ৰেমৰ সম্পৰ্ক ভাঙি গৈছে। আম্বানীৰ বিয়াত অনন্যাক নাচি থকা দেখি নেটিজেনসকলে মন্তব্য কৰে যে, "বিচ্ছেদৰ যন্ত্ৰণা পাহৰিবলৈ অনন্যাই নাচিয়েই আছে।" নেটিজেনসকলেও দাবী কৰে যে হাৰ্দিক আৰু অনন্যা একে পথতে আছে। দুয়োজনেই বিচ্ছেদৰ বেদনাৰ মাজেৰে পাৰ হৈ গৈছে। গতিকে ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল! আৰু সেইবাবেই তেওঁলোকে ইজনে সিজনক নৃত্যৰ অংশীদাৰ হিচাপে বাছি লৈছিল? 

বাস্তৱত হাৰ্দিক আৰু অনন্যাৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিলেও নেটিজেনে ভাবিছে যে সেয়া বেয়া নহয়। তেওঁলোকৰ মতে ইজনে সিজনৰ ভগ্ন হৃদয় সংযোগ কৰিব পাৰে। শীঘ্ৰেই হাৰ্দিক-অনন্যাক একেলগে দেখাৰ বাবেও অপেক্ষা কৰি আছে নেটিজেনসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ